১৯৭১ বৰ্ষৰ চলচ্চিত্ৰ
৭ প্ৰবন্ধ
-
অৰণ্য (চলচ্চিত্ৰ)
অৰণ্য (Aranya) ১৯৭১ চনত মুক্তি পোৱা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু প্ৰযোজক আছিল মঙ্গলদৈৰ ইউনাইটেড প্ৰডাকচন।সঙ্গীত সুধীন দাশগুপ্তৰ। চোৰাং চিকাৰ আৰু অৰণ্য ধ্বংসযজ্ঞক বিষয়বস্ত হিচাপে লৈ ছবিৰ কাহিনী ৰচনা কৰা হৈছিল।
-
মানৱ আৰু দানৱ
মানৱ আৰু দানৱ (Manav Aru Danav) ১৯৭১ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ইন্দুকল্প হাজৰিকা। সংলাপ ৰচনা কৰিছিল নাট্যকাৰ প্ৰফুল্ল বৰাই। নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল কাশীপ্ৰসাদ বিহানীয়ে।
-
যোগ-বিয়োগ
যোগ-বিয়োগ (Jog Biyog) ১৯৭১ চনত মুক্তি পোৱা এখন সঙ্গীত-মধুৰ অসমীয়া চলচ্চিত্ৰ। পৰিচালনা দ্বিবন বৰুৱাৰ। বৰুৱাই ছবিৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। প্ৰযোজনা কৰিছিল সুপ্ৰভা দেৱীয়ে। সঙ্গীত ৰমেন বৰুৱাৰ। শব্দগ্ৰহণ অনিল দাসগুপ্তৰ।
-
পৰায়া ধন (১৯৭১ চলচ্চিত্ৰ)
পৰায়া ধন (पराया धन; Estranged Wealth) হৈছে ৰাজেন্দ্ৰ ভাটিয়াৰ দ্বাৰা পৰিচালিত ১৯৭১ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ, য'ত অভিনয় কৰিছে- বলৰাজ চাহনী, হেমা মালিনী, ৰাকেশ ৰোশন আৰু অজিৎ খানে।
-
আন্নাই ভেলাংকন্নী
আন্নাই ভেলাংকন্নী (Ali Baba 40 Dongalu; অনুবাদ. মাতৃ ভেলাংকন্নী) ১৯৭১ চনৰ কে থাংগাপ্পানৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় তামিল ভাষাৰ এখন ছবি। ছবিখনত অভিনয় কৰিছে মিথুন গণেশন, জয়ললিতা, পদ্মিনী আৰু কে আৰ বিজয়াই। কমল হাছানে কম সময়ৰ বাবে যীচু খ্ৰীষ্টৰ চৰিত্ৰত অভিনয় কৰিছে যদিও তেওঁৰ নামোল্লেখ কৰা হোৱা নাই।
-
কতি পতঙ্গ
কতি পতঙ্গ (Kati Patang) হ'ল শক্তি সামন্তৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত ১৯৭১ চনৰ ভাৰতীয় হিন্দী ভাষাৰ বোলছবি। ছবিখনত আশা পাৰেখে এগৰাকী বিধৱাৰ চৰিত্ৰত অভিনয় কৰিছে আৰু ৰাজেশ খান্নাই তেওঁৰ প্ৰতিৱেশীজনৰ ৰূপত অভিনয় কৰিছে।
-
মাল্যদান
মাল্যদান (Malyadan) ১৯৭১ চনত মুক্তি পোৱা ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা চুটিগল্পৰ আধাৰত নিৰ্মিত আৰু অজয় কৰ পৰিচালিত এখন ভাৰতীয় বঙালী ছবি আৰু ইয়াত সৌমিত্ৰ চেটাৰ্জী, সাবিত্ৰী চেটাৰ্জী আৰু নন্দিনী মালিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ঠাকুৰৰ গল্পত নিৰ্দোষী প্ৰেমৰ এক কৰুণ কাহিনী বৰ্ণিত হৈছে।