অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কিৰণ ৰাও

কিৰণ ৰাও (Kiran Rao; জন্ম: ৭ নৱেম্বৰ ১৯৭৩) হিন্দী চলচ্চিত্ৰৰ এগৰাকী প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু পৰিচালক। ৰাও ২০১৬ চনত মহাৰাষ্ট্ৰৰ খৰাং প্ৰতিৰোধ অভিযানৰ বাবে কাম কৰিবলৈ গঠন কৰা পানী ফাউণ্ডেশ্যন নামৰ অলাভজনক সংস্থাটোৰ সহ-প্ৰতিষ্ঠাপক আছিল। তেওঁ মুম্বাই একাডেমী অফ দ্য মুভিং ইমেজৰ ব'ৰ্ড সদস্য।

হালনাগাদ: ১৭ জুলাই ২০২৬ ৩২০ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কিৰণ ৰাও (Kiran Rao; জন্ম: ৭ নৱেম্বৰ ১৯৭৩) হিন্দী চলচ্চিত্ৰৰ এগৰাকী প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু পৰিচালক। ৰাও ২০১৬ চনত মহাৰাষ্ট্ৰৰ খৰাং প্ৰতিৰোধ অভিযানৰ বাবে কাম কৰিবলৈ গঠন কৰা পানী ফাউণ্ডেশ্যন নামৰ অলাভজনক সংস্থাটোৰ সহ-প্ৰতিষ্ঠাপক আছিল।

তেওঁ মুম্বাই একাডেমী অফ দ্য মুভিং ইমেজৰ ব'ৰ্ড সদস্য।

প্ৰাৰম্ভিক জীৱন

১৯৭৩ চনৰ ৭ নৱেম্বৰত বেংগালুৰুত জন্মগ্ৰহণ কৰা কিৰণ ৰাও কলিকতাত ডাঙৰ-দীঘল হয়।১ ১৯৯২ চনত তেওঁৰ মাক-দেউতাকে কলিকতা এৰি যোৱাৰ সিদ্ধান্ত লয়; সেয়েহে অজয় গোৱালৰ সৈতে তেওঁ মুম্বাইলৈ গুচি যায়।২ ১৯৯৫ চনত ছফিয়া কলেজ ফৰ উইমেনৰ পৰা খাদ্য বিজ্ঞানত মেজৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ দুমাহৰ বাবে ছফিয়া পলিটেকনিকত ছ’চিয়েল কমিউনিকেচন মিডিয়া পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিছিল যদিও তাৰ পিছত পঢ়া এৰি দিল্লীলৈ ৰাওনা হয়। তেওঁ নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ এ.জে.কে. মাচ কমিউনিকেচন ৰিচাৰ্ছ চেণ্টাৰৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩

তেওঁ অভিনেত্ৰী অদিতি ৰাও হাইদৰী ৰাওৰ সম্পৰ্কীয় ভনীয়েক। ৰাওৰ পিতৃপক্ষীয় আৰু হায়দৰীৰ মাতৃপক্ষীয় ককাক জে ৰামেশ্বৰ ৰাও হায়দৰাবাদৰ নিজামৰ অধীনত থকা বৃহৎ ইষ্টেট ৱানাপাৰ্থীৰ ৰজা আছিল। ৱানাপাৰ্থী বৰ্তমান তেলেংগানাৰ এখন জিলা।৪

কৰ্মজীৱন

আশুতোষ গোৱাৰিকাৰৰ পৰিচালনাত নিৰ্মিত মহাকাব্যিক ছবি লগানৰ সহকাৰী পৰিচালক হিচাপে ৰাৱে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। গোৱাৰিকাৰৰ আন এখন ছবি স্বদেশ: উই, দ্য পিপল ছবিখনৰো তেওঁ সহকাৰী আছিল। বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত লগান ৭৪তম একাডেমী বঁটাৰ বাবে মনোনীত হৈছিল। আমিৰ খানে ছবিখন প্ৰযোজনা কৰাৰ উপৰি অভিনয়ো কৰিছিল। লগানৰ পূৰ্বে তেওঁ দিল চাহতা হ্যায়ত সহযোগী অভিনেত্ৰীৰ সৰু চৰিত্ৰ এটাত অভিনয় কৰিছিল।৫ তেওঁ একাডেমী বঁটাৰ বাবে মনোনীত মীৰা নায়াৰ পৰিচালিত সৈতে ইণ্ডি-হিট মনছুন ৱেডিঙত দ্বিতীয় সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল।

২০১১ চনৰ জানুৱাৰী মাহত আমিৰ খান প্ৰডাকচনৰ ধোবী ঘাট ছবিৰ চিত্ৰনাট্য আৰু পৰিচালনা আছিল কিৰণ ৰাওৰ।৬ তেওঁৰ পৰৱৰ্তী ছবিখন লিখিবলৈ আৰম্ভ কৰিছে, যাৰ মূল কলকাতা।

২০১৫ চনত কিৰণ ৰাওক মুম্বাই চলচ্চিত্ৰ মহোৎসৱৰ (MAMI) অধ্যক্ষ নিযুক্তি দিয়া হয়।৭ ইয়াৰ উপৰি তেওঁ সত্যমেৱ জয়তে ৱাটাৰ কাপৰ মাৰাঠী গীত ‘টুফান আলয়া’টোতো কণ্ঠ দিছিল।৮

ব্যক্তিগত জীৱন

২০০২ চনত আমিৰ খানে প্ৰথম পত্নী ৰীনা দত্তক বিবাহ বিচ্ছেদ কৰাৰ পিছত ২০০৫ চনৰ ডিচেম্বৰ মাহত তেওঁ খানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। খানে তেওঁক লগানৰ চেটত লগ পাইছিল। তেওঁ আছিল ছবিখনৰ অন্যতম সহকাৰী পৰিচালক। দম্পত্তিহালে মুম্বাইৰ উপকণ্ঠ অঞ্চল বান্দ্ৰাত বাস কৰিছিল।৯ ২০১১ চনৰ ডিচেম্বৰ মাহত তেওঁলোকৰ চেৰ'গেট মাতৃৰ জৰিয়তে পুত্ৰ আজাদ ৰাও খানৰ জন্ম হয়। চেৰ'গেট মাতৃগৰাকীয়েই আবুল কালাম আজাদৰ নামেৰে সন্তানটোৰ নামকৰণ কৰিছিল।১০

তথ্যসূত্ৰ

  1. ↑ Mumbai Academy of Moving Image - Trustees Site. www.mumbaifilmfestival.com
  2. ↑ Gupta, Pratim D. (2010-12-06). The Telegraph - Calcutta (Kolkata) · Entertainment · She’s the one!
  3. ↑ (22 January 2011). Dear Mr. Subhash Ghai, my name is Kiran Rao. Tehelka Magazine
  4. ↑ Kiran, Aditi Rao's first cousin, has Telangana link. Deccan Chronicle
  5. ↑ The little known Bollywood debut of Kiran Rao in Dil Chahta Hai. Pinkvilla
  6. ↑ Aamir is a dream producer: Kiran Rao. The Times of India
  7. ↑ (2015-06-30). Hope to make space for indie film distribution at MAMI: Kiran Rao. The Indian Express
  8. ↑ Paani Foundation. (3 January 2017). Toofan Aala - Satyamev Jayate Water Cup Anthem (तुफान आलंया - सत्यमेव जयते वॉटर कप गीत)
  9. ↑ Grand reception for Aamir Khan-Kiran Rao wedding
  10. ↑ Baby boy for Aamir Khan, Kiran Rao

সম্পৰ্কিত শ্ৰেণী

হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালকচলচ্চিত্ৰ প্ৰযোজকচিত্ৰনাট্য লেখকনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰণ ৰাও” প্ৰবন্ধৰ সংশোধন ৬১৭৯১৯ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।