অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভৃগু কুমাৰ ফুকন

ভৃগু কুমাৰ ফুকন (Bhrigu kumar Phukan) এজন জাতীয়তাবাদী নেতা তথা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী আছিল। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু অসম আন্দোলনৰ এজন গুৰি ধৰোঁতা আছিল। অসম চুক্তি স্বাক্ষৰকাৰী চাৰিজন ব্যক্তিৰ মাজৰ ভৃগু কুমাৰ ফুকনো এজন।

হালনাগাদ: ২ এপ্ৰিল ২০২৫ ৩১৪ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ভৃগু কুমাৰ ফুকন (Bhrigu kumar Phukan) এজন জাতীয়তাবাদী নেতা তথা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী আছিল। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু অসম আন্দোলনৰ এজন গুৰি ধৰোঁতা আছিল। অসম চুক্তি স্বাক্ষৰকাৰী চাৰিজন ব্যক্তিৰ মাজৰ ভৃগু কুমাৰ ফুকনো এজন।

জন্ম আৰু শিক্ষা

ভৃগু কুমাৰ ফুকনৰ জন্ম হয় ১৯৫৬ চনৰ ২৫ এপ্ৰিল তাৰিখে শিৱসাগৰত। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১

কমৰ্জীৱন

১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ চলা অসম আন্দোলনৰ তেওঁ এজন গুৰি ধৰোঁতা আছিল। ১৯৮৫ চনৰ ১৫ আগষ্টত ছাত্ৰসন্থাৰ নেতৃবৃন্দ আৰু ৰাজীৱ গান্ধী নেতৃত্বাধীন ভাৰত চৰকাৰৰ মাজত নতুন দিল্লীত অসম চুক্তি স্বাক্ষৰিত হয়।২ এই চুক্তিত ভৃগু কুমাৰ ফুকনৰো স্বাক্ষৰ আছিল।

তাৰ পিছতে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদ নামেৰে এটা নতুন ৰাজনৈতিক দলৰ জন্ম হয় আৰু ১৯৮৫ চনৰ সাধাৰণ নিৰ্বাচনত এই দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। এই চৰকাৰৰ দিনত ভৃগু কুমাৰ ফুকনে অসমৰ গৃহমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ বৰ্তমানলৈ অসমৰ ইতিহাসৰ সৰ্বকনিষ্ঠ গৃহমন্ত্ৰী। ২৯ বছৰ বয়সতে তেওঁ গৃহমন্ত্ৰী হৈছিল। কিন্তু প্ৰফুল্ল কুমাৰ মহন্তৰ লগত মনোমালিন্য হোৱাৰ বাবে ১৯৮৯ চনত তেওঁ সেই পদ তথা দল ত্যাগ কৰে আৰু বৃন্দাবন গোস্বামীৰ লগ হৈ ১৯৯১ চনত নতুন অসম গণ পৰিষদ নামেৰে এটা নতুন ৰাজনৈতিক দল গঠন কৰে। ১৯৯৬ চনত এই দলটো পুনৰ অসম গণ পৰিষদৰ লগত সন্মিলিত হয়। ১৯৯৮ চনত ফুকন পুনৰবাৰ অগপ ৰ পৰা আঁতৰি যায় আৰু অসম জাতীয় সন্মিলনী নামেৰে আন এটা ৰাজনৈতিক দল গঠন কৰে। কিন্তু তাৰ কিছুদিন পিছতেই তেওঁ নেচনেলিষ্ট কংগ্ৰেছ পৰ্টিত যোগদান কৰে। পিছলৈ তেওঁ সেই দলটোৰ সভাপতি ৰূপেও নিৰ্বাচিত হৈছিল।৩

১৯৮৫ চনৰপৰা একেৰাহে তিনিবাৰৰ বাবে জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈছিল। কিন্তু ২০০১ চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ হাতত পৰাজিত হ’বলগীয়া হয়।

২০০৪ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে অসম গণ পৰিষদলৈ ঘূৰি আহে। ২০০৫ চনৰ নিৰ্বাচনৰ বাবে তেওঁক অসম গণ পৰিষদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছিল যদিও তেওঁ নিজৰ শাৰীৰিক অসুবিধাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে।৪

মৃত্যু

২০০৬ চনৰ ২০ মাৰ্চত নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান(এইমছ)ত যকৃৎ আৰু হাওঁফাওঁৰ সংক্ৰমণৰ ফলত তেওঁৰ মৃত্যু হয়।৫

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ IBN Live
  2. ↑ The Assam Accord. Government of Assam
  3. ↑ The Hindu
  4. ↑ Indian Express
  5. ↑ Bhrigu Phukan dies at 49. The Telegraph India. ABP Group

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিকঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৃগু কুমাৰ ফুকন” প্ৰবন্ধৰ সংশোধন ৫০১৬১৫ (২ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।