নেপালী অভিনেত্ৰী
২১ প্ৰবন্ধ
-
কেকী অধিকাৰী
কেকী অধিকাৰী (केकी अधिकारी; জন্ম: ১৭ ডিচেম্বৰ, ১৯৮৯) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ইতিমধ্যে কেইবাটাও সংগীত ভিডিঅ’, দূৰদৰ্শন বিজ্ঞাপন, ছপা বিজ্ঞাপন আৰু নেপালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে সংগীত ভিডিঅ’ত অভিনয় কৰিছিল।
-
নিৰুতা সিং
নিৰুতা সিং হৈছে এগৰাকী অভিনেত্ৰী, যাক নেপালী চলচ্চিত্ৰৰ বাবে জনা যায়। তেওঁ ৯০ৰ দশক আৰু ২০০০ৰ দশকত শীৰ্ষ অভিনেত্ৰী হৈ পৰিছিল। ২০০১ চনৰ দৰ্পণ ছায়া ছবিখনত তেওঁৰ অভিনয়ে বিশেষ প্ৰশংসা লাভ কৰিছিল, যিখন তেতিয়ালৈকে নেপালী চলচ্চিত্ৰ উদ্যোগৰ আটাইতকৈ উচ্চ উপাৰ্জন কৰা ছবি হৈছিল।
-
মিৰুনা মগৰ
মিৰুনা লীচাৰা মগৰ (নেপালী: मिरुना लीसारा मगर; জন্ম ১৮ জুলাই ১৯৯৪) এজনী নেপালী অভিনেত্ৰী। তেওঁ ২০১৮ চনত লালপুৰ্জা চলচ্চিত্ৰৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। তেওঁ ২০২২ চনৰ কাবাডী ৪: দ্য ফাইনেল মেচ চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰে, যি নেপালৰ আটাইতকৈ অধিক উপাৰ্জন কৰা চলচ্চিত্ৰ হৈ পৰিছিল।
-
আঁচল শৰ্মা
আঁচল শৰ্মা (आँचल शर्मा) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ নাই নভন্নু ল ৪ চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল। ২০১৮ চনত, তেওঁ শত্ৰু গেট আৰু জনি জেণ্টলমেনত অভিনয় কৰিছিল। তেওঁ হিন্দী সংগীত ভিডিঅ’ তেৰি মেৰী দাস্তানতো অংশ লৈছিল।
-
আশা ভুষাল
আশা ভুষাল (নেপালী: आशा भुषाल; জন্ম ১৮ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী নেপালী অভিনেত্ৰী আৰু মডেল, যি মূলত নেপালী চলচ্চিত্ৰত অভিনয় কৰে।
-
উপাসনা সিং ঠাকুৰী
উপাসনা সিং ঠাকুৰী (उपासना सिंह ठकुरी) এগৰাকী নেপালী অভিনেত্ৰী। তেওঁ নেপালৰ নৱ প্ৰজন্মৰ মেধাৱী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। তেওঁৰ অভিনয়ৰ নিজস্ব সুকীয়া শৈলী আৰু চলচ্চিত্ৰত নিজৰ চৰিত্ৰৰ সৈতে গভীৰভাৱে সংযোগ স্থাপনৰ ক্ষমতা আছে।
-
ঊষা পৌড়েল
ঊষা পৌড়েল (জন্ম নাম: ৰুক্মিণী কুমাৰী পৌড়েল, জন্ম ২৯ আগষ্ট ১৯৭৭) এগৰাকী নেপালী নৃত্যশিল্পী আৰু চলচ্চিত্ৰ অভিনেত্ৰী। ঊষাই নেপালী চলচ্চিত্ৰ জগতত "কৰ্ম" ছবিৰে অভিনয় আৰম্ভ কৰিছিল। তেওঁৰ দ্বিতীয় ছবিখন "মুনা মদন", লক্ষ্মী প্ৰসাদ দেৱকোটাৰ জনপ্ৰিয় কিতাপৰ ওপৰত আধাৰিত, ১৯৯৯ চনত মুক্তি লাভ কৰিছিল।
-
ঋচা শৰ্মা
ঋচা শৰ্মা (ऋचा शर्मा) এজনী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল, আৰু ভিডিঅ’ জকী। তেওঁ মিছ নেপাল ২০০৭ প্ৰতিযোগিতাৰ শীৰ্ষ দহজনৰ ভিতৰত আছিল তেওঁৰ অভিনয় আৰম্ভ হয় নেপালী চলচ্চিত্ৰ ফাৰ্ষ্ট লভ (২০১০)ৰ জৰিয়তে। পিছত ২০১১ চনত মেৰো লভ ষ্ট’ৰি আৰু হাইৱেত অভিনয় কৰে।
-
নম্ৰতা শ্ৰেষ্ঠ
নম্ৰতা শ্ৰেষ্ঠ (জুন ১৪, ১৯৮৫) এগৰাকী নেপালী অভিনেত্ৰী, মডেল আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ ২০০৮ চনত আলোক নেম্বাং পৰিচালিত 'সানো সংসাৰ' চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰে।
-
প্ৰকৃতি শ্ৰেষ্ঠ
প্ৰকৃতি শ্ৰেষ্ঠ (प्रकृति श्रेष्ठ; জন্ম ১০ ছেপ্টেম্বৰ, ১৯৯২) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰথমবাৰৰ বাবে ইউ আৰ ষ্টাইল টিভিৰ সংগীত ভিডিঅ’ আইডিয়া হানি বানি-ত মডেল হিচাপে আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তা লাভ কৰিছিল।
-
প্ৰিয়ংকা কাৰ্কী
প্ৰিয়ংকা কাৰ্কী এগৰাকী নেপালী চলচ্চিত্ৰৰ অভিনেত্ৰী, মডেল, পৰিচালিকা, লেখিকা, আৰু ২০০৫ চনৰ মিচ টীন নেপাল প্ৰতিযোগিতাৰ বিজয়ী।
-
বৰ্ষা ৰাউত
বৰ্ষা ৰাউত (वर्षा राउत) এগৰাকী নেপালী অভিনেত্ৰী, যি নেপালী চলচ্চিত্ৰ উদ্যোগত নিজৰ অৱদানৰ বাবে জনাজাত। তেওঁ সমালোচনাসমূহত উচ্চ প্ৰশংসিত চলচ্চিত্ৰসমূহ যেনে জাত্ৰা আৰু গোপী ত অভিনয় কৰিছে, লগতে ছক্কা পাঞ্জা, ছক্কা পাঞ্জা ২ আৰু জাত্ৰাই জাত্ৰাৰ দৰে বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰতো কাম কৰিছে।
-
মালিনা জোশী
মালিনা জোশী (জন্ম: ২৭ জানুৱাৰী ১৯৮৯) এগৰাকী নেপালী অভিনেত্ৰী আৰু মডেল। তেওঁ ২০১১ চনত মিছ নেপাল খিতাপ অৰ্জন কৰে আৰু মিছ ৱৰ্ল্ড ২০১১-ত নেপালক প্ৰতিনিধিত্ব কৰে। প্ৰতিযোগিতাৰ অন্তিম দিনটোত নেপালী লোকনৃত্য প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছিল।
-
মৰিষ্কা পোখৰেল
মৰিষ্কা পোখৰেল (मरिष्का पोखरेल) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল আৰু চিত্ৰশিল্পী। ‘মৰিষ্কা’ নামটো তেওঁৰ পৰিয়াল প্ৰদত্ত নাম। এই হিব্ৰু ভাষাৰ নামটোৰ অৰ্থ হৈছে জলপৰী বা সাগৰৰ দেৱী। ২০১৬ চনত, আকাশ অধিকাৰীৰ পৰিচালনাত নিৰ্মিত কে ম তিম্ৰো হৈন ৰ নামৰ ছবিখনত অভিনয়েৰে তেওঁ চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে।
-
শিল্পা মাস্কে
শিল্পা মাস্কে (জন্ম ১৪ এপ্ৰিল ১৯৯২, বিৰাটনগৰ, নেপাল) এগৰাকী নেপালী চলচ্চিত্ৰৰ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী। তেওঁ নেপালী চলচ্চিত্ৰ জগতত "দ্য ব্ৰেক আপ" ছবিখনত আশীৰ্মান ডি.এছ. জোশীৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰি আত্মপ্ৰকাশ কৰিছিল।
-
শ্ৰীজনা ৰেগ্মী
শ্ৰীজনা ৰেগ্মী (श्रीजना रेग्मी) (জন্ম: ২৮ ডিচেম্বৰ ১৯৯২) এগৰাকী নেপালী গায়িকা-গীতিকাৰ, মডেল, আৰু অভিনেত্ৰী। তেওঁ মিছ নেপাল ২০১৬ প্ৰতিযোগিতাত শীৰ্ষ পাঁচজন ফাইনেলিস্টৰ অন্যতম আছিল আৰু মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল ২০১৪-ত নেপালক প্ৰতিনিধিত্ব কৰিছিল।
-
সঞ্চিতা লুইটেল
সঞ্চিতা লুইটেল (জন্ম: ২ মে' ১৯৮৩) এগৰাকী প্ৰখ্যাত নেপালী অভিনেত্ৰী। তেওঁ নেপালী চলচ্চিত্ৰ উদ্যোগত নিজৰ সৌন্দৰ্য আৰু প্ৰতিভাৰ বাবে সুপৰিচিত। সঞ্চিতাই কলা আৰু আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে, যিয়ে তেওঁৰ একাডেমিক আৰু শিল্পীজীৱনৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।
-
সুহানা থাপা
সুহানা থাপা (জন্ম: ৮ মে' ১৯৯৮) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ নেপালৰ প্ৰসিদ্ধ অভিনেত্ৰী ঝৰ্ণা থাপা আৰু প্ৰযোজক সুনীল কুমাৰ থাপাৰ কন্যা।
-
সৃষ্টি শ্ৰেষ্ঠ
সৃষ্টি শ্ৰেষ্ঠ (सृष्टि श्रेष्ठ) এগৰাকী নেপালী অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা বিজয়ী। তেওঁ মিচ নেপাল ২০১২ প্ৰতিযোগিতাৰ বিজয়ী আছিল।
-
স্বস্তিমা খড়কা
স্বস্তিমা খড়কা (দেৱনাগৰীত: स्वस्तिमा खड्का; জন্ম ৪ জুলাই ১৯৯৫) নেপালী ছবিত কাম কৰাৰ বাবে বেছিকৈ পৰিচিত এগৰাকী নেপালী অভিনেত্ৰী। লাভ লাভ লাভ (২০১৭) , চক্কা পাঞ্জা ২ (২০১৭) , নাই নভন্নু ল ৫ (২০১৮) আৰু বুলবুল (২০১৯) ছবিত অভিনয় কৰিছে।
-
ৰিচা ঘিমিৰে
ৰিচা ঘিমিৰে এগৰাকী নেপালী অভিনেত্ৰী। তেওঁ ১৮ টাতকৈও বেছি চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ২০০৯ চনৰ বিশ চলচ্চিত্ৰত এটা ড্ৰাগ এডিক্টৰ চৰিত্ৰত অভিনয়ক নিজৰ আটাইতকৈ প্ৰত্যাহ্বানজনক ভূমিকাৰূপে গণ্য কৰে।