ভাৰতীয় ৱেব ধাৰাবাহিকৰ অভিনেত্ৰী
৫ প্ৰবন্ধ
-
মাহী গিল
ৰিম্পি কৌৰ "মাহী" গিল (ਮਾਹੀ ਗਿੱਲ) (জন্ম: ১৯ ডিচেম্বৰ ১৯৭৫), হিন্দী আৰু পঞ্জাবী চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। অনুৰাগ কাশ্যপৰ দ্বাৰা পৰিচালিত,হিন্দী ছবি দেৱ. ডি ত পাৰোৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ অধিক পৰিচিত।
-
শোভিতা ধূলিপালা
শোভিতা ধূলিপালা (Sobhita Dhulipala; জন্ম: ৩১ মে' ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ হিন্দী, মালয়ালম আৰু তেলেগু ছবিত কাম কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৩ প্ৰতিযোগিতাত ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১৩ৰ খিতাপ জয় কৰে আৰু মিছ আৰ্থ ২০১৩ত ভাৰতক প্ৰতিনিধিত্ব কৰে।
-
নীতি টেইলৰ
নীতি টেইলৰ (Niti Taylor; জন্ম: ৮ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী দূৰদৰ্শন অনুষ্ঠানসমূহত অভিনয় কৰে। এমটিভি ইণ্ডিয়াৰ ধাৰাবাহিক কেইছি য়েহ ইয়াৰিয়াঁত নন্দিনী মূৰ্তি, গুলামত শিৱানী মাথুৰ আৰু ইশ্বকবাজত মন্নত কৌৰ খুৰানাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।
-
বাহবিজ দোৰাবজী
বাহবিজ দোৰাবজী (ইংৰাজী: Vahbbiz Dorabjee) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল।
-
প্ৰিয়ংকা বৰা
প্ৰিয়ংকা বৰা (জন্ম: ১৯৯৪) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল। তেওঁ ৰিয়েলিটি শ্ব', এমটিভি স্প্লিটছভিলাৰ ছিজন ৮ত অভিনয়েৰে ভাৰতীয় দূৰদৰ্শনত আত্মপ্ৰকাশ কৰিছিল। তেওঁ সিদ্ধি বিনায়কত প্ৰাচী আৰু ৰাগিণী এমএমএছ: ৰিটাৰ্ণছত আৰতিৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।