অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

অভাৰিয়ান কেন্সাৰ

অভাৰিয়ান কেন্সাৰ (Ovarian cancer) হৈছে ডিম্বাশয়ত উৎপন্ন হোৱা এবিধ কেন্সাৰ বা কৰ্কট ৰোগ। ইয়াৰ ফলত ডিম্বাশয়ত সৃষ্টি হোৱা অস্বাভাৱিক কোষবোৰে শৰীৰৰ অন্য অংশকো আক্ৰমণ কৰিব পাৰে। তদুপৰি ইয়াৰ মেটাষ্টেছিছলৈ ৰূপান্তৰিত হোৱাৰো সক্ষমতা আছে।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৬ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অভাৰিয়ান কেন্সাৰ (Ovarian cancer) হৈছে ডিম্বাশয়ত উৎপন্ন হোৱা এবিধ কেন্সাৰ বা কৰ্কট ৰোগ।১২ ইয়াৰ ফলত ডিম্বাশয়ত সৃষ্টি হোৱা অস্বাভাৱিক কোষবোৰে শৰীৰৰ অন্য অংশকো আক্ৰমণ কৰিব পাৰে। তদুপৰি ইয়াৰ মেটাষ্টেছিছলৈ ৰূপান্তৰিত হোৱাৰো সক্ষমতা আছে।৩ প্ৰাৰম্ভিক অৱস্থাত কোনোধৰণৰ লক্ষণ পৰিলক্ষিত নহ'বও পাৰে বা হ'লেও সেয়া অস্পষ্ট ৰূপত পৰিলক্ষিত হ'ব পাৰে। কেন্সাৰৰ অগ্ৰগতিৰ লগে লগে লক্ষণসমূহো স্পষ্টকৈ প্ৰকাশ হ'বলৈ ধৰে।৪ এই লক্ষণসমূহৰ ভিতৰত আছে ওফন্দি উঠা, শ্ৰোণিৰ বিষ, পেটৰ আয়তন বৃদ্ধি হোৱা, কৌষ্ঠকাঠিন্য, এন'ৰেক্সিয়া (ভোক নলগা) ইত্যাদি। সচৰাচৰ পেৰিট'নিয়াম (পেটৰ এক আৱৰণ), লসীকা তন্ত্ৰ, হাওঁফাওঁ আৰু যকৃতলৈ কেন্সাৰ কোষবিলাক বিয়পি যোৱাৰ সম্ভাৱনা বেছি।৫

জীৱনকালত যিবোৰ মহিলাই বহুবাৰলৈ ডিম্বাণু ক্ষৰণ কৰে, তেওঁলোকৰ ক্ষেত্ৰত অভাৰিয়ান কেন্সাৰৰ বিপদাশংকা বেছি। ইয়াৰ ভিতৰত তেওঁলোককো সাঙুৰি ল'ব পাৰি যিয়ে কেতিয়াও সন্তান জন্ম দিয়া নাই, যিয়ে অতি কম বয়সতে ডিম্বাণু ক্ষৰণ কৰিবলৈ আৰম্ভ কৰে আৰু যিয়ে বৃদ্ধ বয়সতহে ৰজোনিবৃত্তিৰ অৱস্থা পায়গৈ।৬ অন্যান্য বিপদাশংকাৰ কাৰকসমূহ হৈছে হৰম'ন প্ৰতিষ্ঠাপন থেৰাপি, উৰ্বৰতাৰ ঔষধ আৰু মেদবহুলতা।১৭ হৰম'নেল জন্ম নিয়ন্ত্ৰণ, টিউবেল লিগেশ্যন আৰু স্তন্যপানে অভাৰিয়ান কেন্সাৰৰ বিপদাশংকা হ্ৰাস কৰে।৭ প্ৰায় ১০% ঘটনাৰ ক্ষেত্ৰত অভাৰিয়ান কেন্সাৰ আনুবংশিক কাৰকৰ ফলত হোৱা পৰিলক্ষিত হৈছে। তদুপৰি যিসকল মহিলাৰ বিআৰচিএ১ বা বিআৰচিএ২ জিনত উৎপৰিৱৰ্তন ঘটিছে, তেওঁলোকৰ দেহত অভাৰিয়ান কেন্সাৰ বিকশিত হোৱাৰ সম্ভাৱনা প্ৰায় ৫০%।৬ অভাৰিয়ান কেন্সাৰৰ ভিতৰত অভাৰিয়ান কাৰ্চিন'মাই সচৰাচৰ হোৱা দেখা যায় আৰু প্ৰায় ৯৫% তকৈও অধিক লোক ইয়াৰ দ্বাৰা আক্ৰান্ত।৬ অভাৰিয়ান কাৰ্চিন'মাৰ পাঁচটা প্ৰধান উপপ্ৰকাৰ আছে যাৰ ভিতৰত হাই-গ্ৰেড ছিৰাউছ কাৰ্চিন'মাই (HGSC) সচৰাচৰ হোৱা দেখা যায়।৬ এই অভাৰিয়ান টিউমাৰসমূহ ডিম্বাশয় আগুৰি থকা কোষসমূহত আৰম্ভ হয় বুলি বিশ্বাস কৰা হয়।৬ অৱশ্যে ফেল'পিয়ান টিউব বা ডিম্ববাহী নলীতো কিছুমান টিউমাৰ গঠন হ'ব পাৰে।৮ সচৰাচৰ নোহোৱা অভাৰিয়ান কেন্সাৰৰ ভিতৰত জাৰ্ম চেল টিউমাৰ৯ আৰু ছেক্স ক'ৰ্ড ষ্ট্ৰ'মেল টিউমাৰ অন্যতম।৬ ৰোগ নিৰ্ণয় কৰিবলৈ বায়'প্সি কৰা হয় আৰু ইয়াৰ জৰিয়তে অভাৰিয়ান কেন্সাৰ নিশ্চিত কৰা হয়।

মধ্যম বিপদাশংকা থকা মহিলাসকলৰ ক্ষেত্ৰত স্ক্ৰিণিং কৰাৰ পৰামৰ্শ দিয়া নহয়। কিয়নো এয়া প্ৰমাণিত হৈছে যে অভাৰিয়ান কেন্সাৰৰ বাবে কৰা স্ক্ৰিণিঙে অভাৰিয়ান কেন্সাৰৰ মৃত্যুৰ হাৰ হ্ৰাস নকৰে। তদুপৰি উচ্চ হাৰত বাঢ়ি অহা মিছা ধনাত্মক পৰীক্ষাসমূহৰ ফলত অপ্ৰয়োজনীয় অস্ত্ৰোপ্ৰচাৰ কৰিবলগীয়া হ'ব পাৰে যাৰ লগতো নিজস্ব বিপদাশংকা থাকে।১০ অতি উচ্চ বিপদাশংকা থকা মহিলাসকলৰ ক্ষেত্ৰত প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে তেওঁলোকৰ ডিম্বাশয় আঁতৰোৱা হয়।১ প্ৰাৰম্ভিক অৱস্থাতেই ৰোগটো ধৰা পেলাই ইয়াৰ চিকিৎসা কৰিব পাৰিলে অভাৰিয়ান কেন্সাৰৰ পৰা প্ৰায়েই আৰোগ্য লাভ কৰিব পৰা যায়। চিকিৎসাৰ ভিতৰত আছে শল্য চিকিৎসা, ৰেডিঅ'থেৰাপি আৰু কেম'থেৰাপি। অৱশ্যে চিকিৎসাৰ ফলাফলসমূহ ৰোগৰ বিস্তৃতি, উপস্থিত কৰ্কট ৰোগৰ উপপ্ৰকাৰ, আৰু অন্যান্য চিকিৎসাৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰে।১১৬ আমেৰিকা যুক্তৰাষ্ট্ৰত পাঁচ বছৰলৈ জীয়াই থকাৰ সৰ্বমুঠ হাৰ ৪৯%।১২ উন্নয়নশীল দেশসমূহত ইয়াৰ ফলাফল বৰ বেয়া।৬

২০১২ চনত প্ৰায় ২,৩৯,০০০ গৰাকী মহিলা অভাৰিয়ান কেন্সাৰত আক্ৰান্ত হৈছে।৬ ২০১৫ চনত ১.২ মিলিয়ন মহিলাৰ শৰীৰত অভাৰিয়ান কেন্সাৰৰ উপস্থিতি ধৰা পৰিছে আৰু বিশ্বব্যাপী ১,৬১,১০০ গৰাকী মহিলা অভাৰিয়ান কেন্সাৰৰ বাবে মৃত্যুমুখত পৰিছে।১৩ মহিলাসকলৰ ক্ষেত্ৰত হোৱা অতি সাধাৰণ কৰ্কট ৰোগসমূহৰ ভিতৰত অভাৰিয়ান কেন্সাৰে পৃথিৱীৰ ভিতৰত সপ্তম স্থান অধিকাৰ কৰিছে। ইয়াৰোপৰি কৰ্কট ৰোগত মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত অভাৰিয়ান কেন্সাৰে কৰ্কট ৰোগৰ অতি সাধাৰণ কাৰণসমূহৰ ভিতৰত অষ্টম স্থান অধিকাৰ কৰিছে।৬ বয়স বৃদ্ধিৰ লগে লগে অভাৰিয়ান কেন্সাৰৰ বিপদাশংকা ক্ৰমান্বয়ে বাঢ়ি আহে। ৪০ বছৰ বয়সৰ তলৰ মহিলাৰ অভাৰিয়ান কেন্সাৰ হোৱাৰ সম্ভাৱনা অতি কম। বেছিভাগ অভাৰিয়ান কেন্সাৰেই ৰজোনিবৃত্তিৰ পাছত বিকশিত হয়। গোটেই অভাৰিয়ান কেন্সাৰৰ আধাসংখ্যকেই ৬৩ বছৰ বা তাতকৈ বেছি বয়সৰ মহিলাৰ শৰীৰত পোৱা গৈছে।১৪ আফ্ৰিকা আৰু এছিয়াতকৈ উত্তৰ আমেৰিকা আৰু ইউৰোপত অভাৰিয়ান কেন্সাৰৰ ফলত মৃত্যু অধিক সচৰাচৰ হয়।৬

তথ্যসূত্ৰ

  1. ↑ (December 6, 2013). Ovarian Cancer Prevention. NCI
  2. ↑ Seiden, Michael. (2015). Gynecologic Malignancies, Chapter 117. MGraw-Hill Medical
  3. ↑ (2007-09-17). Defining Cancer. National Cancer Institute
  4. ↑ (March 2016). A Systematic Review of Symptoms for the Diagnosis of Ovarian Cancer. American Journal of Preventive Medicine. পৃ. 384–394
  5. ↑ Ruddon, Raymond W. (2007). Cancer Biology. Oxford University Press. পৃ. 223. ISBN 9780195175431
  6. ↑ (2014). World Cancer Report 2014. World Health Organization. ISBN 978-9283204299
  7. ↑ (2014-06-20). Ovarian Cancer Prevention. NCI
  8. ↑ (2008). Ovarian Cancer. Adv. Exp. Med. Biol.. পৃ. 79–87. ISBN 978-0-387-68966-1
  9. ↑ Maoz, Asaf; Matsuo, Koji; Ciccone, Marcia A. (2020-05-29). Molecular Pathways and Targeted Therapies for Malignant Ovarian Germ Cell Tumors and Sex Cord-Stromal Tumors: A Contemporary Review. Cancers. পৃ. 1398
  10. ↑ (February 2018). Screening for Ovarian Cancer: US Preventive Services Task Force Recommendation Statement. JAMA. পৃ. 588–594
  11. ↑ (2016). The Application and Outcome of Standard of Care Treatment in Elderly Women with Ovarian Cancer: A Literature Review over the Last 10 Years. Frontiers in Oncology. পৃ. 63
  12. ↑ SEER Stat Fact Sheets: Ovary Cancer. NCI
  13. ↑ GBD 2015 Mortality and Causes of Death Collaborators. (October 2016). Global, regional, and national life expectancy, all-cause mortality, and cause-specific mortality for 249 causes of death, 1980-2015: a systematic analysis for the Global Burden of Disease Study 2015. Lancet. পৃ. 1459–1544
  14. ↑ (2016-02-04). What are the risk factors for ovarian cancer?. www.cancer.org

সম্পৰ্কিত শ্ৰেণী

কৰ্কট ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভাৰিয়ান কেন্সাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৪৫৫৯ (৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।