বিভুভূষণ চৌধুৰী Bibhubhushan Chaudhury অসমৰ কৰিমগঞ্জ জিলাৰ শ্ৰীহট্টৰ এগৰাকী সাহিত্যিক, দাতা আৰু গ্ৰন্থ প্ৰকাশক।১১৯৩৬ চনত তেওঁ শ্বিলঙৰ পুলিচ বজাৰ অঞ্চলৰ কিটিং ৰ’ডত চপলা বুক ষ্টল নামে এটি গ্ৰন্থ বিক্ৰেতা আৰু প্ৰকাশন প্ৰতিষ্ঠান আৰম্ভ কৰিছিল, যি সেই সময়ৰ অসমীয়া, বঙালী ভাষা আৰু ইংৰাজী ভাষাৰ গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা লৈছিল।২
জন্ম আৰু শিক্ষা
১৯১২ চনৰ ২৬ ফেব্ৰুৱাৰীত অবিভক্ত অসমৰ ছিলেট বা শ্ৰীহট্টত বিভুভূষণ চৌধুৰীৰ জন্ম হৈছিল।১
লেখক বিভুভূষণ
বিভুভূষণ চৌধুৰীয়ে খাচী, অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰায় ২৫ খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছে। চপলা বুক ষ্টলৰপৰা প্ৰকাশ হোৱা তেওঁ ৰচনা কৰা ইংৰাজী খাচী অভিধান গ্ৰন্থখন অভিলেখ সংখ্যক বিক্ৰী হৈছিল।১ শতাব্দীৰ প্ৰণাম আৰু ভাৰতবৰ্ষ নামেৰে বঙালী ভাষাত তেওঁ দুখন কবিতা পুথি লিখিছিল। শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ কেইবাখনো গ্ৰন্থ তেওঁ বঙালী ভাষাৰপৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। ইয়াৰ ভিতৰত দেৱদাস, বিৰাজ বৌ, পৰিনীতা, দত্তা, প্ৰকাশ কুন্তলা, দেৱী চৌধুৰাণী আদি উল্লেখযোগ্য।১
সামাজিক কাম
চপলা বুক ষ্টল প্ৰতিষ্ঠাৰ উপৰিও চৌধুৰী শ্বিলঙৰ বঙ্গীয় সাহিত্য পৰিষদ, সনাতন ধৰ্ম সভা, শ্বিলং সাহিত্য চক্ৰ আদি অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল।১
তথ্যসূত্ৰ
- ↑ মিহিৰ কুমাৰ গোস্বামী. (২০১০). বনলতা সাহিত্য, তৃতীয় সংখ্যা. বনলতা. পৃ. ৬৭-৭০
- ↑ (19 July 2020). Last chapter but not the end. The Shillong Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিভুভূষণ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬১৮৪৯৬ (২১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।