জাৰ্মানী
৯ প্ৰবন্ধ
-
জাৰ্মানী
জাৰ্মানী পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় ৫০০ বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক, সামৰিক আৰু ৰাজনৈতিক দিশৰপৰা জাৰ্মানী পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ বুলি পৰিগণিত হৈ আহিছে। ১৭ আৰু ১৮ শতিকাত জাৰ্মানীৰ সীমা উত্তৰ আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বিভিন্ন ঠাইলৈ বিস্তৃত হৈ পৰিছিল।
-
বাৰ্লিন
বাৰ্লিন হৈছে জাৰ্মানীৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই জাৰ্মানীৰ এটি বিশেষ ৰাজ্য আৰু ইউৰোপৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজনৈতিক, সাংস্কৃতিক আৰু আৰ্থিক কেন্দ্ৰ। বাৰ্লিন ১২৫১ চনত প্ৰতিষ্ঠিত হৈছিল আৰু আজিলৈকে উন্নতি কৰি বিশ্বৰ শীৰ্ষ মহানগৰসমূহৰ ভিতৰত পৰিণত হৈছে।
-
চিণ্ডেৰেলা
চিণ্ডেৰেলা (জাৰ্মান: Aschenputtel) হ’ল ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত এখন পশ্চিম জাৰ্মান পৰিয়ালকেন্দ্ৰিক চলচ্চিত্ৰ। ফ্ৰিটজ জেনচোৰ দ্বাৰা পৰিচালিত এই ছবিখনত ৰীতা-মাৰিয়া নৱোটনি, ৰেনী ষ্টোব্ৰাৱা আৰু ৱাৰ্নাৰ ষ্টকে অভিনয় কৰিছে। এইখন চাৰ্লছ পেৰল্ট আৰু ব্ৰাদাৰ্ছ গ্ৰিমৰ একে নামৰ সাধুকথাৰ ওপৰত আধাৰিত।
-
এলনাজ নৌৰুজি
এলনাজ নৌৰুজি ( Elnaaz Norouzi); জন্ম: ৯ জুলাই ১৯৯২) এগৰাকী ইৰানীমূলীয় জাৰ্মান অভিনেত্ৰী।
-
গুস্তাভ মাহলাৰ
গুস্তাভ মাহলাৰ (জাৰ্মান: [ˈɡʊstaf ˈmaːlɐ]; ৭ জুলাই ১৮৬০ – ১৮ মে' ১৯১১) আছিল এজন অষ্ট্ৰিয়া-বোহেমিয়ান ৰোমাণ্টিক সুৰকাৰ আৰু তেওঁৰ প্ৰজন্মৰ অন্যতম আগশাৰীৰ সংগীত পৰিচালক।
-
জাৰ্মান ফেশ্বন ইনষ্টিটিউট
জাৰ্মান ফেশ্বন ইনষ্টিটিউট (The German Fashion Institute / Deutsches Modeamt) ১৯৩৩ চনৰ ৭ জুনত নাজী চৰকাৰে দেশৰ সাজ-পোছাক আৰু ফেশ্বন উদ্যোগক কেন্দ্ৰীয়ভাৱে পৰিচালনা আৰু আদৰ্শগত নিৰ্দেশনা দিবলৈ প্ৰতিষ্ঠা কৰিছিল।
-
নাজী নিৰ্যাতন শিবিৰ
নাজী নিৰ্যাতন শিবিৰ (Nazi concentration camps) জাৰ্মানীৰ নাজীসকলৰ দ্বাৰা নিৰ্মাণ কৰা এক ধৰণৰ শিবিৰক বুজায় য'ত, লোকসকলক আটক বা আৱদ্ধ কৰি ৰখা হৈছিল। এই শিবিৰত সাধাৰণতে সাংবিধানিক গণতন্ত্ৰত গ্ৰহণযোগ্য গ্ৰেপ্তাৰ আৰু কাৰাদণ্ডৰ আইনী নীতি-নিয়মৰ প্ৰতি লক্ষ্য নৰখাকৈ কঠোৰ পৰিস্থিতিত মানুহক আটক কৰি ৰখা…
-
ফ্ৰেংকফুট গ্ৰন্থমেলা
ফ্ৰংকফুট গ্ৰন্থমেলা হ'ল বৃহৎ সংখ্যক প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰি অনুষ্ঠিত কৰা গ্ৰন্থমেলা। এই গ্ৰন্থমেলা হৈছে বিশ্বৰ সৰ্ববৃহৎ গ্ৰন্থমেলা। অক্টোবৰৰ মাজভাগত পাঁচ দিনীয়া বাৰ্ষিক অনুষ্ঠানটো জাৰ্মানীৰ ফ্ৰেংকফৰ্ট আম মেইনৰ ফ্ৰেংকফৰ্ট বাণিজ্য মেলাৰ খেলপথাৰত অনুষ্ঠিত হয়।
-
ৰোজা লাক্সেমবাৰ্গ
ৰোজা লাক্সেমবাৰ্গ (ইংৰাজী: Rosa Luxemburg; জন্ম: ৫ মাৰ্চ ১৮৭১ – মৃত্যু: ১৫ জানুৱাৰী ১৯১৯) এজনী প’লিশ-জাৰ্মান মাৰ্ক্সবাদী দাৰ্শনিক, অৰ্থনীতিবিদ, ৰাজনীতিক, আৰু বিপ্লৱী আছিল। তেওঁ ২০শ শতিকাৰ আৰম্ভণিৰ জাৰ্মান আৰু ইউৰোপীয় সমাজবাদী আন্দোলনত এক মুখ্য চৰিত্ৰ আছিল।