অনূদিত গ্ৰন্থ
১৪ প্ৰবন্ধ
-
অগ্নিৰ ডেউকা
অগ্নিৰ ডেউকা: APJ. জে. আব্দুল কালামৰ আত্মকথা (১৯৯৯) হ'ল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড॰ এ. পি. জে. আব্দুল কালামৰ আত্মজীৱনী। অৰুণ তিৱাৰীৰ সহযোগত ৰচিত এই আত্মজীৱনীখন প্ৰথমে প্ৰকাশ পাই ১৯৯৯ চনত।
-
মহাকবি কালিদাসৰ ৰঘুৱংশম্
মহাকবি কালিদাসৰ ৰঘুৱংশম্ এখন অসমীয়ালৈ অনূদিত গ্ৰন্থ। মহাকবি কালিদাসৰ সংস্কৃত ভাষাত ৰচিত ৰঘুবংশম কাব্যখনৰ অসমীয়া ভাষালৈ সম্পূৰ্ণ অনুবাদ কৰি উলিয়াইছে কবি কৌস্তুভমণি শইকীয়া দত্তই।
-
অদম্য শক্তি
অদম্য শক্তি ২০১১ বৰ্ষৰ সন্মানীয় সাহিত্য অকাডেমি (অনুবাদ) বঁটা বিজয়ী গ্ৰন্থ। ২০০৬ চনত প্ৰকাশিত ড॰ এ পি জে আব্দুল কালামৰ "ইন্ডমিটেব্ল্ স্পিৰিট" নামৰ গ্ৰন্থখনৰ অনুবাদ হৈছে অদম্য শক্তি। গ্ৰন্থখনৰ অনুবাদক সুৰেশ শৰ্মা।
-
এক ধীমানৰ আত্মজীৱনী
এক ধীমানৰ আত্মজীৱনী (Diary of A Genius) চালভাড' ডালিৰ আত্মজীৱনী। গ্ৰন্থখনৰ অসমীয়া অনুবাদ কৰিছে মৌচুমী কন্দলীয়ে। ২০০২ চনৰপৰা ২০০৪ চনলৈকে এই গ্ৰন্থখনৰ লেখাখিনি ধাৰাবাহিকভাৱে আজিৰ অসম কাকতত প্ৰকাশ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ২০০৯ চনত গ্ৰন্থাকাৰে প্ৰকাশ কৰা হয়।
-
কথা-ভাগৱত
কথা-ভাগৱত হৈছে ভট্টদেৱে অসমীয়া গদ্যত ভাঙনি কৰা ভাগৱত পুৰাণৰ অনুবাদ। খ্ৰীষ্টীয় ষোড়শ শতিকাত, অকল অসমেই নহয় সকলো প্ৰাদেশিক ভাষাতেই ধৰ্মশাস্ত্ৰ ভাঙনি পদবন্ধত হৈছিল, তেনে সময়তে বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যক দামোদৰদেৱে স্ত্ৰী-শূদ্ৰ সকলোৰে সুবিধাৰ্থে গীতা, ভাগৱত আদি শাস্ত্ৰবোৰক গদ্যত ভাঙনি কৰিবলৈ…
-
গান্ধীক কিয় হত্যা কৰিলো?
গান্ধীক কিয় হত্যা কৰিলো? (Gandhik Kiyo Hatya Karilo?) ইংৰাজী ভাষাত ৰচিত গোপাল গোড্ছেৰ গ্ৰন্থ 'May It please your Honour' -ৰ অসমীয়া ভাৱানুবাদ কৰিছে ত্ৰিদিব শৰ্মায়। ২০১৩ চনৰ নবেম্বৰত প্ৰকাশিত এই গ্ৰন্থখনক অসম বুক ট্ৰাষ্টে প্ৰকাশ কৰে।
-
ঋতুসংহাৰম্ (অসমীয়া অনুবাদ)
ঋতুসংহাৰম্ মহাকবি কালিদাসৰ এখন মহাকাব্য। কালিদাসে ঋতুসংহাৰম্ কাব্যখন সংস্কৃত ভাষাত ৰচনা কৰিছিল। কাব্যগ্ৰন্থখন অসমীয়া ভাষালৈ সম্পূৰ্ণ অনুবাদ কৰি উলিয়াইছে কবি কৌস্তুভমণি শইকীয়া দত্তই।
-
তপত দিন দীঘল ৰাতি
তপত দিন দীঘল ৰাতি আফ্ৰিকাৰ কেইটামান নিৰ্বাচিত চুটিগল্পৰ অনুবাদ সংকলন। মূল 'Hot Days Long Nights' গ্ৰন্থখনৰ সম্পাদক নাদেঝডা অবৰাড’ভিচ্ছ। গ্ৰন্থখনৰ গল্পবোৰ অসমীয়া ভাষালৈ অনুবাদ কৰিছে অমৃত জ্যোতি মহন্তই। গ্ৰন্থখন প্ৰকাশ কৰিছে নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াই।
-
পিঞ্জৰ (উপন্যাস)
পিঞ্জৰ (Pinjar; পাঞ্জাবী: ਪਿੰਜਰ; ইংৰাজী/অনুবাদ: The Skeleton) ১৯৫০ চনত ভাৰতীয় বিশিষ্ট কবি আৰু ঔপন্যাসিক অমৃতা প্ৰীতমৰ দ্বাৰা ৰচিত এখন পাঞ্জাৱী ভাষাৰ উপন্যাস।২০০৯ চনত পিঞ্জৰ উপন্যাসখন খুশৱন্ত সিঙে ইংৰাজী ভাষালৈ অনুবাদ কৰে।২০০৯ চনত খুশৱন্ত সিঙে পিঞ্জৰ ইংৰাজীলৈ অনুবাদ কৰিছিল।
-
ভল্গাৰ পৰা গংগা
ভল্গাৰ পৰা গংগা (From Volga to Ganga) গ্ৰন্থখন পণ্ডিত তথা ভ্ৰমণ কাহিনী লেখক ৰাহুল সাংকৃত্যায়নে ১৯৪৩ চনত লিখা ২০টা ঐতিহাসিক কল্পকাহিনীৰ সংকলন 'বোল্গাচে গংগা'ৰ অসমীয়া অনুবাদ। এই গ্ৰন্থখনৰ অনুবাদক শক্তিনাথ বৰুৱা।
-
মোৰ দেশ আৰু মোৰ মানুহ
মোৰ দেশ আৰু মোৰ মানুহ হ'ল তিব্বতৰ ধৰ্মীয় আৰু ৰাজনৈতিক মুৰব্বী চতুৰ্দশ দালাই লামা টেনজিং গিয়াত্ ছোৰ আত্মজীৱনী My Land and My People (১৯৬২) গ্ৰন্থৰ অসমীয়া অনুবাদ। গ্ৰন্থখনত এজন দালাই লামাৰ জীৱনৰ এচোৱা কালৰ উপৰি তিব্বতৰ ৰাজনৈতিক আৰু ধৰ্মীয় ইতিহাসৰ বৰ্ণনা আছে।
-
মোৰ বাবে মাথোঁ সোণাৰু ফুল
মোৰ বাবে মাথোঁ সোণাৰু ফুল (Mor Babe Mathu Sonaru Phul) সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত লেখক টেমচুলা আওৰ ইংৰাজী চুটিগল্পৰ সংকলন Laburnum For My Headৰ অসমীয়া অনুবাদ। গ্ৰন্থখন ইংৰাজীৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছে মাধূৰ্য বৰুৱাই।
-
লং ৱাক টু ফ্ৰীডম
লং ৱাক টু ফ্ৰীডম (Long walk to Freedom) নেলছন মেণ্ডেলাৰ আত্মজীৱনী৷ গ্ৰন্থখনৰ অসমীয়া অনুবাদ কৰিছে প্ৰদান শইকীয়াই৷ এই গ্ৰন্থখন মুঠ ১১ টা পৰিচ্ছেদ আছে৷ অসমীয়া অনুবাদমূলক গ্ৰন্থখনৰ পঞ্চম সংস্কৰণটো প্ৰকাশ আলিবাট প্ৰকাশনৰ৷ গ্ৰন্থখনৰ বাংলা অনুবাদৰ অনুবাদক দুগৰাকী হৈছে চাৰুফুদ্দিন আহমেদ আৰু ওপম ফাৰুক৷
-
সেই সময় (গ্ৰন্থ)
সেই সময় (Sei Somoy) হ'ল এখন বাংলা ঐতিহাসিক উপন্যাস যাৰ বিষয়-বস্তু ঊনবিংশ শতিকাৰ ব্ৰিটিছ শাসনৰ সময়ৰ সমৃদ্ধিশালী কলকাতা চহৰৰ সমাজ আৰু জনসাধাৰণ। বিখ্যাত ভাৰতীয় বাঙালী সাহিত্যিক সুনীল গংগোপাধ্যায় এই উপন্যাসখনৰ স্ৰষ্টা। ঊনবিংশ শতিকাৰ বংগৰ নৱ-জাগৰণ উপন্যাসখনৰ অন্যতম মূল বিষয়-বস্তু।