কাবাডী ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় খেল। বৰ্তমানে কাবাডী আন্তৰ্জাতিকভাৱেও খেলা হয়। এই খেল সাধাৰণতে কিশোৰৰ পৰা প্ৰাপ্তবয়স্ক সকলো ল’ৰা-ছোৱালী, পুৰুষ মহিলা উভয়ে খেলিব পাৰে। কাবাডী বাংলাদেশৰ জাতীয় খেল। বাংলাদেশ স্বাধীন হোৱাৰ পিছত বাংলাদেশত কাবাডী ফেডাৰেশ্যন গঠিত হয়। পূৰ্বে কেৱল মাত্ৰ গাঁৱত প্ৰচলিত এই কাবাডী খেলৰ প্ৰচলন দেখা গ’লেও বৰ্তমান পৃথিৱীৰ সকলো ঠাইতে কাবাডী খেলা প্ৰচলন হৈছে। ১৯৭৮ চনত ভাৰত, বাংলাদেশ, নেপাল, শ্ৰীলংকা আৰু ম্যানমাৰৰ প্ৰতিনিধিৰ উপস্থিতিত এছিয়ান কাবাডী ফেডাৰেশ্যন গঠিত হয়। ১৯৮০ চনৰ ফেব্ৰুৱাৰী মাহত কলকতাত প্ৰথম এছিয়ান কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হয়।
খেলপথাৰৰ জোখমাখ
- দৈৰ্ঘ্য: পুৰুষৰ বাবে ১২.৫ মিটাৰ; মহিলা আৰু কনিষ্ঠ খেলুৱৈৰ বাবে ১১ মিটাৰ
- প্ৰস্থ: পুৰুষৰ বাবে ১০ মিটাৰ; মহিলা আৰু কনিষ্ঠ খেলুৱৈৰ বাবে ৮ মিটাৰ
- ব্লকৰ আকৃতি: পুৰুষৰ বাবে ২ মিটাৰ x ৮ মিটাৰ; মহিলাৰ বাবে ২ মিটাৰ x ৬ মিটাৰ
- মধ্যৰেখাৰ পৰা বাল্কলাইনৰ দূৰত্ব: পুৰুষৰ বাবে ৩.২ মিটাৰ x ৮ মিটাৰ; মহিলাৰ বাবে ৩ মিটাৰ
বুনিয়াদ
- খেলুৱৈৰ সংখ্যা: প্ৰতিদলৰ খেলুৱৈৰ সংখ্যা মুঠ ১২ জন; অংশগ্ৰহণকাৰী খেলুৱৈৰ সংখ্যা ৭ জন, অতিৰিক্ত ৫জন খেলুৱৈ দলৰ প্ৰয়োজন অনুসৰি খেলত অৱতীৰ্ণ হয়।
- ৰেফাৰীৰ সংখ্যা: ১ জন
- লাইনমেনৰ সংখ্যা: ২ জন
- স্ক’ৰাৰৰ সংখ্যা: ১ জন
- আম্পায়াৰৰ সংখ্যা: ২ জন
নিৰ্দ্ধাৰিত নিয়ম নীতি
- টচত জয়ী হোৱা দলৰ অধিনায়কে খেলপথাৰৰ দিশ বাচি ল’ব পাৰিব।
- ৰেইড কৰি লোৱাৰ পিছ মুহূৰ্ততে (অতি বেচি ৫ ছেকেণ্ড) অন্য দলে ৰেইড কৰিব লাগিব। পলম হ’লে ইটো দলে ৰেইডৰ সুবিধা পায়।
- নিজৰ নিজৰ অংশত দুইজন আম্পায়াৰে সিদ্ধান্ত ল’ব পাৰে। কিবা অমিল হ’লে চূড়ান্ত সিধান্ত পৰিচালক বা ৰেফাৰীয়ে ল’ব।
- খেল চলি থকা সময়ত সীমাৰেখাৰ বাহিৰ হ’লে খেলৰো বাহিৰ হ’ব।
- ৰেইডাৰ বাল্ক লাইন পাৰ হৈ আহিবই লাগিব অন্যথা তেওঁ বাহিৰ হ’ব লাগিব।
- শিকলিবদ্ধ বা অন্য প্ৰকাৰে ৰেইডাৰক বাল্ক লাইন পাৰ হোৱাত বাধা দিওঁতে ৰেইডাৰে খেলুৱৈক ষ্পৰ্শ কৰিলে সেইজন বাহিৰ হ’ব।
- এবাৰত এজন মাত্ৰ খেলুৱৈ ৰেইড কৰিবলৈ যাব। যদি বাৰম্বাৰ যায় তেন্তে আম্পায়াৰে ঘূৰি আহিবলৈ নিৰ্দেশ দিব আৰু দুনাই ৰেইড কৰাৰ সুবিধা নাপাব। এনে অৱস্থাত বিপৰীত দলৰ খেলুৱৈক ষ্পৰ্শ কৰি আহিলেও সেইজন বাহিৰ নহ’ব।
- ৰেইডৰ সময়ত "কাবাডী-কাবাডী" বুলি ডাঙৰকৈ চিঞৰিব লাগিব আৰু সোঁফালেদিহে বিপক্ষৰ এলেকাত প্ৰৱেশ কৰিব পাৰিব।
- বিপক্ষ দলৰ এলেকাত উশাহ এৰি দিলে ৰেইডাৰজন বাহিৰ হ’ব।
- বিপক্ষ দলৰ খেলুৱৈয়ে ৰেইডাৰজনক ধৰি থকা অৱস্থাত কোনো কাৰণতেই উশাহ বন্ধ কৰিবলৈ চেষ্টা কৰিব নোৱাৰিব। এনে কৰিলে ৰেইডাৰ জনক নিজৰ এলেকালৈ ঘূৰাই পঠোৱা হ’ব।
- ৰেইডাৰজনে ৰেইড কৰি থকা অৱস্থাত বিপক্ষ দলৰ কোনো খেলুৱৈ মধ্যৰেখা পাৰ হৈ বিপৰীত দলৰ এলেকালৈ যাব নোৱাৰিব। এনে কৰাজনক বাহিৰ কৰি দিয়া হ’ব। এই নীতি উলংঘা কৰি যদি ৰক্ষাত্মক দিশৰ খেলুৱৈয়ে ধৰি ৰাখে তেনেহ’লে ৰেইডাৰজনক নিজৰ কৰ্টলৈ ঘূৰাই পঠিওৱা হ’ব আৰু তেওঁক ষ্পৰ্শ কৰা সকলো খেলুৱৈ বাহিৰ হ’ব।
- যদি দলত মাত্ৰ এজন বা দুজন খেলুৱৈ ৰয়গৈ তেতিয়া অধিনায়কজনে হাৰিছোঁ বুলি ঘোষণা কৰিব পাৰিব। এনে অৱস্থাত যিমানজন খেলুৱৈ থকা অৱস্থাত অধিনায়কে ঘোষণা কৰে সিমান সংখ্যক নম্বৰ বিপক্ষ দলে লাভ কৰে লগতে ল’নাও পায়।
- পুৰুষৰ ক্ষেত্ৰত ২৫ মিনিট সময় আৰু মহিলাৰ ক্ষেত্ৰত ২০ মিনিট সময় খেলা অনুষ্ঠিত হয়। মাজত বিৰতিৰ সময় ৫ মিনিট। খেলৰ শেষত যি দলে অধিক নম্বৰ পায় সেই দলেই বিজয়ী হয়। দুয়োটা দলৰ নম্বৰ সমান হ’লে দুয়োদলৰ মাজত আৰু ৫ মিনিট কৰি খেলা হ’ব। তাৰপিছতো যদি নম্বৰ সমান থাকে তেন্তে যি দলে প্ৰথম পইণ্ট অৰ্জন কৰিছিল সেই দলেই জয়ী হ’ব।
ল’না:-
- এটা দল পৰাস্ত হোৱাৰ পিছত বিজয়ী দলে সংগ্ৰহ কৰা নম্বৰৰ লগতে ল’নাও ও পাব।
- এই ল’নাৰ বাবদ ২ নম্বৰ অধিক পাব।
লেট কৰ্ট:-
- ৰেইড কৰাৰ সময়ত যদি মধ্যৰেখা পাৰ হৈ উশাহ লয় তেন্তে ইয়াক লেট কৰ্ট বোলে। এনে অৱস্থাত আম্পায়াৰে ৰেওঁক পুনৰ মধ্যৰেখাৰ পৰা উশাহ লৈ ৰেইড কৰিবলৈ নিৰ্দেশ দিব।
টাইম আউট:-
- কোনোবা খেলুৱৈ আঘাতপ্ৰাপ্ত হ’লে অধিনায়কে কিছু সময় বিচাৰিব পাৰে। এই সময় ২ মিনিটতকৈ বেছি হ’ব নোৱাৰিব।
অনান্য নিয়মাৱলী
- মধ্য বিৰতিৰ পিছত কৰ্টৰ দিশ সলনি হ’ব।
- প্ৰতিপক্ষৰ খেলুৱৈ বাহিৰ হোৱাৰ বাবদ বিপক্ষ দলটোৱে ১ (এক) নম্বৰ লাভ কৰিব।
- যদি কেনেবাকৈ নম্বৰ সমান হয় প্ৰতিটো পক্ষৰ বাবদ মুঠ ৫ মিনিটকৈ খেলোৱা হ’ব। তেতিয়াও যদি নম্বৰ সমান হয় তেতিয়াহ’লে অৱশেষত টচ কৰি চূড়ান্ত দল নিৰ্বাচিত কৰা হ’ব।
- দেহত কোনো ধৰণৰ তেলেতীয়া বস্তু ঘঁহি ল’ব নোৱাৰিব। হাতত আঙুঠি বা খাৰু পিন্ধিব নোৱাৰিব।
- মাদক দ্ৰব্য সেৱন কৰাজনে খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব।
- খেলুৱৈৰ পোচাকৰ ক্ষেত্ৰত সন্মুখ আৰু পিছফালে খেলুৱৈসকলে ক্ৰমিক নম্বৰ লগাই ল’ব লাগিব।
ফাউল
- মুখত ধৰি উশাহ বন্ধ কৰিবলৈ বিচৰা।
- ভৰিৰে জপতিয়াই ধৰি ৰেইডাৰক ধৰি ৰাখিবলৈ চেষ্টা কৰা।
- ৰেইডাৰক ৫ চেকেণ্ডৰ ভিতৰত ভিতৰত নপঠিওৱা।
- চুলি বা কাপোৰত ধৰি ৰেইকাডাৰক ৰাখিবলৈ চেষ্টা কৰা।
- আঁঠুৰ ওপৰত ভৰিৰে গোৰ মাৰি স্পৰ্শ কৰিবলৈ বিচৰা।
বাহ্যিক সংযোগ
- Watch Online Lates Kabaddi Tournaments
- Watch Online Daudhar Kabaddi Cup 2011 Free Here
- International Kabaddi Federation
- Asian Amateur Kabaddi Federation
- Amateur Kabaddi Federation of India
- Iran Kabaddi Federation
- Japan Kabaddi Association
- International Kabaddi Teams
- A Game Called Kabbadi - slideshow by The New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাবাডী” প্ৰবন্ধৰ সংশোধন ৬১৫০২০ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।