অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

হেপাটাইটিছ চি

হেপাটাইটিছ চি এক সংক্ৰামক ৰোগ। হেপাটাইটিছ চি ভাইৰাছ (HCV)ৰ ফলত হোৱা এই ৰোগে ঘাইকৈ যকৃতত প্ৰভাৱ পেলায়। সংক্ৰমণৰ আৰম্ভণিতে সামান্য লক্ষণ থাকে বা নাথাকেই। ই পাঁচবিধ জ্ঞাত হেপাটাইটিছ ভাইৰাছৰ এবিধ: এ', বি, চি, ডি, আৰু ই। তেজত ভাইৰাছবিধৰ প্ৰতিদেহ বা আৰ এন এ ধৰা পেলাই ৰোগনিৰ্ণয় কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

হেপাটাইটিছ চি এক সংক্ৰামক ৰোগ। হেপাটাইটিছ চি ভাইৰাছ (HCV)ৰ ফলত হোৱা এই ৰোগে ঘাইকৈ যকৃতত প্ৰভাৱ পেলায়।১ সংক্ৰমণৰ আৰম্ভণিতে সামান্য লক্ষণ থাকে বা নাথাকেই। কেতিয়াবা জ্বৰ, ডাঠ ৰঙৰ প্ৰস্ৰাৱ, পেটৰ বিষ আৰু জণ্ডিছ হ'ব পাৰে। সংক্ৰমণ হোৱা ৭৫%ৰ পৰা ৮৫% লোকৰ যকৃতত ভাইৰাছবিধ থাকি যায়] দীৰ্ঘম্যাদী ৰোগৰো আৰম্ভণিতে কোনো লক্ষণ নাথাকে। বহুবছৰৰ পাছত প্ৰায়েই যকৃতৰ ৰোগ বিশেষকৈ চিৰ'চিছে দেখা দিয়ে। কোনো কোনো ক্ষেত্ৰত চিৰ'চিছ থকা একাংশ ৰোগীৰ যকৃত অকামিলা হয়, যকৃতৰ কৰ্কট ৰোগ হয় বা খাদ্যনলী আৰু পাকস্থলীৰ ৰক্তক্ষৰণ হোৱা varices ৰোগ জটিলতা হয়।১

HCV ঘাইকৈ তেঅৰ পৰা তেজলৈ বিয়পে। বেজীৰে ড্ৰাগ্‌‌ছ লোৱা, বীজাণুমুক্ত নোহোৱা চিকিৎসাৰ যন্ত্ৰ-পাতি, চিকিৎসা প্ৰদানত বেজীৰ খোঁচ খোৱা আৰু ৰক্ত সঞ্চাৰণ ইয়াৰ প্ৰধান কাৰণ। ৰক্ত সঞ্চাৰণৰ আগতে তেজ পৰীক্ষা কৰিলে ৰোগৰ আশংকা প্ৰতি ২০ লাখত একতকৈও কম। প্ৰসৱৰ সময়ত এই ৰোগ মাকৰ পৰা শিশুলৈও বিয়পিব পাৰে। উপৰুৱা সংস্পৰ্শৰে এই ৰোগ নিবিয়পে।২ ই পাঁচবিধ জ্ঞাত হেপাটাইটিছ ভাইৰাছৰ এবিধ: এ', বি, চি, ডি, আৰু ই।৩ তেজত ভাইৰাছবিধৰ প্ৰতিদেহ বা আৰ এন এ ধৰা পেলাই ৰোগনিৰ্ণয় কৰা হয়। ৰোগৰ আশংকা থকা সকলো লোকৰে পৰীক্ষা কৰা উচিত।

হেপাটাইটিছ চি-ৰ কোনো প্ৰতিষেধক নাই।৪ সিৰাত ড্ৰাগ্‌‌ছ লোৱা লোকৰ ক্ষতি কমাই আৰু দান কৰা তেজৰ পৰীক্ষাৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰি।২ sofosbuvir বা simeprevir নামৰ এণ্টিভাইৰেল ঔষধেৰে দীৰ্ঘম্যাদী ৰোগো ৯৫% ক্ষেত্ৰত আৰোগ্য কৰিব পাৰি।২ আগতে ব্যৱহাৰ কৰা Peginterferon বা ribavirin ঔষধৰ চিকিৎসাৰে আৰোগ্যৰ হাৰ ৫০%তকৈও কম হোৱাৰ লগতে পাৰ্শ্বক্ৰিয়া বেছি আছিল।২৫ কিন্তু নতুন চিকিৎসা প্ৰণালীৰ খৰচো বেছি।২ চিৰ'চিছ বা যকৃতৰ কৰ্কট হ'লে যকৃতৰ প্ৰতিষ্ঠাপনৰ প্ৰয়োজন হ'ব পাৰে। হেপাটাইটিছ চি যকৃতৰ প্ৰতিষ্ঠাপনৰ এক মূল কাৰণ, কিন্তু প্ৰতিষ্ঠাপনৰ পাছতো ভাইৰাছে আকৌ আক্ৰমণ কৰিব পাৰে।

২০১৫ চনৰ তথ্য অনুসৰি বিশ্বজুৰি প্ৰায় ১৪.৩ কোটি (২%) লোক হেপাটাইটিছ চিত আক্ৰান্ত হয়। ২০১৩ চনত প্ৰায় ১.১ কোটি নতুন ৰোগী ধৰা পৰে।৬ আফ্ৰিকা, মধ্য এছিয়া আৰু পূব এছিয়াত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি।২ ২০১৫ চনত হেপাটাইটিছ চি-জনিত যকৃতৰ কৰ্কটৰ পৰা প্ৰায় ১,৬৭,০০ লোক আৰু চিৰ'চিছত ভুগি প্ৰায় ৩,২৬,০০০ লোকৰ মৃত্যু ঘটে।৭ ১৯৭০ চনত প্ৰথমবাৰৰ বাবে অ-হেপাটাইটিছ এ' আৰু অ-হেপাটাইটিছ বি ৰোগ দেখা পোৱা গৈছিল। ১৯৮৯ চনতহে এই ৰোগ হেপাটাইটিছ চি বুলি ধৰা পৰে।৮ হেপাটাইটিছ চি-য়ে কেৱল মানুহ আৰু চিম্পাঞ্জীক আক্ৰান্ত কৰে।৯

)]]

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2004). Sherris Medical Microbiology. McGraw Hill. পৃ. 551–2. ISBN 978-0-8385-8529-0
  2. ↑ (July 2015). Hepatitis C Fact sheet N°164. WHO
  3. ↑ (April 2012). Viral Hepatitis: A through E and Beyond. National Institute of Diabetes and Digestive and Kidney Diseases
  4. ↑ Webster, Daniel P; Klenerman, Paul; Dusheiko, Geoffrey M. (2015). Hepatitis C. The Lancet. পৃ. 1124–1135
  5. ↑ (June 2010). Is sexual contact a major mode of hepatitis C virus transmission?. Hepatology. পৃ. 1497–505
  6. ↑ Global Burden of Disease Study 2013, Collaborators. (22 August 2015). Global, regional, and national incidence, prevalence, and years lived with disability for 301 acute and chronic diseases and injuries in 188 countries, 1990–2013: a systematic analysis for the Global Burden of Disease Study 2013.. Lancet. পৃ. 743–800
  7. ↑ GBD 2015 Mortality and Causes of Death, Collaborators. (8 October 2016). Global, regional, and national life expectancy, all-cause mortality, and cause-specific mortality for 249 causes of death, 1980-2015: a systematic analysis for the Global Burden of Disease Study 2015.. Lancet. পৃ. 1459–1544
  8. ↑ Houghton M. (November 2009). The long and winding road leading to the identification of the hepatitis C virus. Journal of Hepatology. পৃ. 939–48
  9. ↑ Shors, Teri. (2011-11-08). Understanding viruses. Jones & Bartlett Learning. পৃ. 535. ISBN 978-0-7637-8553-6

সম্পৰ্কিত শ্ৰেণী

সংক্ৰামক ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেপাটাইটিছ চি” প্ৰবন্ধৰ সংশোধন ৬৩০৯১১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।