অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আসাম বেংগল ৰে’লৱে

আসাম বেংগল ৰে’লৱে’ (Assam Bengal Railway, চমুকৈ ABR) ব্ৰিটিছ ভাৰতৰ আৰম্ভণি কালৰ এটা ৰে’লৱে’ কোম্পানী আছিল। বেংগল এণ্ড আসাম ৰে’লৱে’ৰ পূৰ্বসূৰী এই কোম্পানীটোৰ কাৰ্যকাল আছিল ১৮৯২ চনৰ পৰা ১৯৪২ চনলৈ।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ৪১১ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আসাম বেংগল ৰে’লৱে’ (Assam Bengal Railway, চমুকৈ ABR) ব্ৰিটিছ ভাৰতৰ আৰম্ভণি কালৰ এটা ৰে’লৱে’ কোম্পানী আছিল। বেংগল এণ্ড আসাম ৰে’লৱে’ৰ পূৰ্বসূৰী এই কোম্পানীটোৰ কাৰ্যকাল আছিল ১৮৯২ চনৰ পৰা ১৯৪২ চনলৈ।১২৩

ইতিহাস

অসমৰ চাহ উদ্যোগৰ উন্নয়নৰ হকে অসম বেংগল ৰে’লৱে’ কোম্পানী ১৮৯২ চনত গঠিত হয়।৪ আসাম বেংগল ৰে’লৱে’ই অসমৰ চাহ বাগিছা আৰু কয়লা খনি অধ্যুষিত অঞ্চলবোৰক চিটাগং বন্দৰৰ সৈতে সংযোজিত কৰে; যাতে সহজে অসমৰ চাহ আৰু কয়লা বিদেশলৈ লৈ যাব পৰা যায়।

উত্তৰসূৰী

১৯৪২ৰ ১ জানুৱাৰীত আসাম বেংগল ৰে’লৱে’ক ব্ৰিটিছ ভাৰত চৰকালৈ হস্তান্তৰ কৰি নতুনকৈ গঠিত বেংগল এণ্ড আসাম ৰে’লৱে’ত (B&A Railway) অন্তৰ্ভূক্ত কৰা হয়। বেংগল-আসাম ৰে’লৱে’ত ইষ্টাৰ্ণ বেংগল ৰে’লৱে’,'বেংগল-দুৱাৰ ৰে’লৱে’', যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’, চাপৰমুখ-শিলঘাট ৰে’লৱে’, 'কাটাখাল-লালাবজাৰ ৰে’লৱে’' আদি আন বহুকেইটা কোম্পানীকো চামিল কৰা হয়।৪১৫৬১৯৪৭ চনত ভাৰত বিভাজনৰ লগে-লগে বেংগল এণ্ড আসাম ৰে’লৱে’ৰো বিভাজন হ’ল। এই ৰে’লৱে’ৰ এটা বৃহত্তৰ অংশ, ২৬০৩.৯২ কিলোমিটাৰ পৰিল পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশত। এটা অংশ সংযুক্ত কৰা হ’ল পূব ৰে’লৱে’ৰ সৈতে। বাকী অংশটোক আসাম ৰে’লৱে’ নামকৰণ কৰি পাণ্ডুত মুখ্য কাৰ্যালয় স্থাপন কৰা হয়।৭

১৯৪৭ চনত ভাৰত বিভাজনৰ ফলত ভাৰতত ভাগত পৰা ব্ৰড গ’জ ৰেলপথখিনি ইষ্ট ইণ্ডিয়া ৰে’লৱে’ত অন্তৰ্ভূক্ত কৰা হয়। বেংগল-আসাম ৰে’লৱে’ৰ অসম আৰু উত্তৰ বঙ্গত থকা মিটাৰ গ’জ ৰেলপথখিনিক লৈ আসাম ৰেলেৱে গঠন কৰা হয়। আসাম ৰে’লৱে’ৰ মুখ্য কাৰ্যালয় পাণ্ডুত স্থাপন কৰা হয়।৮

১৯৫২ চনত ভাৰতীয় ৰেলক প্ৰশাসনিক সুবিধাৰ বাবে ৬টা জ’নত বিভক্ত কৰা হয়। সেই সূত্ৰে অৱধ-তিৰহুট ৰে’লৱে’, বোম্বে বৰোডা এণ্ড চেণ্ট্ৰেল ইণ্ডিয়া ৰে’লৱে’ৰ ফটেহপুৰ জিলা আদিকে ধৰি আসাম ৰে’লৱে’ৰ ২৮৫৭ কিলোমিটাৰ পথ পূৰ্বোত্তৰ ৰে’লৱে’ জ’নত অন্তৰ্ভূক্ত কৰা হয়। ১৯৫৮ চনত পূৰ্বোত্তৰ ৰে’লৱে’ৰ বিভাজন ঘটাই উত্তৰ-পূব সীমান্ত ৰে’লৱে’ গঠন কৰা হয়।৪৯১০১১ আনহাতে ইষ্ট ইণ্ডিয়া ৰে’লৱে’ৰ অন্তৰ্ভূক্ত হোৱা পূৰ্বৰ বেংগল-আসাম ৰে’লৱে’ৰ ব্ৰডগ’জ ৰেলপথখিনি পূব ৰে’লৱে’ জ’নত (Eastern Railway Zone) চামিল হয়।১২

আনহাতে পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশত অন্তৰ্ভূক্ত হোৱা ৰেলপথখিনিক ইষ্টাৰ্ণ বেংগল ৰে’লৱে’ নাম দিয়া হয়। ১৯৬১ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে এই নাম সলাই পাকিস্তান ইষ্টাৰ্ণ ৰে’লৱে’ কৰা হয়।১৩ বাংলাদেশ গঠন হোৱাৰ পাছত ই হয়গৈ বাংলাদেশ ৰে’লৱে’।১৪

ৰেলপথ

আসাম বেংগল ৰে’লৱে’ তথ্য ফলক, তিনচুকীয়া হেৰিটেজ মিউজিয়াম
আসাম বেংগল ৰে’লৱে’ তথ্য ফলক, তিনচুকীয়া হেৰিটেজ মিউজিয়ামছবি: Deepjyoti05 · CC BY-SA 3.0

আসাম বেংগল ৰে’লৱে’ই ১৮৯১ চনত বঙ্গৰ পূব অঞ্চলত ৰেলপথ বহুওৱাৰ কাম আৰম্ভ কৰে। ১৮৯৫ চনত বৰ্তমান বাংলাদেশৰ চিটাগং আৰু কুমিল্লাৰ মাজত ১৫০ কিলোমিটাৰ দৈৰ্ঘৰ ৰেলপথচোৱা চলাচলৰ বাবে মুকলি কৰা হয়। কুমিল্লা-আখাউৰা-কুলাৰা-বদৰপুৰ শাখা মুকলি কৰা হয় ১৮৯৬-১৮৯৮ চনৰ ভিতৰত। পাছলৈ এই পথচোৱা লামডিঙলৈ সম্প্ৰসাৰণ কৰা হয়।১৪১৫১৬ ১৯০০ চনত গুৱাহাটীলৈ এটা শাখা ৰেলপথ তৈয়াৰ কৰা হয়। ১৯০২ চনত এই পথটো তিনিচুকীয়ালৈ সম্প্ৰসাৰণ কৰা হয় আৰু ১৯০৩ চনত ইয়াক ডিব্ৰু-শদিয়া ৰেলপথৰ সৈতে সংযোজিত কৰা হয়। একেটা বছৰতে আসাম বেংগল ৰে’লৱে’ই লকচমৰ পৰা নোৱাখালিলৈয়ো এটা শাখা ৰেলপথ নিৰ্মাণ কৰে।৪

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Assam Bengal Railway, Banglapedia: The National Encyclopedia of Bangladesh, Asiatic Society of Bangladesh, ঢাকা, Retrieved: 2007-01-11
  2. ↑ Eastern Bengal Railway, Banglapedia: The National Encyclopedia of Bangladesh, Asiatic Society of Bangladesh, ঢাকা, Retrieved: 2007-01-11
  3. ↑ East Indian Railway, Banglapedia: The National Encyclopedia of Bangladesh, Asiatic Society of Bangladesh, ঢাকা, Retrieved: 2007-01-11
  4. ↑ R.P.Saxena. Indian Railway History timeline
  5. ↑ History, Bangladesh Railway, বাংলাদেশ, Retrieved: 2007-01-11
  6. ↑ Rao, M.A. (1988). Indian Railways, New Delhi: National Book Trust, p.37
  7. ↑ আৰ্কাইভ কপি
  8. ↑ Rao, M.A. (1988). Indian Railways, New Delhi: National Book Trust, p.39
  9. ↑ History. Northeast Frontier Railway
  10. ↑ Chapter 1 - Evolution of Indian Railways-Historical Background. Ministry of Railways, India website
  11. ↑ Rao, M.A. (1988). Indian Railways, New Delhi: National Book Trust, pp.42-3
  12. ↑ Sealdah division-Engineering details. The Eastern Railway, Sealdah division
  13. ↑ Hstory. Bangladesh Railways
  14. ↑ Railway. Banglapaedia
  15. ↑ Report on the administration of North East India (1921-22). p. 46. Google Books/ Mttal Publishers Distributors
  16. ↑ S.N.Singh, Amarendra Narain, Purnendu Kumar. Socio Economic and Political Problems of Tea Garden Workers: A Study of Assam, Published 2006, ISBN 81-8324-098-4. p. 105. Mittal Publications, New Delhi

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰেল পৰিবহণভাৰতৰ বিলুপ্ত ৰেল কোম্পানীবাংলাদেশঅসমৰ পৰিবহণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আসাম বেংগল ৰে’লৱে” প্ৰবন্ধৰ সংশোধন ৪৯৩৯১১ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।