নৱবৈষ্ণৱ ধৰ্ম
৩৩ প্ৰবন্ধ
-
শংকৰদেৱ
শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮) মধ্যযুগীয় অসমৰ এক প্রধান ধৰ্মপ্ৰচাৰক আৰু বহুমুখী স্ৰষ্টা, যাঁৰ নেতৃত্বত নৱবৈষ্ণৱ তথা একশৰণ নাম ধৰ্মে সমাজ-জীৱনত গভীৰ ৰূপান্তৰ আনে। সাহিত্য, সংগীত, নাট-অভিনয়, নৃত্য আৰু সামাজিক সংগঠনৰ সমাহাৰে তেওঁ অসমীয়া সংস্কৃতিৰ এক ঐক্যসূত্ৰ গঢ়ি তোলে।
-
মাধৱদেৱ
মাধৱদেৱ (১৪৮৯–১৫৯৬) মহাপুৰুষীয়া এক শৰণ নাম ধৰ্মৰ অন্যতম কেন্দ্ৰীয় ব্যক্তিত্ব আৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য তথা উত্তৰাধিকাৰী হিচাপে স্বীকৃত। সাহিত্য, সংগীত-নাট্য, আৰু সত্ৰ-সংগঠনৰ জৰিয়তে তেওঁ অসমীয়া ধৰ্ম-সংস্কৃতিৰ দীঘলীয়া ধাৰাক সুদৃঢ় ৰূপ দিছে।
-
একশৰণ নাম ধৰ্ম
একশৰণ নাম ধৰ্ম অসমত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন-প্ৰচাৰ কৰা নৱ-বৈষ্ণৱ ধৰ্মধাৰা। ইয়াৰ কেন্দ্ৰীয় ধাৰণা ‘এক দেৱ, এক সেৱ’ আৰু নাম-ভক্তিক উপায় হিচাপে ধৰি সমাজত সমমৰ্যাদা-ভিত্তিক ধৰ্মীয় অনুশীলন বিস্তাৰ কৰাৰ চেষ্টা দেখা যায়।
-
বৰগীত
বৰগীত হৈছে অসমৰ নৱ-বৈষ্ণৱ ধৰ্মীয় পৰম্পৰাত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত, নিৰ্দিষ্ট ৰাগ-আধাৰিত এক স্বকীয় ভক্তিগীত-ধাৰা। ব্ৰজ-ভক্তিৰ আধ্যাত্মিক ভাব, ব্ৰজাৱলী ভাষাৰ বিশেষ ভাষাশৈলী আৰু সত্ৰীয় আচাৰৰ ভিতৰত সীমাবদ্ধ পবিত্ৰ ব্যৱহাৰে বৰগীতক অসমৰ সংগীত-ঐতিহ্যত অনন্য স্থান দিছে।
-
সত্ৰ
সত্ৰ হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে স্থাপন কৰা ধৰ্মীয়-সামাজিক প্রতিষ্ঠান। সময়ৰ সৈতে সত্ৰসমূহ মহাপুৰুষীয়া সংস্কৃতিৰ অনুশীলন, পুথি-পাজি সংৰক্ষণ আৰু সাহিত্য-সংগীত-নৃত্য-নাট আদিৰ চৰ্চাৰ কেন্দ্ৰ ৰূপে পৰিগণিত হয়।
-
নামঘৰ
নামঘৰ হৈছে অসমীয়াসকলৰ নাম-কীৰ্তনভিত্তিক উপাসনা-গৃহ, য’ত সমবেতভাৱে হৰি-উপাসনা আৰু ধৰ্মচৰ্চা কৰা হয়। শ্ৰীমন্ত শংকৰদেৱে নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে নামঘৰৰ ধাৰণা প্ৰতিষ্ঠা কৰি ইয়াক সমাজ-জীৱনৰ এক কেন্দ্ৰীয় অনুষ্ঠান ৰূপে গঢ়ি তোলে।
-
ভাওনা
ভাওনা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ নাট্য-সৃষ্টি অংকীয়া নাটৰ মঞ্চ-অভিনয় ৰূপ। ই মূলত ধৰ্মীয় শিক্ষা আৰু লোকশিক্ষাৰ এক ফলপ্ৰদ মাধ্যম হিচাপে সত্ৰ বা নামঘৰত পবিত্ৰ অনুষ্ঠানৰূপে অনুষ্ঠিত হয়।
-
অংকীয়া নাট
অংকীয়া নাট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ ৰচিত বৈষ্ণৱ ভাবধাৰামূলক একাংকিক নাট-সাহিত্য, যাৰ আধাৰ প্ৰধানকৈ পৌৰাণিক আখ্যান। এই নাটসমূহৰ লিখিত পাঠক “অংকীয়া নাট” আৰু সেই পাঠৰ মঞ্চায়ন-পৰম্পৰাক “অংকীয়া ভাওনা” বা ভাওনা বুলি পৃথককৈ বুজোৱা হয়।
-
মণিকূট
অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এটি উল্লেখযোগ্য সম্পদ হ’ল মণিকূট। অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে নামঘৰৰ সংলগ্নকৈ মণিকূটটো সজা দেখা যায়। নামঘৰ অথবা কীৰ্তনঘৰটো পূবা-পশ্চিমাকৈ থাকে। নামঘৰটো পূৰ্ব প্ৰকোষ্ঠত লগ লগাই মণিকূটটো উত্তৰা-দক্ষিণাকৈ সজা হয়।
-
অনিৰুদ্ধদেৱ
মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ (১৫৫৩-১৬২৩) এগৰাকী শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু শ্ৰীশ্ৰী গোপালদেৱৰ পৰৱৰ্তীকালৰ ধৰ্মপ্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক আছিল।
-
গায়ন-বায়ন
গায়ন-বায়ন ( Gayan-bayan) অসমৰ বৈষ্ণৱ সত্ৰীয়া পৰম্পৰাৰ এক প্ৰধান অংগ। গায়ন-বায়ন পৰিবেশন যুটিত গীত গাঁৱতা জনক ’গায়ন’ আৰু বাদ্য বজোৱা জনক ’বায়ন’ বোলা হয়।
-
গুৰু আসন
সিংহাসন বা গুৰু আসন নামঘৰৰ এক অবিচ্ছেদ্য অংগ। কীৰ্তনঘৰৰ পূৰ্বদিশৰ মণিকূটত সিংহাসন পশ্চিমমুৱাকৈ থাকে। ইষ্টদেৱতাই সদায় সিংহাসনত স্থান লয় বুলি বিশ্বাস কৰা হয়। গুৰুজনাৰ ভাষাত “হেন মন্দিৰে ৰত্নসিংহাসনে।
-
বাৰেচহৰীয়া ভাওনা মহোৎসৱ
বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। 'বাৰে' মানে অনেক আৰু 'চহৰীয়া' মানে ৰাইজ। গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুষ্ঠিত হৈ আহিছে।
-
গোপীৰাম বৰগায়ন বুঢ়াভকত
ওজা গোপীৰাম বৰগায়ন বুঢ়াভকত (Oja Gopiram Barbayan Burhabhakat, জন্ম: ১ জানুৱাৰী ১৯২৫) মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ গুণী, সাধক, প্ৰচাৰক, অধ্যাপক, বৰগায়ন, বৰ ওজা, নামলগোৱা, চৰিত্ৰ তোলা নামঞ্জনীয়া বুঢ়াভকত।
-
চন্দৰী আই
চন্দৰী আই ( Chandari Aai) শংকৰদেৱৰ পৰিয়ালৰ এগৰাকী পৰিচাৰিকা বা দাসী আছিল৷ কোনো কোনোৰ মতে, চন্দৰী আই শংকৰদেৱৰ ধাই মাক আছিল৷ পৰিচাৰিকা যদিও তেওঁ সমাজত প্ৰচলিত শাস্ত্ৰজ্ঞানেৰে জ্ঞানী আছিল৷ সেই বাবেই শংকৰদেৱৰ সৃষ্টিতো খুঁত উলিয়াই তাক শুধৰাবলৈ সক্ষম হৈছিল৷ শংকৰদেৱে তেওঁৰ প্ৰথম অংকীয়া নাট চিহ্ন-যাত্ৰা…
-
চৰিত তোলা
চৰিত তোলা ( Charit Tola) অসমৰ কোনো কোনো সত্ৰত প্ৰচলিত মহাপুৰুষীয়া নাম-ধৰ্মৰ এক আধ্যাত্মিক প্ৰথা৷ এই প্ৰথাত শংকৰদেৱ-মাধবদেৱ আৰু আন আন আতা-আতৈ-সন্ত-মহন্তসকলৰ জীৱনী কথাৰ মাজেৰে স্মৰণ কৰা হয়৷ “কোনো কোনো সম্প্ৰদায়ৰ মূল গুৰুৰ তিৰোধানৰ অন্তত সেই সম্প্ৰদায়ৰ নৱ-নিয়োজিত গুৰুৱে প্ৰাত্যহিক কৃত্য সম্পন্ন…
-
কৰভাৰ
কৰভাৰ( Karbhar) নামনি অসমৰ কিছুমান সত্ৰত প্ৰচলিত এক পৰম্পৰা৷ এই প্ৰথা আৰম্ভ কৰিছিল মাধবদেৱে৷ গুৰুসকলৰ তিৰোভাৱ তিথিত সত্ৰৰ ভকতসকলে বিভিন্ন বস্তু ভাৰ বৈ গায়ন-বায়নসহ আহি সত্ৰক শোধায়, এয়েই কৰভাৰ৷ গুৰু চৰিত কথাত আছে শংকৰদেৱৰ মৃত্যুৰ পিছত তেওঁৰ মাহেকীয়া শ্ৰাদ্ধ পাতিবলৈ অৰ্থৰ অভাৱ হোৱাত মাধবদেৱে…
-
পদ্মপ্ৰিয়া
পদ্মপ্ৰিয়া বা পদ্মাপ্ৰিয়া আই( Padmapriya Aai) মাধবদেৱৰ শিষ্য ভবাণীপুৰীয়া গোপাল আতাৰ কন্যা আৰু মধ্যযুগৰ অসমৰ এগৰাকী ধৰ্মানুৰাগী নাৰী। তেওঁৰ জন্ম অনুমাণিক ১৫৭৪-৭৫ চন। জন্মস্থান বৰপেটা জিলাৰ ভবাণীপুৰ সত্ৰত। মাকৰ নাম বৃন্দাৱতী। পদ্মাপ্ৰিয়াৰ দুজন ভাতৃৰ নাম ক্ৰমে দামোদৰ আৰু কমল’লোঁচন।
-
পুৰুষোত্তম ঠাকুৰ
পুৰুষোত্তম ঠাকুৰ (ইংৰাজী Purushottam Thakur) শংকৰদেৱৰ পুত্ৰ ৰমানন্দৰ সন্তান আছিল। অনিৰুদ্ধ দাসৰ 'গুৰু-বৰ্ণনা'মতে সাতত্ৰিশ বছৰ বয়সত পুৰুষোত্তম ঠাকুৰ জনিয়ালৈ যায় আৰু তাতে থাকি বাৰজন মহন্ত পাতে। জনিয়াত ছবছৰমান থকাৰ পিছত কোচবিহাৰৰ ভেলাডোৱাৰত সত্ৰঘৰ কৰি থাকেগৈ।
-
ভূৱনেশ্বৰী আই
ভূৱনেশ্বৰী আই বা কমলপ্ৰিয়া( Bhuwaneshari Aai) কোচ সেনাপতি চিলাৰায় বা শুক্লধ্বজৰ পত্নী আৰু শংকৰদেৱৰ ভতিজী আছিল৷ তেওঁৰ মুখত শংকৰদেৱ বিৰচিত বৰগীত শুনিয়েই চিলাৰায়ে শংকৰদেৱৰ ভক্ত হৈ পৰিছিল আৰু শংকৰদেৱক কোচ ৰাজদৰবাৰত গুৰুৰ সন্মান দেখুৱাইছিল৷ আনুমানিক ১৬শ শতিকাত জন্ম হোৱা ভূৱনেশ্বৰীৰ পিতৃৰ নাম আছিল,…
-
মাহ প্ৰসাদ
মাহ-প্ৰসাদ অসমৰ মহাপুৰুষীয়া নামধৰ্মৰ নামঘৰ আৰু আৰু আন কীৰ্তন-প্ৰসংগসমূহত ভগৱানক উদ্দেশ্যি নিবেদন কৰা নৈবেদ্য৷ প্ৰসাদ মানে অনুগ্ৰহ, কৃপা, প্ৰসন্নতা আদি৷ বিষ্ণু নিৱেদিত দ্ৰব্য বা গুৰুজনাৰ ভুক্তাৱশিষ্টকে প্ৰসাদ বোলে৷ ভগৱন্তৰ প্ৰীতিৰ উদ্দেশ্যে তেওঁৰ গ্ৰহণযোগ্য ফল-মূলাদি বা আঞ্চলিকভাৱে উৎপন্ন…
-
যদুমণিদেৱ
যদুমণিদেৱ (Jadumonidev)) হৈছে গোপাল আতাৰ এজন প্ৰধান শিষ্য। তেওঁ বৰপেটালৈ যাওঁতে নাৰায়ন দাস ঠাকুৰ আতাই মাধৱদেৱৰ ওচৰলৈ লৈ যায়, পিছত তেওঁ শ্ৰীৰামদেৱৰ লগত গৈ ভাৱনীপুৰীয়া গোপাল আতাৰ ওচৰত শৰণ লয়। যদুমণিদেৱৰ চৌৰান্নব্বৈটি ঘোষা পোৱা যায়। তেখেতে ‘জন্ম-যাত্ৰা’, ‘অজামিল’ আৰু ‘কোটোৰা-যাত্ৰা’ ভাওনা কৰাইছিল।
-
হেজাৰী ভাওনা
হেজাৰী ভাওনা বা কলিয়াবৰৰ হেজাৰী ভাওনা অসমৰ নগাঁও জিলাৰ কলিয়াবৰত অনুষ্ঠিত ভাওনা উৎসৱ। অসমৰ নাট ভাওনাৰ এক বিশেষ পৰিৱেশ্য আঞ্চলিক ৰূপ হিচাপে নগাঁৱৰ হেজাৰী ভাওনা বিখ্যাত।
-
কনকলতা আই
কনকলতা আই ( Kanaklata Aai) শংকৰদেৱৰ নাতি-বোৱাৰী৷ ১৫১৬ খৃ:ত শংকৰদেৱে কছাৰীসকলৰ উপদ্ৰৱত বৰদোৱা ত্যাগ কৰিছিল৷ তেতিয়াৰে পৰা প্ৰায় সাত কুৰিৰো অধিক কাল এই ঠাই অটব্য অৰণ্যত পৰিণত হৈছিল৷ পিছত আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত কনকলতা আইৰ প্ৰচেষ্টাত বৰদোৱা পুনৰুদ্ধাৰ কৰা হয়৷ কনকলতা আইৰ পিতৃৰ নাম আছিল কানু ভূঞা৷…
-
কমিটি ভাওনা
কমিটি ভাওনা অসমৰ মৰিগাঁও জিলাৰ চৰাইবাহীত প্ৰতি ৩ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। ১৮৫৮ চনৰ ডিচেম্বৰ মাহৰ পৰা এই ভাওনা মহোৎসৱ চৰাইবাহীত অনুষ্ঠিত হৈ আহিছে। প্ৰথম অৱস্থাত ই বছৰেকীয়া হিচাপত অনুষ্ঠিত হৈছিল যদিও পিছলৈ ১৮৮৫ চনৰ পৰা প্ৰতি তিনিবছৰৰ মূৰত ভাওনা অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয়।
-
বজ্ৰাংগী আই
বজ্ৰাংগী আই( Bajranggi Aai) অসমৰ শংকৰী যুগৰ এগৰাকী স্বাৱলম্বী নাৰী৷ তেওঁৰ স্বামীৰ নাম কামদেৱ বা কামেশ্বৰ৷ এওঁ মহাপুৰুষীয়া নাম-ধৰ্মৰ একনিষ্ঠ সেৱক ভবানীপুৰীয়া গোপাল আতাৰ মাতৃ আছিল৷ স্বামীৰ মৃত্যুৰ পিছত গৰ্ভস্থ সন্তানটোৰে সৈতে আয়ে নানা দুখ-কষ্টৰ মাজেৰে দিন নিয়াই সন্তান জন্ম দি অকলেই ডাঙৰ-দীঘল…
-
বাৰবাসী আই
বাৰবাসী আই ( Barabasi Aai) শংকৰদেৱৰ শিষ্য নাৰায়ণ দাস ঠাকুৰ আতাৰ পত্নী আছিল৷ তেওঁ নিজেও শংকৰদেৱত শৰণ লৈ আইসকলৰ মাজত ধৰ্ম প্ৰচাৰত আগভাগ লৈছিল৷ বাৰটি সজ গুণৰ অধিকাৰী আছিল বাবে তেওঁৰ নাম বাৰবাসী থোৱা হৈছিল৷ শংকৰদেৱত শৰণ লোৱাৰ আগতে ভবানন্দ এগৰাকী ব্যৱসায়ী আছিল৷ নানা ধৰণৰ ব্যৱসায় কৰি কৰি ডিঙ্গানগৰত…
-
ভদীয়া নাম
ভদীয়া নামক ভাদ মাহৰ নাম বুলিও কোৱা হয়। ভাদ মাহ অসমৰ বৈষ্ণৱ সমাজৰ বাবে অসমীয়া বাৰমাহৰ এটি পবিত্ৰ মাহ। এই ভাদ মাহতে ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ জন্মও এই ভাদমাহতে হৈছিল। সেইবাবে ভাদ মাহক অসমীয়া সমাজে এক পৱিত্ৰ মাহ হিচাপে গণ্য কৰি আহিছে।
-
শংকৰদেৱৰ ভাগৱত
শংকৰদেৱৰ ভাগৱত হৈছে শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ-ষষ্ঠদশ শতিকাত ৰচনা কৰা ভাগৱত পুৰাণৰ অসমীয়া অভিযোজন৷ যদিও ৰচনাখনৰ প্ৰধান অংশ শংকৰদেৱে ৰূপান্তৰিত কৰিছিল, তথাপিও সেই সময়ৰ আন কেইজনমান লেখকে বাকী অংশবোৰত অৰিহণা যোগাইছিল।
-
সত্যা
সত্যা ( Satya) মাধবদেৱৰ শিষ্য হৰিহৰ আতাৰ পত্নী৷ কম বয়সতে বিয়া হোৱা সত্যাই জীৱনত নানা দুখ-কষ্ট সহিবলগীয়া হৈছিল৷