পৰ্যটন
২১ প্ৰবন্ধ
-
পৰ্যটন
বিভিন্ন ঠাই দৰ্শণ আৰু আমোদ-প্ৰমোদৰ বাবে পৰিভ্ৰমণ কৰা কাৰ্য্যই হৈছে পৰ্য্যটন। অসম তথা ভাৰতবৰ্ষত বৰ্তমান বিভিন্ন পৰ্য্যটন ক্ষেত্ৰ গঢ়ি উঠিছে।
-
পাৱন মন্দিৰ
পাৱন মন্দিৰ ইণ্ডোনেছিয়াৰ মধ্য জাভাত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। শৈলেন্দ্ৰ বংশৰ ৰাজত্বকালত (৮ম–৯ম শতিকা) নিৰ্মিত এই বৰোবুদুৰ মন্দিৰ চৌহদৰ এটা অংশ, যিটো একেটা অক্ষত অৱস্থিত তিনিটা মন্দিৰৰে গঠিত; বড়োবুদুৰ, পাৱন, আৰু মেন্দুট। তিনিওটা মন্দিৰতে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি লিপিবদ্ধ কৰা হৈছে।
-
পুনাখা
পুনাখা ( Punakha) ভূটানৰ ২০ খন জিলাৰ ভিতৰত এখন আৰু ই পুনাখা জংখাগৰ প্ৰশাসনিক কেন্দ্ৰ। ১৯৫৫ চনলৈকে পুনাখা ভূটানৰ ৰাজধানী আৰু চৰকাৰৰ সচিবালয়ৰ স্থান আছিল, তাৰ পিছত ৰাজধানী থিম্ফুলৈ স্থানান্তৰ কৰা হয়। পুনাখাৰ দূৰত্ব থিম্ফুৰ পৰা প্ৰায় ৭২ কিলোমিটাৰ, ৰাজধানীৰ পৰা গাড়ীৰে প্ৰায় ৩ ঘণ্টা সময় লাগে।
-
ধৌলি
ধৌলি বা ধৌলিগিৰি ভাৰতৰ ওড়িশা ৰাজ্যৰ ৰাজধানী ভূৱনেশ্বৰৰপৰা ৮ কিলোমিটাৰ দক্ষিণে দয়া নদীৰ পাৰত অৱস্থিত এটি পাহাৰ।
-
পাৰো (ভূটান)
পাৰো(Paro) (জোংখা: སྤ་རོ་) ভূটানৰ পাৰো উপত্যকাৰ পাৰো জিলাৰ এখন মুখ্য চহৰ। পাৰো সমগ্ৰ অঞ্চলটোত সিঁচৰতি হৈ থকা বহুতো পৱিত্ৰ স্থান আৰু ঐতিহাসিক অট্টালিকা সমৃদ্ধ এখন ঐতিহাসিক চহৰ। ইয়াৰ উপৰিও ইয়াত ভূটানৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইয়াতে আছে।
-
মেন্দুট
ইণ্ডোনেছিয়াৰ মধ্য জাভাৰ মাগেলাং ৰিজেন্সিৰ মুংকিড মহকুমাৰ মেন্দুট গাঁৱত অৱস্থিত মেন্দুট মন্দিৰ হৈছে নৱম শতিকাৰ বৌদ্ধ মন্দিৰ। বৰোবুদুৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ পূবে অৱস্থিত এই মন্দিৰ। মেন্দুট, বৰোবুদুৰ, পাৱন মন্দিৰ, এই তিনিওটা বৌদ্ধ মন্দিৰ একেটা সৰলৰেখাত অৱস্থিত।
-
আজাৰবাইজান ৰেলৱে মিউজিয়াম
আজাৰবাইজান ৰেলৱে মিউজিয়াম (Azerbaijan Railway Museum, আজাৰবাইজানী ভাষাত:Azərbaycan Dəmiryol Muzeyi) হৈছে আজাৰবাইজানৰ বাকুত অৱস্থিত এটি ৰেলৱে সংগ্ৰহালয়। সংগ্ৰহালয়টো ২০১৯ চনত মুকলি কৰা হৈছিল।
-
আহচান মঞ্জিল
আহচান মঞ্জিল ( Ahsan Manzil) বাংলাদেশৰ ঢাকাৰ বুৰিগংগা নদীৰ কাষৰ কুমাৰতোলি অঞ্চলত অৱস্থিত এটা ঐতিহাসিক ৰাজপ্ৰাসাদ। পূৰ্বতে ই ঢাকাৰ নবাবৰ বাসস্থান আৰু আসন আছিল আৰু ইয়াক পুৰণি ঢাকাৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। এতিয়া ই সংগ্ৰহালয় হিচাপে কাম কৰে।
-
ইক'টুৰিজম
ইক'টুৰিজম (Ecotourism) বুলিলে প্ৰাকৃতিক পৰিৱেশৰ ক্ষতি নকৰাকৈ বা জীৱ-জন্তুৰ বাসস্থানত ব্যাহত নকৰাকৈ অভিজ্ঞতা ল'ব বিচৰা পৰ্যটকসকলৰ বাবে আগবঢ়োৱা সেৱাকেই বুজা যায়। ই হৈছে এক প্ৰকাৰৰ পৰ্যটন য'ত প্ৰাকৃতিক এলেকালৈ দায়িত্বশীল ভ্ৰমণ, পৰিৱেশ সংৰক্ষণ আৰু স্থানীয় লোকসকলৰ কল্যাণ উন্নত কৰা অন্তৰ্ভুক্ত থাকে।
-
ইৰানৰ পৰ্যটন
ইৰাণৰ পৰ্যটন দেশখনৰ অৰ্থনীতিৰ এটা প্ৰধান খণ্ড, ই ২০২৩ চনত ৰাষ্ট্ৰীয় জিডিপিৰ প্ৰায় ৩% অৰিহণা যোগাইছিল। ২০২৪ চনত ৭০ লাখতকৈ অধিক পৰ্যটকে দেশখন ভ্ৰমণ কৰিছিল।
-
কাজাখাস্তানৰ পৰ্যটন
কাজাখাস্তানৰ পৰ্যটন আয়তনৰ হিচাপত কাজাখস্তান নৱম বৃহত্তম দেশ আৰু বিশ্বৰ বৃহৎ মাটি কালিৰে আৱৰি থকা দেশ। কাজাখস্তানত পৰ্যটন অৰ্থনীতিৰ এটা প্ৰধান উপাদান নহয়।
-
কালামাটি
কালামাটি উত্তৰ অসমৰ চিৰাং জিলাৰ ভাৰত আৰু ভূটান সীমান্তত অৱস্থিত এখন জনপ্ৰিয় পৰ্যটকস্থলী।
-
চিৰন্তন শিখা জলপ্ৰপাত
চিৰন্তন শিখা জলপ্ৰপাত (Eternal Flame Falls) নামৰ জলপ্ৰপাতটো পশ্চিম নিউয়ৰ্কৰ চেষ্টনাট ৰিজ পাৰ্কৰ এটা অংশ শ্বেল ক্ৰিক প্ৰিজাৰ্ভত অৱস্থিত আৰু ই এটা সৰু জলপ্ৰপাত। জলপ্ৰপাতটোৰ গুৰিৰ এটা সৰু গুহাত প্ৰাকৃতিক গেছ নিৰ্গত হয়, যাক জ্বলাই সৰু শিখা এটা উৎপন্ন কৰিব পাৰি।
-
দাৰ্জিলিং ৰ'পৱে
দাৰ্জিলিং ৰ'পৱে (Darjeeling Ropeway ) পশ্চিমবংগৰ দাৰ্জিলিঙত আছে। ই ৰঞ্জিত ভেলী ৰ'পৱে নামেৰেও জনাজাত। ই ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি আৰু এছিয়াৰ আটাইতকৈ দীঘল ৰ'পৱে। এই ৰ'পৱেটো দাৰ্জিলিং চহৰৰ উত্তৰ দিশৰপৰা ৰম্মন নদীৰ পাৰত অৱস্থিত চিংলা বজাৰলৈ বিস্তৃত। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৫ কি: মি:।
-
বাকু পাপেট থিয়েটাৰ
বাকু পাপেট থিয়েটাৰ বা বাকু পুতলা থিয়েটাৰৰ (Baku Puppet Theatre) পূৰ্বৰ নাম আছিল আজাৰবাইজান ৰাজ্যিক পুতলা থিয়েটাৰ। আব্দুলা শেইখৰ নামত ইয়াৰ নাম ৰখা হৈছিল, যাক আজাৰবাইজানী ভাষাত Abdulla Şaiq adına Azərbaycan Dövlət Kukla Teatrı বোলা হৈছিল। বাকুৰ নেফ্চিলা এভিনিউত এই থিয়েটাৰটো অৱস্থিত।
-
বালেশ্বৰ মন্দিৰ
বালেশ্বৰ মন্দিৰ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ চম্পাৱত চহৰত অৱস্থিত এটা প্ৰাচীন শিৱ মন্দিৰ৷ চন্দ বংশৰ দ্বাৰা নিৰ্মিত এই মন্দিৰটো শিলৰে খোদিত বাবে বিখ্যাত। বালেশ্বৰ মন্দিৰৰ বিষয়ে কোনো ঐতিহাসিক তথ্য পোৱা নাযায়।
-
ভাৰতত চিকিৎসা পৰ্যটন
ভাৰতৰ চিকিৎসা পৰ্যটন ভাৰতৰ চিকিৎসা পৰ্যটন দেশৰ অৰ্থনীতিৰ ভিতৰতে এক ক্ৰমবৰ্ধমান খণ্ড। ২০২২ চনত ভাৰতৰ চিকিৎসা পৰ্যটন খণ্ডৰ মূল্য ৯ বিলিয়ন মাৰ্কিন ডলাৰ বুলি অনুমান কৰা হৈছিল।
-
ভাৰতৰ সংৰক্ষিত আৰু নিষিদ্ধ অঞ্চল
বিদেশী (সংৰক্ষিত অঞ্চল) আইন, ১৯৫৮ত উল্লেখ কৰা হৈছে যে, ভাৰতৰ কিছুমান অঞ্চল (মূলতঃ উত্তৰ-পূব ভাৰতৰ) ভ্ৰমণ কৰিবলৈ অনা-ভাৰতীয় নাগৰিকৰ বাবে সংৰক্ষিত এলেকাৰ অনুমতি (PAP)ৰ প্ৰয়োজন। এই অনুমতি পত্ৰ লাভ কৰিবলৈ হ’লে কিছুমান বিশেষ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব।
-
ভূটানৰ পৰ্যটন
ভূটানৰ পৰ্যটন ( Tourism in Bhutan)ক্ষেত্ৰ আৰম্ভ হৈছিল ১৯৭৪ চনত, যেতিয়া ভূটান চৰকাৰে ৰাজহ সংগ্ৰহ আৰু ভূটানৰ অনন্য সংস্কৃতি আৰু পৰম্পৰাক বহিৰ্জগতৰ আগত প্ৰচাৰৰ উদ্দেশ্যে তেতিয়ালৈকে বহিৰ্বিশ্বৰ সৈতে বিচ্ছিন্ন দেশখন বিদেশীৰ বাবে মুকলি কৰি দিছিল। ১৯৭৪ চনত মুঠ ২৮৭ জন পৰ্যটকে ভূটান ৰাজ্য ভ্ৰমণ কৰিছিল।
-
মনকামনা মন্দিৰ
মনকামনা মন্দিৰ হৈছে পাৰ্বতীৰ অৱতাৰ দেৱী ভাগৱতীক উৎসৰ্গিত হিন্দু মন্দিৰ। ই নেপালৰ গণ্ডকী প্ৰদেশৰ গোৰ্খা জিলাৰ মনকামনা গাঁৱত অৱস্থিত। ১৬৭৮ চনত আৰ্মান ৰায়মাঝিয়ে এই মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল।
-
হিলিয়াৰ হ্ৰদ
হিলিয়াৰ হ্ৰদ (Lake Hillier) হৈছে পশ্চিম অষ্ট্ৰেলিয়াৰ দক্ষিণ উপকূলত থকা এটা নিমখীয়া পানীৰ হ্ৰদ। গুলপীয়া ৰঙৰ বাবে ই বিশেষভাৱে উল্লেখযোগ্য। গোল্ডফিল্ড-এস্পেৰেন্স অঞ্চলৰ ৰেচাৰ্চে দ্বীপপুঞ্জ গঠন কৰা দ্বীপ আৰু আইলেটবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মধ্য দ্বীপৰ কাষত এই হ্ৰদটো অৱস্থিত।