অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

য়'হান ৱল্ফগাং ফন গ্যটে

য়’হান ৱল্ফগাং ফন গ্যটে (Johann Wolfgang von Goethe,; ২৮ আগষ্ট ১৭৪৯ – ২২ মাৰ্চ ১৮৩২) আছিল এজন জাৰ্মান কবি, ঔপন্যাসিক, নাট্যকাৰ, বিজ্ঞানী আৰু চিন্তাবিদ। তেওঁ ইউৰোপৰ সাহিত্য, দৰ্শন, আৰু বিজ্ঞানৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ২৩৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

য়’হান ৱল্ফগাং ফন গ্যটে (Johann Wolfgang von Goethe,; ২৮ আগষ্ট ১৭৪৯ – ২২ মাৰ্চ ১৮৩২) আছিল এজন জাৰ্মান কবি, ঔপন্যাসিক, নাট্যকাৰ, বিজ্ঞানী আৰু চিন্তাবিদ। তেওঁ ইউৰোপৰ সাহিত্য, দৰ্শন, আৰু বিজ্ঞানৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল।১

সাহিত্যকৃতি

গ্যোটে জাৰ্মান সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ ব্যক্তিত্ব। তেওঁৰ অনন্য কীৰ্তিসমূহৰ ভিতৰত ফাউষ্ট নাটকখন বিশেষ প্ৰসিদ্ধ। এইখন নাটক ইউৰোপীয় সাহিত্যৰ এক শিৰোমণি হিচাপে গণ্য কৰা হয়।২

তেওঁৰ প্ৰথম জনপ্ৰিয় ৰচনা আছিল দ্য ছ'ৰোচ অফ ইয়ং ৱেৰ্থাৰ (The Sorrows of Young Werther), যি ইউৰোপত এক সম্পূৰ্ণ সাহিত্যিক আন্দোলন সৃষ্টি কৰিছিল আৰু ৰোমাণ্টিক যুগৰ আৰম্ভণিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।৩

দৰ্শন আৰু বিজ্ঞান

গ্যোটে দৰ্শন, বিশেষকৈ ৰঙৰ তত্ত্ব (Theory of Colours) লৈ আগ্ৰহী আছিল। তেওঁ আইজাক নিউটনৰ ৰঙৰ তত্ত্বৰ ওপৰত সমালোচনা কৰিছিল আৰু নিজৰ পৰ্যবেক্ষণমূলক পদ্ধতি আগবঢ়াইছিল।৪

ৰাজনৈতিক আৰু ৰাজদৰবাৰিক জীৱন

গ্যোটে ৱেইমাৰৰ ৰাজদৰবাৰত উপদেষ্টা হিচাপে কৰ্মৰত আছিল আৰু ৰাজনৈতিক ব্যৱস্থাপনাৰ লগতে নাট্যকলাৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

মৃত্যু আৰু ঐতিহ্য

১৮৩২ চনৰ ২২ মাৰ্চত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ পিছতো তেওঁৰ সাহিত্য আৰু চিন্তাধাৰাই বিশ্বজুৰি সাহিত্যিক, দাৰ্শনিক আৰু দৃষ্টিবিজ্ঞানিক আলোচনাত প্ৰভাৱ বিস্তাৰ কৰি আছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ "Johann Wolfgang von Goethe". Encyclopædia Britannica. www.britannica.com/biography/Johann-Wolfgang-von
  2. ↑ Goethe, Johann Wolfgang von. Faust. Translated by Walter Kaufmann. Anchor Books, 1962
  3. ↑ Goethe, J.W. The Sorrows of Young Werther. Penguin Classics
  4. ↑ Goethe, J.W. Theory of Colours. MIT Press

সম্পৰ্কিত শ্ৰেণী

কবিনাট্যকাৰঔপন্যাসিকদাৰ্শনিকসাহিত্যিকবিজ্ঞানীজাৰ্মানীৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়'হান ৱল্ফগাং ফন গ্যটে” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৭৬ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।