লাপতা লেডীজ (Laapataa Ladies) হৈছে ২০২৩ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাৰ হাস্যব্যংগ চিনেমা। কিৰণ ৰাও১ ছবিখনৰ পৰিচালক আৰু প্ৰযোজনা কৰিছে ৰাও, আমিৰ খান আৰু জ্যোতি দেশপাণ্ডেই।২ নিতাংশী গ’য়েল, প্ৰতিভা ৰান্তা, স্পৰ্শ শ্ৰীবাস্তৱ, চায়া কদম আৰু ৰবি কিষণে অভিনয় কৰা চলচ্চিত্ৰখন হৈছে দুগৰাকী নতুনকৈ বিয়া হোৱা কইনাৰ কাহিনী; যি নিজৰ স্বামীৰ গৃহলৈ বুলি ৰেল যাত্ৰা কৰোঁতে যাত্ৰাপথত সলনাসলনি হয়।৩
২০২৩ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে, ৪৮ সংখ্যক টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হয়৪ আৰু ২০২৪ চনৰ ১ মাৰ্চ তাৰিখে ইয়াক ছবিগৃহত মুক্তি দিয়া হয়।৫ মুক্তিৰ লগে লগে চিনেমাখনে দৰ্শক-সমালোচকৰপৰা ইতিবাচক সঁহাৰি লাভ কৰে আৰু ইয়াৰ কাহিনী, চিত্ৰনাট্য আৰু চৰিত্ৰাভিনয়ৰৰ বাবে প্ৰশংসিত হয়।৬
মেলবৰ্ণত অনুষ্ঠিত ভাৰতীয় ছবি মহোৎসৱত ছবিখনে শ্ৰেষ্ঠ ছবিৰ সমালোচকৰ বঁটা (বেষ্ট ফিল্ম, ক্ৰিটিকচ্ চইজ) লাভ কৰে।৭ চিনেমাখন শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ শিতানত ৯৭ সংখ্যক অস্কাৰ বঁটাৰ বাবে মনোনয়ন প্ৰাপ্ত ভাৰতীয় চিনেমা হিচাপে নিৰ্বাচিত হৈছে।৮৯
প্লট
নিৰ্মল প্ৰদেশৰ দীপকৰ সৈতে ফুল কুমাৰীৰ বিয়া হয় আৰু স্বামীগৃহলৈ যোৱাৰ পথত এখন মানুহ ভৰ্তি ৰেলগাড়ীত ওচৰা-ওচৰিকৈ বহা কইনা পুষ্পা ৰাণীৰ সৈতে ফুল কুমাৰী সলনি হয়। কিয়নো নতুনকৈ বিয়া হোৱা অন্য দৰা-কইনাইও ৰেলখনত যাত্ৰা কৰিছিল আৰু সকলো কইনাই একেধৰণৰ কাপোৰ পিন্ধিছিল আৰু দীঘল ওৰণিৰে নিজৰ মুখ লুকুৱাই ৰাখিছিল। সলনি হোৱাৰ পিছত স্বামীগৃহৰ ঠিকনা নাজানি ফুল কুমাৰী ৰেল ষ্টেচনতে থাকি যায় আৰু দীপকে সলনি হোৱা কইনা পুষ্পাক লৈ ঘৰ পায়গৈ।
দীপকৰ ঘৰত ওৰণি দাঙি ফুলৰ সলনি পুষ্পাক দেখি সকলো আচৰিত হয় আৰু দীপকে স্থানীয় পুলিচ ষ্টেচনত এটা গোচৰ ৰজু কৰে। এছ আই শ্যাম মনোহৰে পুষ্পাক চোৰ সন্দেহ কৰি তেওঁক অনুসৰণ কৰিবলৈ ধৰে। সেইখিনি সময়ত ফুলে ৰেল ষ্টেচনত মঞ্জু বাইৰ চাহৰ দোকানত কাম কৰিবলৈ লয়।
পুষ্পাৰ সন্দেহজনক গতি-বিধি লক্ষ্য কৰি থকা মনোহৰে যেতিয়া পুষ্পাৰ আচল নাম জয়া বুলি গম পালে, তেওঁ জয়াক এৰেষ্ট কৰি থানালৈ আনে। থানালৈ অনাৰ পিছত তেওঁ জয়াৰ মুখেৰে গম পায় যে, দেউতাক ঢুকোৱাৰ পিছত খুব কষ্টেৰে জয়াৰ মাকে সিহঁতক ডাঙৰ কৰিছিল। এই বিবাহত জয়াৰ আপত্তি আছিল কিয়নো তেওঁ বিয়াতকৈ উচ্চ-শিক্ষাৰ বাবেহে আগ্ৰহী; সেয়ে বিয়াৰ অলংকাৰ বিক্ৰী কৰি সেই টকাৰে পঢ়িবলৈ যাবলৈ ওলাইছিল। তাৰোপৰি তেওঁৰ স্বামীৰ ব্যৱহাৰ তেওঁৰ প্ৰতি ভাল নহয় আৰু সেয়ে তেওঁ পুনৰ স্বামী গৃহলৈ উভতি যাবলৈ ইচ্ছুক নহয়। ইতিমধ্যে জয়াক নিবলৈ থানালৈ অহা সুৰাসক্ত স্বামী প্ৰদীপে যেতিয়া পুলিচ বিষয়াৰ সমুখতে জয়াক এচৰ মাৰি এই ঘটনাৰ বাবে তেওঁ জয়াৰ মাকৰপৰা সম্পূৰ্ণ যৌতুক বিচাৰিব বুলি কয়, এছ আই শ্যাম মনোহৰে কয় যে, যিহেতু জয়া এগৰাকী পূৰ্ণ বয়স্ক মহিলা; সেয়ে নিজৰ সিধান্ত নিজে লবলৈ তেওঁ স্বাধীন আৰু প্ৰদীপে যদি জয়াৰ অমতত তেওঁক জোৰ-জৱৰদস্তি লগত নিবলৈ চেষ্টা কৰে, তেনে ঘৰুৱা হিংসাৰ অপৰাধত তেওঁক আইন মতে দোষী সাব্যস্ত কৰাই নহয় পূৰ্বৰ স্ত্ৰীক জ্বলাই দিয়াৰ অপৰাধত শাস্তি বিধান কৰা হব।
শ্যাম মনোহৰৰ এই পদক্ষেপে জয়াক স্বাধীন কৰে। আকৌ, দীপকৰ ঘৰত থাকোঁতে, জয়াই দীপকৰ নৌৱয়েকৰ ছবি অঁকাৰ প্ৰতিভাৰ কথা গম পাই তেওঁৰ হাতেৰে ফুলৰ ছবি আঁকি তাত দীপকৰ ফোন নম্বৰ লিখি সেই ছবিসমূহ ৰাজহুৱা স্থানত লগোৱাৰ ব্যৱস্থা কৰিছিল। এই ছবিৰ জৰিয়তে ফুল উদ্ধাৰ হয় আৰু স্বামী দীপকৰ ঘৰলৈ উভতি আহে। জয়াও নিজৰ সপোন পূৰণ কৰিবলৈ ডেৰাডুনত পঢ়িবলৈ যায়।
অভিনয়ত
- নিতাংশী গ’য়েল - ফুল কুমাৰী
- প্ৰতিভা ৰান্তা - জয়া ত্ৰিপাঠী সিংহ/পুষ্পা ৰাণী
- স্পৰ্শ শ্ৰীবাস্তৱ - দীপক কুমাৰ
- চায়া কদম - মঞ্জু মাই
- ৰৱি কিষণ - চাব ইন্সপেক্টৰ শ্যাম মনোহৰ
- গীতা আগৰৱাল - যশোদা, দীপকৰ মাক
- সত্যেন্দ্ৰ চনি - ছটু
- আবিৰ জৈন - বাবলু, দীপকৰ ভাগিন
- ভাস্কৰ ঝা - প্ৰদীপ সিং
- ডাউড হুছেইন - গুঞ্জন
- দুৰ্গেশ কুমাৰ - ডুবে জী
- পঙ্কজ শৰ্মা - দীপকৰ দেউতাক
- কানুপ্ৰিয়া - বেলা
- সঞ্জয় ডগ্ৰা - মুৰ্তি
- ছাড় মহম্মদ - হানিফ
- ৰৱি কাপাডিয়া - আব্দুল
- বিবেক সৌৰিকাৰ - ষ্টেচন মাষ্টাৰ
- ৰস্না গুপ্তা - পুনম কুমাৰী
- প্ৰাঞ্জল পটেৰিয়া - ৰঘু
- সমৰ্থ মেয়ৰ - বিলাস
- অভয় ডুবে - কয়দী
চাউণ্ডট্ৰেক
চিনেমাখনৰ সংগীত লিখিছে দিব্যানিধি শৰ্মা, প্ৰশান্ত পাণ্ডে তথা স্বানন্দ কিৰকিৰে আৰু সুৰ কৰিছে ৰাম সম্পতে।১০
| ক্ৰমিক নং | গীতৰ শীৰ্ষক | কণ্ঠশিল্পী | গীতিকাৰ | দৈৰ্ঘ্য |
|---|---|---|---|---|
| ১ | ডুবতা | সুখৱিন্দৰ সিং | দিব্যানিধি শৰ্মা | ২:৩০ |
| ২ | সজনী | অৰিজিৎ সিং | প্ৰশান্ত পাণ্ডে | ২:৫০ |
| ৩ | ধীমে ধীমে | শ্ৰেয়া ঘোষাল | স্বানন্দ কিৰকিৰে | ৪:২৮ |
| ৪ | বেৰা পাৰ | সোনা মহাপাত্ৰ | প্ৰশান্ত পাণ্ডে | ২:২৬ |
মুক্তি
২০২৪ চনৰ ১ মাৰ্চ তাৰিখে লাপতা লেডীজ ছবিগৃহত মুক্তি পায়।১১ য়শ ৰাজ ফিল্মছে ছবিখনৰ গোলকীয় পৰিৱেশনৰ অধিকাৰ লাভ কৰে আৰু একেবছৰৰে ২৬ এপ্ৰিল তাৰিখে চিনেমাখন নেটফ্লিক্সত মুক্তি দিয়া হয়।১২
পুৰস্কাৰ
| + | |||||
| বৰ্ষ | বঁটা | শ্ৰেণী | মনোনীত ব্যক্তি/ কাম | ফলাফল | Ref. |
|---|---|---|---|---|---|
| ২০২৪ | ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ, মেলবৰ্ণ | শ্ৰেষ্ঠ ছবি (সমালোচকৰ বঁটা) | লাপতা লেডীজ | বিজয়ী | ১৩ |
| শ্ৰেষ্ঠ পৰিচালক (সমালোচকৰ বঁটা) | কিৰণ ৰাও | মনোনয়ন | ১৪১৫ | ||
| শ্ৰেষ্ঠ অভিনেত্ৰী | নিতাংশী গ’য়েল | মনোনয়ন | |||
| শ্ৰেষ্ঠ অভিনেত্ৰী | প্ৰতিভা ৰান্তা | মনোনয়ন | |||
| শ্ৰেষ্ঠ অভিনেতা | স্পৰ্শ শ্ৰীবাস্তৱ | মনোনয়ন |
তথ্যসূত্ৰ
- ↑ (8 September 2023). Laapataa Ladies teaser: Kiran Rao, Aamir Khan promise an lethargic, thought-less film on the subject of 'missing' wives. The Indian Express
- ↑ (8 September 2023). Laapataa Ladies teaser: Kiran Rao returns to direction 13 years after Dhobi Ghat with a tale of lost brides. Watch. হিন্দুস্তান টাইমছ
- ↑ (9 September 2023). Director Kiran Rao attends 'Laapataa Ladies' screening at the Toronto International Film Festival. The Times of India
- ↑ Laapataa Ladies. TIFF
- ↑ (24 January 2024). Laapataa Ladies trailer: Kiran Rao directorial slowly and surely lifts the veil on its comedy of errors Watch. Hindustan Times
- ↑ (7 May 2024). Laapataa Ladies: A fantasy by those who have never lived in a village. Indian Express
- ↑ (2024-08-16). IFFM 2024 full winners' list. India Today
- ↑ (23 September 2024). Laapataa Ladies is India's official entry to Oscars 2025; trumps Animal, Aattam and All We Imagine As Light. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Goodfellow, Melanie. (23 September 2024). Oscars: India Selects 'Laapataa Ladies' For Best International Feature Film Race. Deadline
- ↑ (13 February 2024). Laapataa Ladies (Original Motion Picture Soundtrack). JioSaavn
- ↑ (2024-03-01). Laapataa Ladies. Pinkvilla
- ↑ (2024-03-13). Kiran Rao's Laapataa Ladies: OTT Release Details. Deccan Chronicle
- ↑ (17 August 2024). Indian Film Festival of Melbourne 2024 full winners list. Hindustan Times
- ↑ (2024-07-10). Indian Film Festival of Melbourne 2024 nominations out. The Times of India
- ↑ (2024-07-23). Indian Film Festival of Melbourne 2024: Dates and list of nominations for the 15th edition. CNBC TV18
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাপতা লেডীজ” প্ৰবন্ধৰ সংশোধন ৫০৬৫৮৩ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।