ভাওনা
১০ প্ৰবন্ধ
-
ভাওনা
ভাওনা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ নাট্য-সৃষ্টি অংকীয়া নাটৰ মঞ্চ-অভিনয় ৰূপ। ই মূলত ধৰ্মীয় শিক্ষা আৰু লোকশিক্ষাৰ এক ফলপ্ৰদ মাধ্যম হিচাপে সত্ৰ বা নামঘৰত পবিত্ৰ অনুষ্ঠানৰূপে অনুষ্ঠিত হয়।
-
অংকীয়া নাট
অংকীয়া নাট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ ৰচিত বৈষ্ণৱ ভাবধাৰামূলক একাংকিক নাট-সাহিত্য, যাৰ আধাৰ প্ৰধানকৈ পৌৰাণিক আখ্যান। এই নাটসমূহৰ লিখিত পাঠক “অংকীয়া নাট” আৰু সেই পাঠৰ মঞ্চায়ন-পৰম্পৰাক “অংকীয়া ভাওনা” বা ভাওনা বুলি পৃথককৈ বুজোৱা হয়।
-
অসমৰ মুখা শিল্প
মুখাশিল্প (Mask making) অসমৰ এবিধ প্ৰাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়। শ্ৰীৰামচৰণ ঠাকুৰৰ 'চৰিত পুথি'ত কৰা বৰ্ণনা অনুসৰি মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো (যেনে-বিষ্ণুৰ বাহন গৰুড়, ব্ৰহ্মাৰ বাহন…
-
গায়ন-বায়ন
গায়ন-বায়ন ( Gayan-bayan) অসমৰ বৈষ্ণৱ সত্ৰীয়া পৰম্পৰাৰ এক প্ৰধান অংগ। গায়ন-বায়ন পৰিবেশন যুটিত গীত গাঁৱতা জনক ’গায়ন’ আৰু বাদ্য বজোৱা জনক ’বায়ন’ বোলা হয়।
-
বাৰেচহৰীয়া ভাওনা মহোৎসৱ
বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। 'বাৰে' মানে অনেক আৰু 'চহৰীয়া' মানে ৰাইজ। গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুষ্ঠিত হৈ আহিছে।
-
বহুৱা
বহুৱা অসমৰ অংকীয়া নাট-ভাওনাৰ এক উল্লেখযোগ্য চৰিত্ৰ। বহুৱা শব্দৰ অৰ্থ, সাধাৰণতে চাৰ্কাছৰ সৈতে জড়িত এজন শিল্পী যি খুঁহুতীয়া কথা আৰু অভিনয়েৰে দৰ্শকক হাঁহিৰ খোৰাক যোগায়।
-
বোকা ভাওনা
বোকাখেচা ভাওনা, বোকা ভাওনা বা পেঁকযাত্ৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নন্দোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক ভাওনা বিশেষ। বোকা খেচি আনন্দোল্লাস কৰা হয় বাবে এই অনুষ্ঠানৰ নাম বোকাখেচা বা বোকা ভাওনা হৈছে।
-
সূত্ৰধাৰ নৃত্য
সূত্ৰধাৰ নৃত্য(Sutradhari Nritya) সত্ৰীয়া পৰিৱেশ্য কলাৰ অন্তৰ্গত এটি নৃত্য শৈলী। সূত্ৰধাৰজন একাধাৰে গায়ক, নৰ্তক, ঘোষক আৰু পৰিস্থিতিৰ ব্যাখ্যাকাৰী। সূত্ৰধাৰী নাচ অংকীয়া ভাওনাৰ এটি অপবিহাৰ্য নৃত্যগোট। (গায়ন-বায়নৰ অন্তৰ্গত) সাধাৰণতে বৰপেটীয়া ধেমালি খনকে আধাৰ হিচাপে লৈ গুৰুকীৰ্তনৰ ভাওনা আৰম্ভ হয়।
-
হেজাৰী ভাওনা
হেজাৰী ভাওনা বা কলিয়াবৰৰ হেজাৰী ভাওনা অসমৰ নগাঁও জিলাৰ কলিয়াবৰত অনুষ্ঠিত ভাওনা উৎসৱ। অসমৰ নাট ভাওনাৰ এক বিশেষ পৰিৱেশ্য আঞ্চলিক ৰূপ হিচাপে নগাঁৱৰ হেজাৰী ভাওনা বিখ্যাত।
-
কমিটি ভাওনা
কমিটি ভাওনা অসমৰ মৰিগাঁও জিলাৰ চৰাইবাহীত প্ৰতি ৩ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। ১৮৫৮ চনৰ ডিচেম্বৰ মাহৰ পৰা এই ভাওনা মহোৎসৱ চৰাইবাহীত অনুষ্ঠিত হৈ আহিছে। প্ৰথম অৱস্থাত ই বছৰেকীয়া হিচাপত অনুষ্ঠিত হৈছিল যদিও পিছলৈ ১৮৮৫ চনৰ পৰা প্ৰতি তিনিবছৰৰ মূৰত ভাওনা অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয়।