বিহাৰ
৯ প্ৰবন্ধ
-
পাটনা
পাটনা (Patna), ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী। এই চহৰখন গংগা নদীৰ দক্ষিণ পাৰত অৱস্থিত। ই বিহাৰৰ সৰ্ববৃহৎ চহৰ আৰু বিশ্বৰ অন্যতম পুৰণি অবিৰতভাৱে বসবাস কৰা চহৰ, লগতে ই সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্যৰে ভৰপূৰ।
-
নালন্দা মহাবিহাৰ
নালন্দা (Nalanda Mahavihara) পূব ভাৰতৰ প্ৰাচীন আৰু মধ্যযুগীয় মগধত (বৰ্তমান বিহাৰ) অৱস্থিত বিখ্যাত বৌদ্ধ মহাবিহাৰ আছিল। নালন্দা মহাবিহাৰক প্ৰাচীন বিশ্বৰ অন্যতম সৰ্বশ্ৰেষ্ঠ শিক্ষণ কেন্দ্ৰ হিচাপে বহুলভাৱে গণ্য কৰা হয়।
-
মধুবনী চিত্ৰশিল্প
মধুবানী চিত্ৰশিল্প (Madhubani art) ভাৰতীয় লোক চিত্ৰকলাৰ এক অংশ। বিহাৰৰ মিথিলাত ইয়াৰ অনুশীলন কৰা হয়। ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ভাবে তৈয়াৰী ৰং আৰু ৰঞ্জক এই ছবিসমূহত ব্যৱহাৰ কৰা হয়।
-
বক্সাৰ যুদ্ধ
বক্সাৰ যুদ্ধ ১৭৬৪ চনৰ ২২ আৰু ২৩ অক্টোবৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাহিনী আৰু বেনাৰস ৰাজ্যৰ মহাৰাজ বলৱণ্ত সিং, বংগৰ নবাব মিৰ কাছিম, আৱধৰ নবাব ছুজা-উদ-দৌলা আৰু মোগল সম্ৰাট শ্বাহ আলম আদিৰ সংযুক্ত বাহিনীৰ মাজত বাক্সাৰ যুদ্ধ হৈছিল। ব্ৰিটিছ সেনাৰ কমাণ্ডাৰ আছিল মেজৰ হেক্টৰ মুনৰো।
-
বাঁকা, বিহাৰ
বাঁকা ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত এখন নগৰ। ই বাঁকা জিলাৰ সদৰ ঠাই।
-
বিহাৰ প্ৰদেশ
বিহাৰ প্ৰদেশ (Bihar Province) ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল। ১৯৩৬ চনত বিহাৰ আৰু উৰিষ্যাৰ বিভাজন ঘটি এই প্ৰদেশখনৰ সৃষ্টি হৈছিল।
-
বৈদ্যনাথ মন্দিৰ
বৈদ্যনাথ মন্দিৰ ভাৰতৰ অন্যতম প্ৰধান তীৰ্থস্থান। শিৱৰ বাৰ জ্যোতিৰ্লিংগৰ ভিতৰত বৈদ্যনাথ মন্দিৰৰ শিৱলিংগকো এক হিচাপে গণ্য কৰা হয়। সেয়েহে ভাৰতৰ শৈৱ উপাসক সকলে বৈদ্যনাথ মন্দিৰ দৰ্শনত চৰম সাৰ্থকতা বিচাৰি পায়।
-
বিহাৰ দিৱস
বিহাৰ দিৱস (Bihar Day) ভাৰতৰ বিহাৰ ৰাজ্যৰ প্ৰতিষ্ঠাবাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে ২২ মাৰ্চত পালিত এটি দিৱস। ১৯১২ চনৰ ২২ মাৰ্চত বেংগল প্ৰেচিডেঞ্চিৰ পৰা বিহাৰ আৰু উৰিষ্যা বিভাগ পৃথক কৰি ব্ৰিটিছ ভাৰতত বিহাৰ আৰু উৰিষ্যা প্ৰদেশ গঠন কৰা হৈছিল৷ বিহাৰত এই দিনটো চৰকাৰী বন্ধৰ দিন।
-
বেগুচৰাই
বেগুচৰাই (Begusarai) হৈছে ভাৰতৰ বিহাৰ ৰাজ্যৰ উদ্যোগিক আৰু বিত্তীয় ৰাজধানী। বিহাৰৰ ৩৮খন জিলাৰ ভিতৰত অন্যতম বেগুচৰাই জিলাৰ ই প্ৰশাসনিক সদৰ। এই জিলাখন ভাৰতৰ মিথিলা অঞ্চলৰ গংগা নদীৰ উত্তৰ পাৰত অৱস্থিত।