অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ললিতা ৱকিল

ললিতা ৱকিল এগৰাকী ভাৰতীয় এম্ব্ৰয়ডাৰী শিল্পী, হিমাচল প্ৰদেশৰ চম্বা জিলাৰ বিশেষ ৰুমাল এম্ব্ৰয়ডাৰীৰ পৰম্পৰাগত ৰূপ চম্বা ৰুমাল সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পৰিচিত। কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ৱকিলক ২০২২ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৫ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ললিতা ৱকিল এগৰাকী ভাৰতীয় এম্ব্ৰয়ডাৰী শিল্পী, হিমাচল প্ৰদেশৰ চম্বা জিলাৰ বিশেষ ৰুমাল এম্ব্ৰয়ডাৰীৰ পৰম্পৰাগত ৰূপ চম্বা ৰুমাল সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পৰিচিত।

কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ৱকিলক ২০২২ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। ১ ২ ২০১৮ চনত নাৰী শক্তি পুৰস্কাৰেৰেও তেওঁক সম্বৰ্ধনা জনোৱা হয় ৩

জীৱন

পোন্ধৰ বছৰ বয়সত ৱকিল বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁৰ শহুৰেকে চম্বা ৰুমালৰ বাবে ডিজাইন তৈয়াৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰতিভাক চিনি পাই স্থানীয় ছোৱালী আৰু মহিলাক এই কলাৰ প্ৰশিক্ষণ দিবলৈ উৎসাহিত কৰিছিল। ৪

কেৰিয়াৰ

যোৱা পঞ্চাশ বছৰে ৱকিলে চম্বা ৰুমালৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে কাম কৰি আহিছে ৷ ৫ তেওঁ ভাৰতৰ লগতে বিদেশ ভ্ৰমণ কৰি নিজৰ কৰ্মৰাজি প্ৰদৰ্শন কৰাৰ লগতে এই পৰম্পৰাগত এম্ব্ৰয়ডাৰীৰ কৰ্মশালা অনুষ্ঠিত কৰিছে। ৩

ৱকিলে সঘনাই চম্বা ৰুমালৰ ডিজাইনৰ সল্ম্পৰ্কত পৰীক্ষা-নিৰীক্ষা কৰি আহিছে। ৰুমালৰ ডাঙৰ ডাঙৰ টুকুৰা সৃষ্টি কৰিবলৈ এম্ব্ৰয়ডাৰীত ৰেচম প্ৰৱৰ্তন কৰা প্ৰথমগৰাকী মহিলা। ৬ ইয়াৰোপৰি তেওঁ শাৰী, চাদৰ, ডুপাট্টা, আৰু ষ্ট'লৰ বাবে ডিজাইনৰ প্ৰস্তুত কৰাৰ লগতে লগতে মাল্টি-পেনেল চেটৰ ডিজাইনো প্ৰস্তুত কৰিছে। ৭

প্ৰদান কৰিছে।]]

বঁটা আৰু স্বীকৃতি

তথ্যসূত্ৰ

  1. ↑ Padma Awardees 2022. Padma Awards
  2. ↑ चंबा रुमाल को पहचान दिलाने वाली को पद्मश्री:ललिता वकील को 3 बार मिल चुका राष्ट्रपति अवार्ड, कलाकार होने के साथ-साथ जरूरतमंदों की मददगार भी हैं. Dainik Bhaskar
  3. ↑ Nari Shakti Puraskar 2018. মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়
  4. ↑ Sharma, Ashwani. (2022-01-26). Padma Shri Recipient Lalita Vakil Devoted Her Life To 'Chamba Rumal'. Outlook India
  5. ↑ (26 January 2022). Chamba artist Lalita Vakil honoured with Padma Shri. The Tribune
  6. ↑ Sharma, Ashwani. (2022-01-26). Padma Shri Recipient Lalita Vakil Devoted Her Life To 'Chamba Rumal'. Outlook India
  7. ↑ (2022-02-03). How Lalita Vakil's championing of the dying art of Chamba Rumal earned her the Padma Shri. News9 Live
  8. ↑ Shilp Guru Awards (Handicrafts) Year 2009. President Awards

সম্পৰ্কিত শ্ৰেণী

নাৰী শক্তি পুৰস্কাৰ বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ললিতা ৱকিল” প্ৰবন্ধৰ সংশোধন ৪৭৪০৯৫ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।