হিন্দু সন্ত
১৫ প্ৰবন্ধ
-
স্বামী বিবেকানন্দ
স্বামী বিবেকানন্দ এগৰাকী ভাৰতীয় হিন্দু সন্ন্যাসী, দাৰ্শনিক, লেখক, ধৰ্মগুৰু আছিল। তেওঁৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰনাথ দত্ত। তেওঁ ঊনবিংশ শতাব্দীৰ প্ৰসিদ্ধ হিন্দু ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য আৰু ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক আছিল।
-
চৈতন্য মহাপ্ৰভু
চৈতন্য মহাপ্ৰভু (মহাপ্ৰভু শ্ৰীচৈতন্য দেব; चैतन्य महाप्रभु), জন্ম বিশ্বম্ভৰ মিশ্ৰ () (১৮ ফেব্ৰুৱাৰী ১৪৮৬ – ১৪ জুন ১৫৩৪), এগৰাকী ভাৰতীয় হিন্দু সন্ত আছিল। তেওঁ গৌড়ীয় বৈষ্ণৱবাদৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ বংগৰ নদিয়া জিলাৰ অন্তৰ্গত নবদ্বীপৰ বাসিন্দা আছিল।
-
কবীৰ
কবীৰ (১৩৯৮–১৫১৮) এগৰাকী কবি, সন্ত, উত্তৰ ভাৰতৰ এগৰাকী ধৰ্মগুৰু। কবীৰৰ লিখনিয়ে হিন্দু ধৰ্মৰ ভক্তি আন্দোলনত প্ৰভাৱিত কৰিছিল আৰু তেওঁৰ পদ বা দোহাসমূহ শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ চাহিব সন্ত গৰিব দাসৰ সতগুৰু গ্ৰন্থ চাহাব, আৰু ধৰ্মদাসৰ কবীৰসাগৰত পোৱা যায়।
-
অসিত ঋষি
অসিত ঋষি (Sanskrit: ऋषि असित)ক এগৰাকী বৈদিক ঋষি আৰু শণ্ডিল্য গোত্ৰৰ এজনা পণ্ডিত। তেওঁক সাধাৰণভাৱে অসিৎ বুলি কোৱা হয়।
-
নীম কৰোলী বাবা
নীম কৰোলী বাবা (Neem Karoli Baba) বা নীব কাৰোৰী বাবা (জন্ম: লক্ষ্মণ নাৰায়ণ শৰ্মা; ১৯০০ – ১১ ছেপ্টেম্বৰ ১৯৭৩) হিচাপেও পৰিচিত৷ তেখেতৰ অনুগামীসকলে তেখেতক মহাৰাজ-জী বুলি মাতিছিল৷ তেখেত হনুমানৰ ভক্ত আছিল।
-
পুৰুষোত্তম ঠাকুৰ
পুৰুষোত্তম ঠাকুৰ (ইংৰাজী Purushottam Thakur) শংকৰদেৱৰ পুত্ৰ ৰমানন্দৰ সন্তান আছিল। অনিৰুদ্ধ দাসৰ 'গুৰু-বৰ্ণনা'মতে সাতত্ৰিশ বছৰ বয়সত পুৰুষোত্তম ঠাকুৰ জনিয়ালৈ যায় আৰু তাতে থাকি বাৰজন মহন্ত পাতে। জনিয়াত ছবছৰমান থকাৰ পিছত কোচবিহাৰৰ ভেলাডোৱাৰত সত্ৰঘৰ কৰি থাকেগৈ।
-
যদুমণিদেৱ
যদুমণিদেৱ (Jadumonidev)) হৈছে গোপাল আতাৰ এজন প্ৰধান শিষ্য। তেওঁ বৰপেটালৈ যাওঁতে নাৰায়ন দাস ঠাকুৰ আতাই মাধৱদেৱৰ ওচৰলৈ লৈ যায়, পিছত তেওঁ শ্ৰীৰামদেৱৰ লগত গৈ ভাৱনীপুৰীয়া গোপাল আতাৰ ওচৰত শৰণ লয়। যদুমণিদেৱৰ চৌৰান্নব্বৈটি ঘোষা পোৱা যায়। তেখেতে ‘জন্ম-যাত্ৰা’, ‘অজামিল’ আৰু ‘কোটোৰা-যাত্ৰা’ ভাওনা কৰাইছিল।
-
অদ্বৈত আচাৰ্য
অদ্বৈত আচাৰ্য (; ১৪৩৪–১৫৫৯ ) (জন্ম কমলাক্ষ মিশ্ৰ) গৌড়ীয় বৈষ্ণৱ আন্দোলনৰ প্ৰতিষ্ঠাপক, চৈতন্য মহাপ্ৰভুৰ সংগী আৰু হৰিদাস ঠাকুৰৰ গুৰু আছিল। চৈতন্যৰ জন্মৰ প্ৰায় পঞ্চাশ বছৰ আগতে, ১৪৩৪ চনত লাউড়ৰ নবগ্ৰাম গাঁৱত (বৰ্তমানৰ বাংলাদেশৰ সুনামগঞ্জ জিলাত), জন্মগ্ৰহণ কৰিছিল।
-
গদাধৰ পণ্ডিত
গদাধৰ পণ্ডিত (Gadadhar Pandita;; गदाधर पंडित) শ্ৰীমতী ৰাধাৰাণীৰ এক অৱতাৰ আছিল। তেওঁ পণ্ডিত গোস্বামী নামেৰেও পৰিচিত। তেওঁ গৌড়ীয় বৈষ্ণৱবাদৰ প্ৰতিষ্ঠাপক চৈতন্য মহাপ্ৰভুৰ ঘনিষ্ঠ শৈশৱৰ বন্ধু আছিল।
-
ধনৰাজ গিৰি
ধনৰাজ গিৰি (১৮১১–১৯০১) ১৮৮০ চনত ঋষিকেশৰ মুনি কি ৰেটিত স্থাপন কৰা আশ্ৰম কৈলাশ আশ্ৰমৰ মঠৰ পুৰোহিত। ঋষিকেশত স্থাপন হোৱা প্ৰথম বৃহৎ আশ্ৰমসমূহৰ ভিতৰত ই অন্যতম, ইয়াৰ পূৰ্বে ই বেছিভাগেই ব্যক্তিগত সাধক বা তীৰ্থযাত্ৰীসকলৰ বাবে চাৰ ধাম মন্দিৰৰ তীৰ্থযাত্ৰালৈ যোৱাৰ পথত ৰৈ যোৱাৰ স্থান হিচাপে আছিল।
-
নিশ্চলানন্দ সৰস্বতী
নিশ্চলানন্দ সৰস্বতী (Nishchalananda Saraswati) হʼল এগৰাকী ভাৰতীয় আধ্যাত্মিক নেতা আৰু অদ্বৈত বেদান্ত পৰম্পৰাৰ পণ্ডিত। তেওঁ ভাৰতৰ ওড়িশাৰ পুৰীৰ ঋগবেদিয়া (বৈদিক) পূৰ্বমনয় শ্ৰী গোবৰ্ধন পীঠৰ ১৪৫তম জগদগুৰু শংকৰাচাৰ্য।
-
লোকনাথ ব্ৰহ্মচাৰী
লোকনাথ ব্ৰহ্মচাৰী (জন্ম: ৩১ আগষ্ট ১৭৩০ - মৃত্যু: ১ জুন ১৮৯০
-
শিৱপুৰী বাবা
শিৱপুৰী বাবা আছিল হিন্দু সাধু। তেওঁৰ জন্ম নাম জয়ন্তন নম্বুদিৰিপাদ আৰু স্বামী গোবিন্দনন্দ ভাৰতী নামেৰেও জনাজাত। ১৯৬৩ চনৰ ২৮ জানুৱাৰী (২০১৯, ১৫ মাঘ, সোমবাৰ, তৃতীয় তিথি)ত নেপালৰ পশুপতিনাথ মন্দিৰৰ সমীপৰ ধ্ৰুৱস্থলীত তেওঁৰ মৃত্যু হয়।
-
স্বামী প্ৰণৱানন্দ
স্বামী প্ৰণৱানন্দ (স্বামী প্ৰণবানন্দ; स्वामी प्रणवानन्द; ), (২৪ ফেব্ৰুৱাৰী ১৮৯৬ – ৮ জানুৱাৰী ১৯৪১) এগৰাকী হিন্দু যোগী আৰু সন্ত, যাক যুগাচাৰ্য্য শ্ৰীমৎ স্বামী প্ৰণৱানন্দ জী মহাৰাজ বুলিও জনা যায়। তেওঁ ভাৰত সেৱাশ্ৰম সংঘ নামেৰে জনাজাত এটি অলাভজনক আধ্যাত্মিক সংগঠনৰ প্ৰতিষ্ঠা কৰিছিল।
-
ৰূপা ভৱানী
মাতা ৰূপা ভৱানী (ইংৰাজী: Mata Rupa Bhawani; জন্ম: ১৬২১ – ১৭২১; জন্ম নাম: অলখেশ্বৰী) এগৰাকী কাশ্মীৰী কবি আছিল। ভৱানী সোতৰ শতিকাৰ এগৰাকী হিন্দু সন্ত আছিল যিয়ে বৰ্তমানৰ কাশ্মীৰ উপত্যকাত বাস কৰিছিল।