পাৰ
১০ প্ৰবন্ধ
-
হাইঠা
হাইঠা (Green pigeon) এবিধ পাৰজাতীয় চৰাইৰ প্ৰজাতি। ই সাধাৰণতে সৰু ফল-মূল আদি খায়। ইহঁতকযোৰ পতা অৱস্থাত অথবা সৰু গোটত চৰা দেখা যায়।
-
তিল কপৌ
তিল কপৌ (Spotted Dove, বৈজ্ঞানিক নাম: Spilopelia chinensis) সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই। দক্ষিণ-পূব এছিয়া তথা ভাৰত উপমহাদেশৰ ই এবিধ থলুৱা চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে বনাঞ্চল সমূহত দেখা যায় যদিও নগৰীয়া অঞ্চলতো ই বহুলভাৱে বিস্তৃত।
-
পাৰ চৰাই
পাৰ চৰাই (Pigeon) পৃথিৱীৰ প্ৰায় সকলো অঞ্চলতে পোৱা এবিধ মজলীয়া আকাৰৰ চৰাই। পাৰই সহজে পোহ মানে আৰু মানুহৰ লগত থাকি ভাল পায়। ই মানুহৰ পোহ মনা প্ৰথম চৰাই। খ্ৰীষ্টপূৰ্ব তিনি হাজাৰমান বছৰৰ আগতেই ইজিপ্টিত পাৰ পোহাৰ প্ৰমাণ পোৱা গৈছে।
-
ইটাগুৰীয়া হাইঠা
ইটাগুৰীয়া হাইঠা (Pompadour Green Pigeon, বৈজ্ঞানিক নাম-Treron sp.) 'Treron' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷
-
কমলা-বুকুৰ হাইঠা
কমলা-বুকুৰ হাইঠা, (Orange-breasted Green Pigeon, বৈজ্ঞানিক নাম-Treron bicinctus) এবিধ পাৰজাতীয় চৰাইৰ প্ৰজাতি৷ ইয়াক ঘাইকৈ এছিয়াত দেখা পোৱা যায়৷ ই সৰু আকাৰৰ ফল-মূল আদি খাই জীয়াই থাকে৷
-
বৰহাইঠা
বৰহাইঠা (Thick-billed Green Pigeon, বৈজ্ঞানিক নাম: Treron curvirostra) হাইঠা চৰাইৰ এটা প্ৰজাতি। ই সাধাৰণতে জাক পাতি বাস কৰে।
-
পৰঘুমা
পৰঘুমা (Green Imperial Pigeon, বৈজ্ঞানিক নাম-Ducula aenea) কপৌ গোটৰ এবিধ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় দক্ষিণ এছিয়াত ভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি।
-
হালধীয়া ঠেঙৰ হাইঠা
হালধীয়া ঠেঙৰ হাইঠা (Yellow-footed Green Pigeon, বৈজ্ঞানিক নাম- Treron phoenicoptera) ভাৰত উপমহাদেশত পোৱা হাইঠা চৰাইৰ এটা প্ৰজাতি৷ তাৰোপৰি ই ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজ্যিক চৰাই হিচাপেও স্বীকৃত৷ ই সাধাৰণতে জাক পাতি বাস কৰে৷
-
হাৰুৱা কপৌ
হাৰুৱা কপৌ (Red Turtle Dove or Red Collared Dove, বৈজ্ঞানিক নাম: Streptopelia tranquebarica), কপৌ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ থলুৱা চৰাইৰ প্ৰজাতি।
-
শিল কপৌ
শিল কপৌ (Common Emerald Dove, বৈজ্ঞানিক নাম: Chalcophaps indica) কলাম্বিডি (Columbidae) গোত্ৰৰ এবিধ থলুৱা চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধ ভাৰত উপমহাদেশ তথা ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া তথা অষ্ট্ৰেলিয়া পৰ্য্যন্ত বিস্তৃত হৈ আছে৷ শিল কপৌ ভাৰতৰ তামিলনাডু ৰাজ্যৰ জাতীয় চৰাইৰূপে পৰিচিত৷