প্ৰকাশক
২৬ প্ৰবন্ধ
-
অমৰ চিত্ৰ কথা
অমৰ চিত্ৰ কথা (Amar Chitra Katha (ACK Comics) ভাৰতৰ মুম্বাইত অৱস্থিত ভাৰতীয় কমিক বুক প্ৰকাশন গোষ্ঠী। ১৯৬৭ চনত অনন্ত পাইয়ে এই কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ অধিকাংশ কমিক ধৰ্মীয় কিংবদন্তি আৰু মহাকাব্য, ঐতিহাসিক ব্যক্তি আৰু জীৱনী, লোককথা আৰু সাংস্কৃতিক কাহিনীৰ ওপৰত আধাৰিত।
-
বিৰাগো প্ৰেছ
বিৰাগো প্ৰেছ মহিলাৰ লেখা আৰু নাৰীবাদী বিষয়ৰ কিতাপ প্ৰকাশ কৰা বৃটিছ প্ৰকাশক। ১৯৭০ চনত মহিলাৰদ্বাৰা আৰম্ভ আৰু পৰিচালিত আৰু মহিলা মুক্তি আন্দোলনৰ (ডব্লিউ এল এম) সফলতাই শক্তিশালী কৰা বিৰাগোক প্ৰকাশনৰ ক্ষেত্ৰত অসমতাপূৰ্ণ লিংগ গতিশীলতাক সমাধান কৰাত সহায় কৰা কেইবাটাও ব্ৰিটিছ নাৰীবাদী প্ৰেছৰ ভিতৰত অন্যতম…
-
এন স্মিথ ফ্ৰেংকলিন
এন স্মিথ ফ্ৰেংকলিন (২ অক্টোবৰ, ১৬৯৬ – ১৬ এপ্ৰিল, ১৭৬৩) আমেৰিকাৰ ঔপনিৱেশিক কাকত মুদ্ৰক আৰু প্ৰকাশক আছিল। তেওঁৰ স্বামী জেমছ ফ্ৰেংকলিনৰপৰা তেওঁ এই ব্যৱসায় উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল, যি বেঞ্জামিন ফ্ৰেংকলিনৰ ভাতৃ আছিল।
-
কালি ফৰ উইমেন
কালি ফৰ উইমেন আছিল উৰ্বশী বুটালিয়া আৰু ঋতু মেননে প্ৰতিষ্ঠা কৰা ভাৰতৰ এখন ষ্টাৰ্ট আপ নাৰীবাদী প্ৰকাশক। কালি শব্দৰ অসমীয়া প্ৰতিশব্দ চিঞাহী। তৰ্কহীনভাৱে ই আছিল মহিলাৰ, মহিলাৰ বাবে আৰু মহিলাৰ বিষয়ে ৰচনা প্ৰকাশৰ বাবে উৎসৰ্গিত প্ৰথম ভাৰতীয় প্ৰেছ।
-
জুবান বুকচ্
জুবান বুকচ্ ২০০৩ চনত স্থাপন কৰা ভাৰতৰ দ্বিতীয়টো নাৰীবাদী প্ৰকাশন সংস্থা। ই নতুন দিল্লীত অৱস্থিত আৰু দক্ষিণ এছিয়াৰ মহিলাসকলৰ বাবে, মহিলাসকলৰদ্বাৰা আৰু তেওঁলোকৰ বিষয়ে কল্পকাহিনী, অকল্পকাহিনী, শৈক্ষিক আৰু শিশুৰ কিতাপ প্ৰকাশ কৰে।উৰ্বশী বুটালিয়াই ইয়াক প্ৰতিষ্ঠা কৰিছিল আৰু ই মহিলাৰ বাবে…
-
বিভুভূষণ চৌধুৰী
বিভুভূষণ চৌধুৰী Bibhubhushan Chaudhury অসমৰ কৰিমগঞ্জ জিলাৰ শ্ৰীহট্টৰ এগৰাকী সাহিত্যিক, দাতা আৰু গ্ৰন্থ প্ৰকাশক।১৯৩৬ চনত তেওঁ শ্বিলঙৰ পুলিচ বজাৰ অঞ্চলৰ কিটিং ৰ’ডত চপলা বুক ষ্টল নামে এটি গ্ৰন্থ বিক্ৰেতা আৰু প্ৰকাশন প্ৰতিষ্ঠান আৰম্ভ কৰিছিল, যি সেই সময়ৰ অসমীয়া, বঙালী ভাষা আৰু ইংৰাজী ভাষাৰ গ্ৰন্থ…
-
আন্না কেথাৰিনা জেংগাৰ
আন্না কেথাৰিনা জেংগাৰ (প্ৰায় ১৭০৪–১৭৫১) এগৰাকী আমেৰিকান প্ৰকাশক আৰু আমেৰিকাত বাতৰি কাকত প্ৰকাশ কৰা প্ৰথম মহিলা। তেওঁৰ পৰিয়ালে জাৰ্মানীৰ ফল্জ অঞ্চলৰপৰা পলায়ন কৰিছিল, ১৭০৪ চনৰ আশে-পাশে তেওঁৰ জন্ম হৈছিল আন্না কেথাৰিনা মাউল নামে, সম্ভৱতঃ ইংলেণ্ড বা নেদাৰলেণ্ডত।
-
এন ৱাৰ্ড (মুদ্ৰক)
এন ৱাৰ্ড (১৭১৫/১৬ – ১০ এপ্ৰিল ১৭৮৯) এগৰাকী ব্ৰিটিছ প্ৰিণ্টাৰ আৰু ব্যৱসায়ৰ মালিক আছিল। ১৭৫৯ চনত স্বামী চিজাৰ ৱাৰ্ডৰপৰা তেওঁৰ ব্যৱসায় উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল আৰু ইয়ৰ্ক ক’ৰেণ্ট কাকত আৰু কেইবাখনো কিতাপ দুয়োখন ছপা কৰিছিল।
-
এন্নে এছডাল
এন্নে এছডাল (জন্মনাম: মিডলটন; প্ৰায় ১৭১৮ – প্ৰায় ১৭৯৫) এগৰাকী আইৰিছ মুদ্ৰক, প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতা আছিল।
-
এন্নে কেথেৰিন হুফ গ্ৰীণ
এন্নে কেথেৰিন হুফ গ্ৰীণ (আনুমাণিক.১৭২০ – মাৰ্চ ২৩, ১৭৭৫) মেৰিলেণ্ডৰ এজন মুদ্ৰক আৰু প্ৰকাশক আছিল।
-
এলিছ মান
এলিছ মান (জন্মনাম: বাৰ্নেট; ১৭৯১–১৮৬৫) লিডছত জন্মগ্ৰহণ কৰা এগৰাকী উগ্ৰপন্থী আৰু প্ৰকাশক আছিল। সশস্ত্ৰ বিদ্ৰোহত জড়িত থকাৰ সন্দেহত স্বামীক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰয়োজনীয় কৰ নিদিয়াকৈ বাতৰি কাকত বিক্ৰী কৰাৰ অপৰাধত এসপ্তাহ আৰু ছমাহৰ কাৰাদণ্ড ভুগিছিল।
-
এলিছ ৰেইলি
এলিছ ৰেইলি (১৭০১/১৭০২ – ১৯ এপ্ৰিল ১৭৭৮) এগৰাকী আইৰিছ মুদ্ৰক আৰু প্ৰকাশক আছিল।
-
এলিজাবেথ মেলেট
এলিজাবেথ মেলেট (fl. ১৬৭২–১৭০৬) ইংৰাজী মুদ্ৰক আৰু কিতাপ বিক্ৰেতা আছিল যিয়ে ইংলেণ্ডৰ প্ৰথমখন দৈনিক কাকত দ্য ডেইলী ক’ৰেণ্ট প্ৰস্তুত কৰিছিল।
-
কেথাৰিনা বুইজ
কেথাৰিনা বুইজ (১৭১৪–১৭৮১), এগৰাকী ডাচ মানচিত্ৰ নিৰ্মাতা আৰু প্ৰকাশক আছিল, যি শক্তিশালী ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাবে এগৰাকী গুৰুত্বপূৰ্ণ মানচিত্ৰ নিৰ্মাতা হৈ পৰিছিল।
-
কেথেৰিন লিণ্টট
কেথেৰিন লিণ্টট (১৭৩৩–১৮১৬), পিছলৈ কেথেৰিন ফ্লেচাৰ, লণ্ডনৰ টেম্পলবাৰত জন্মগ্ৰহণ কৰা লেডী ফ্লেচাৰ এগৰাকী ইংৰাজ গ্ৰন্থ মুদ্ৰক আছিল। তেওঁ হেনৰী (১৭০৩–১৭৫৮) আৰু এলিজাবেথ লিণ্টট (জন্ম অব্ৰি, মৃত্যু ১৭৩৪)ৰ একমাত্ৰ জীয়াই থকা সন্তান আছিল।
-
চাৰা কটাৰ
চাৰা কটাৰ (মৃত্যু ১৭৯২) ১৮ শতিকাৰ মাজভাগত এগৰাকী আইৰিছ মুদ্ৰক আৰু গ্ৰন্থবিক্ৰেতা আছিল।
-
চাৰা গডাৰ্ড
চাৰা আপডাইক গডাৰ্ড (প্ৰায় ১৭০১ – ৫ জানুৱাৰী, ১৭৭০) আছিল ৰোড আইলেণ্ডৰ প্ৰভিডেন্সত প্ৰতিষ্ঠা হোৱা প্ৰথমখন কাকত প্ৰভিডেন্স গেজেট আৰু কাণ্ট্ৰী জাৰ্নেলৰ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰকাশক।
-
চাৰা হাৰ্ডিং
চাৰা হাৰ্ডিং (fl. ১৭২১–৯) আইৰিছ মুদ্ৰক আৰু প্ৰকাশক আছিল যিয়ে তেওঁৰ কিছুমান প্ৰকাশনৰ বাবে "দুৰ্ভাগ্যজনক কাৰাদণ্ড"ৰ সন্মুখীন হৈছিল। ১৭২৯ চনত জনাথন চুইফটৰ A modest proposal (দুখীয়াসকলে নিজৰ সন্তানক খাদ্য হিচাপে বিক্ৰী কৰিব পাৰে বুলি এটা ব্যংগ ধাৰণা) প্ৰকাশ কৰাৰ বাবে তেওঁ পৰিচিত।
-
ছাৰা হাইড
ছাৰা হাইড (মৃত্যু ১৫ নৱেম্বৰ ১৭৫০) এগৰাকী আইৰিছ মুদ্ৰক আৰু কিতাপ বিক্ৰেতা আছিল।
-
জাগৰণ প্ৰকাশন
জাগৰণ প্ৰকাশন লিমিটেড হৈছে এটা ভাৰতীয় সংবাদপত্ৰ প্ৰকাশক আৰু গণমাধ্যম উদ্যোগ, যি বম্বে ষ্টক এক্সচেঞ্জ আৰু নেচনেল ষ্টক এক্সচেঞ্জত তালিকাভুক্ত। এই কোম্পানীয়ে সংবাদপত্ৰ, সাময়িকী, জাৰ্নেল আদি মুদ্ৰণ আৰু প্ৰকাশন কৰে।
-
জেন ছুইশ্বেলম
জেন গ্ৰে কেনন ছুইশ্বেলম (৬ ডিচেম্বৰ, ১৮১৫ – ২২ জুলাই, ১৮৮৪) এগৰাকী আমেৰিকান ৰেডিকেল ৰিপাব্লিকান সাংবাদিক, প্ৰকাশক, বিলোপবাদী আৰু মহিলা অধিকাৰৰ সমৰ্থক আছিল। হৰেচ গ্ৰীলিয়ে তেওঁৰ নিউয়ৰ্ক ট্ৰিবিউনত নিযুক্তি দিয়া আমেৰিকাৰ প্ৰথম মহিলা সাংবাদিকসকলৰ ভিতৰত অন্যতম আছিল তেওঁ।
-
ডিনা নুথহেড
ডিনা নুথহেড (অনুমাণিক 1696) মেৰিলেণ্ড প্ৰভিন্সত বাস কৰা এগৰাকী ঔপনিৱেশিক মুদ্ৰক আছিল। তেৰটা কলনীত ছপাশালৰ অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমগৰাকী মহিলা বুলি ধাৰণা কৰা হৈছে। নুথহেডৰ জন্ম হৈছিল মেৰিলেণ্ডৰ এন্নে অৰুণ্ডেল কাউণ্টিত।
-
দেৱকীনন্দন খত্ৰী
দেৱকী নন্দন খাত্ৰী ( জন্ম ১৮ জুন,১৮৬১–১ আগষ্ট ১৯১৩) সমস্তীপুৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় সাহিত্যিক আৰু ঐতিহাসিক কল্পকাহিনী উপন্যাস চন্দ্ৰকান্তাৰ লেখক।চন্দ্ৰকান্ত এখন ঐতিহাসিক কল্পবিজ্ঞান/কল্পকাহিনী উপন্যাস।
-
মাগডেলিনা মৰহাৰ্ট
মাগডেলিনা মৰহাৰ্ট (জন্ম প্ৰায় ১৫০৫ চনত মেগডেলিনা কিৰ্চমেন নামেৰে; † মৃত্যু ১৫৭৪) টিউবিংগেনত এজন জাৰ্মান মুদ্ৰক আছিল। বিশ্ববিদ্যালয় আৰু ৱুৰ্টেমবাৰ্গ চৰকাৰৰ বাবে উপাধিসমূহকে ধৰি তেওঁ প্ৰায় ৫০০টা শিৰোনাম ছপা কৰিছিল।
-
মেৰী ক্ৰুক
মেৰী ক্ৰুক ( fl. 1657–1692) এগৰাকী আইৰিছ মুদ্ৰক আৰু গ্ৰন্থ বিক্ৰেতা আছিল।
-
ৰামনাথ গোৱেঙ্কা
ৰামনাথ গোৱেংকা (Ramnath Goenka; ২২ এপ্ৰিল ১৯০৪ – ৫ অক্টোবৰ ১৯৯১) এজন ভাৰতীয় কাকত প্ৰকাশক। ১৯৩০ চনত তেওঁ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব ক্ৰয় কৰিছিল। তেওঁ বিভিন্ন ইংৰাজী আৰু আঞ্চলিক ভাষাৰ প্ৰকাশনেৰে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপ গঠন কৰে।