আজাৰবাইজান ৰেলৱে মিউজিয়াম (Azerbaijan Railway Museum, আজাৰবাইজানী ভাষাত:Azərbaycan Dəmiryol Muzeyi) হৈছে আজাৰবাইজানৰ বাকুত অৱস্থিত এটি ৰেলৱে সংগ্ৰহালয়। সংগ্ৰহালয়টো ২০১৯ চনত মুকলি কৰা হৈছিল।১
জাফৰ জাব্বাৰ্লি স্কোৱেৰৰ ওচৰত তথা বাকুৰ মাজ মজিয়াত থকা ঐতিহাসিক চাবুঞ্চু ৰেলৱে ষ্টেচনৰ ভৱনটোত এই সংগ্ৰহালয়টো অৱস্থিত।২
ইতিহাস
২০১৯ চনৰ ১৯ নৱেম্বৰত, ৰাষ্ট্ৰপতি ইলহাম আলিয়েভে আজাৰবাইজান ৰেলৱে সংগ্ৰহালয়টো মুকলি কৰিছিল।৩
ক’ভিদ মহামাৰীৰ সময়ত বন্ধ হৈ থকা সংগ্ৰহালয়টোৰ মহামাৰীৰ পাছতে পুৰ্ণনিৰ্মাণৰ কাম আৰম্ভ হয় আৰু প্ৰদৰ্শনীৰ বাবে যোগ্য প্ৰদৰ্শন সামগ্ৰীৰে সমৃদ্ধ হৈ উঠাৰ পাছত ২০২৩ চনৰ ২৮ ডিচেম্বৰ তাৰিখে ইয়াক পুনৰাই দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়।৪
ঐতিহাসিক চাবুঞ্চু ৰেলৱে ষ্টেচনৰ ভৱনটো (২৮ মে’ মেট্ৰ’ ষ্টেচনৰ সমীপত) হৈছে বাকু যাত্ৰীবাহী ৰেলৱে ষ্টেচনৰ বুৰঞ্জীপ্ৰসিদ্ধ এলেকাটোত থকা তিনিটা মূল অট্টালিকাৰ অন্যতম। এই ভৱনটোতে আজৰবাইজান ৰেলৱে মিউজিয়াম বা সংগ্ৰহালয়টো আছে। ১৯২৬ চনৰ ৬ জুলাইৰ দিনা আজাৰবাইজানত প্ৰথম বৈদ্যুতিক ৰেলপথ উদঘাটনৰ দিনা এই ভৱনটিৰ কাম আৰম্ভ হৈছিল। বাকুৰ চাবুঞ্চু ৰেলৱে ষ্টেচনটো হৈছে বৈদ্যুতিক ৰেল লাভ কৰা প্ৰথমটো ষ্টেচন ভৱন।৫
তথ্যসূত্ৰ
- ↑ (21 June 2020). What exponents displayed in Azerbaijan's first railway museum?. Report News Agency
- ↑ (18 May 2020). What exponents displayed in Azerbaijan's first railway museum?. www.azerbaycan24.com
- ↑ (21 Nov 2019). İlham Əliyevdən Dəmir Yolu Muzeyinə hədiyyə. Oxu.Az
- ↑ (28 December 2023). Bakıdakı Dəmiryol Muzeyi yenidən fəaliyyətə başlayıb. Report İnformasiya Agentliyi
- ↑ Baku Railway Station building. irs.gov.az
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজাৰবাইজান ৰেলৱে মিউজিয়াম” প্ৰবন্ধৰ সংশোধন ৬০৯৬৩৪ (২৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।