মোজাম্মিল হক (Mozammil Haque) অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ। ১৯৫৭ চনৰ ১৪ জুনত দৰং জিলাৰ মঙলদৈত তেওঁৰ জন্ম হৈছিল। তেওঁৰ দেউতাক আছিল নাছিৰুদ্দিন আহমেদ আৰু মাক হামিদা বেগম। ১৯৭২ চনৰ ৫ অক্টোবৰৰ দিনা মাধ্যম আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ গৈ কিছুমান বঙালী দুৰ্বৃত্তৰ হাতত আহত হয় আৰু পিছদিনা ৬ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত তেওঁৰ মৃত্যু হয়।১
মাধ্যম আন্দোলনত অংশগ্ৰহণ
উচ্চশিক্ষাৰ মাধ্যমৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে ১৯৬৮ চনত গ্ৰহণ কৰা ত্ৰি-ভাষা সূত্ৰ গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়েও গ্ৰহণ কৰিছিল। কিন্তু ৰাজনৈতিক হেচাত ১৯৭২ চনৰ ৬ জুনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদে সিদ্ধান্ত লয় যে পৰীক্ষাৰ বহীসমূহত অসমীয়া আৰু ইংৰাজীৰ উপৰিও বঙালী ভাষাতো লিখিব পাৰিব। এই সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰসন্থা আৰু আইন মহাবিদ্যালয়ে যুটীয়াভাবে নেতৃত্ব লোৱা আন্দোলনত বাধ্য হৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৱশেষত এই সিদ্ধান্ত উঠাই লয়।২৩
ইফালে অসম চৰকাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই কাৰ্যত অসন্তুষ্ট হ’ল। সেয়েহে অসম চৰকাৰে সেই একে বছৰৰে ২৩ ছেপ্তেম্বৰত বিধান সভাত বৰাক উপত্যকাত এখন বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ লয়।এই প্ৰস্তাৱৰ উদ্দেশ্য আছিল বৰাক উপত্যাকাত বঙালী ভাষাক উচ্চশিক্ষাৰ মাধ্যম কৰা। লগতে ব্ৰহ্মপুত্ৰ উপত্যাকাৰো বঙালী প্ৰধান অঞ্চলসমূহৰ মহাবিদ্যালয়সমূহক প্ৰস্তাৱিত বিশ্ববিদ্যালয়ৰ অধীন কৰা।৪
অসম বিধান সভাৰ এই প্ৰস্তাৱৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা খৰ্গহস্ত হৈ উঠিল। অসমৰ ভৌগলিক পৰিসীমাৰ ভিতৰত একমাত্ৰ অসমীয়াই উচ্চ শিক্ষাৰ মাধ্যম হোৱাৰ দাবীত আছুৱে ৩০ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত সৰ্বাত্মক আন্দোলনৰ কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত লয় আৰু সেই মৰ্মে ৫ অক্টোৱৰত ১২ ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হয়।৫
৫ অক্টোবৰৰ দিনা মোজাম্মিলে অসম বন্ধ সফল কৰিবলৈ ঘৰৰ পৰা ওলাই আহিল। সেই সময়ত তেওঁ অষ্টম শ্ৰেণীৰ ছাত্ৰ। এনেতে খবৰ পোৱা গ’ল যে খাৰুপেটীয়াৰ কিছুমান মাধ্যম আন্দোলন বিৰোধী লোকে বন্ধৰ বিৰোধ কৰি দোকান-পোহাৰ খোলা ৰাখিছে। সেই কথা শুনি কেইজনমান আন্দোলনৰ স্বেচ্ছাসেৱকৰ লগত মোজাম্মিল হকেও এখন ট্ৰাকত উঠি দোকান-পোহাৰবোৰ বন্ধ কৰিবলৈ মঙলদৈৰ পৰা খাৰুপেটীয়ালৈ ঢাপলি মেলিলে।৫
কম বয়সীয়া স্বেচ্ছাসেৱকৰ দলটো খাৰুপেটীয়া গৈ পোৱাৰ পিছত পূৰ্বৰে পৰা খাপ পিতি থকা এচাম আন্দোলন বিৰোধী লোকে তেওঁলোকৰ ওপৰত অতৰ্কিতে যাঠি-জোং, শিল-ইটাৰে আক্ৰমণ চলায়। স্বেচ্ছাসেৱকৰ দলটো চেদেলি-ভেদেলি হৈ পৰে আৰু প্ৰাণৰক্ষা কৰিবলৈ ৪৪জনকৈ স্বেচ্ছাসেৱকে বিভিন্ন স্থানত আশ্ৰয় লয়। দুৰ্বৃত্তৰ আক্ৰমণত মোজাম্মিলো আহত হয়। কেইজনমান ছাত্ৰ আৰু স্থানীয় লোকে তেওঁক খাৰুপেটীয়াৰ চিকিৎসালয়লৈ লৈ যায় আৰু প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক মঙলদৈৰ হাস্পাতাললৈ স্থানান্তৰ কৰা হয়। মংগলদৈৰ চিকিৎসকে অৱস্থা বেয়া দেখি তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু তাতেই পিছদিনা ৬ অক্টোবৰত তেওঁৰ মৃত্যু হয়।১
বিতৰ্ক
মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতা ৰচিত ‘স্বৰাজোত্তৰ অসম ১৯৪৭-২০১৯’ শীৰ্ষক এখন গ্ৰন্থত মোজাম্মিল হকক অভিবাসী বা মিঞা মুছলমান বুলি চিহ্নিত কৰি লেখকদ্বয়ে মাধ্যম আন্দোলনটোৰ এখন বিকৃত ছবি অংকণ কৰাৰ প্ৰয়াস কৰা বুলি সদৌ ‘অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ’ নামৰ সংগঠন এটাই অভিযোগ কৰে। সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে মোজাম্মিল হক এজন গৰিয়া মুছলমান সম্প্ৰদায়ৰ লোক আছিল।৬
লগতে চাওক
তথ্যসূত্ৰ
- ↑ (6 October 2016). জাতীয় শ্বহীদ মোজাম্মিল হকক আমি পাহৰিলোঁ নেকি?. Janambhumi E-paper
- ↑ Krishna Gopal Bhatyacharya. (15 August 2021). উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ -- অসমীয়া জাতীয়তাবাদৰ উকমুকনি. pratyahban.in
- ↑ Krishna Gopal Bhatyacharya. (5 September 2021). উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ৪ অসমীয়া জাতীয়তাবাদৰ উকমুকনি. pratyahban.in
- ↑ Krishna Gopal Bhatyacharya. (15 September 2021). উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ৫ অসমীয়া জাতীয়তাবাদৰ উকমুকনি. pratyahban.in
- ↑ Krishna Gopal Bhatyacharya. (19 September 2021). উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ৬ অসমীয়া জাতীয়তাবাদৰ উকমুকনি. pratyahban.in
- ↑ (29 November 2019). ‘স্বৰাজোত্তৰ অসম ১৯৪৭-২০১৯’ সংশোধন নকৰা পৰ্যন্ত বন্ধ কৰাৰ দাবী দৰং আছু আৰু দৰং গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ…. Asomiya Pratidin Digital Edition
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোজাম্মিল হক” প্ৰবন্ধৰ সংশোধন ৪৪৮২২৬ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।