উদ্ভিদৰ তীব্ৰ সঞ্চালন হৈছে অতি কম সময়ত, সাধাৰণতে এক ছেকেণ্ডৰ ভিতৰত সৃষ্টি হোৱা এক প্ৰকাৰৰ উদ্ভিদৰ চলন। যেনে, ভেনাছ ফ্লাইট্ৰেপৰ পিঞ্জৰাটো প্ৰায় ১০০ মিলিছেকেণ্ডত বন্ধ হয়।১ মাত্ৰ ০.৫ মিলিছেকেণ্ডৰ ভিতৰত ডগউড ব্ৰাঞ্চবেৰীৰ ফুলৰ পাহি খোল খায় আৰু ৰেণুবোৰ সিঁচৰতি হৈ পৰে। আটাইতকৈ তীব্ৰ সঞ্চালন ঘটে বগা নুনী উদ্ভিদৰ। ইয়াৰ ফুলৰ ৰেণুবোৰ স্ৰী-ধানীৰ পৰা মাত্ৰ ২৫ মাইক্ৰ’ছেকেণ্ডত সঞ্চাৰণ ঘটে।২
সাধাৰণতে উদ্ভিদত দেখা পোৱা মন্থৰ গতিৰ "বৃদ্ধি-চলন", যাক ট্ৰ’পিজিম বুলি কোৱা হয়, তাতকৈ এই তীব্ৰ চলন বহু পৃথক। ট্ৰ’পিজিম হৈছে উদ্ভিদৰ শাৰীৰিক, স্থায়ী স্থানান্তৰ আনহাতে তীব্ৰ সঞ্চালন আপেক্ষিক, ই পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে আৰু ই নিচেই কম সময়ত সম্পন্ন হয়। উদ্ভিদে এই তীব্ৰ সঞ্চালন আহৰণ কৰিবলৈ বহুতো প্ৰক্ৰিয়া ব্যৱহাৰ কৰিবলগীয়া হয়। স্ফাগ্নাম মছৰ ৰেণু সঞ্চাৰণ প্ৰক্ৰিয়াৰ দৰে অতি তীব্ৰ চলনত জল-প্ৰত্যাহাৰৰ দ্বাৰা সৃষ্ট অভ্যন্তৰীণ চাপৰ যোগেদি হঠাৎ ৰেণু সঞ্চাৰিত হোৱা কাৰ্য সংঘটিত হয়। ভেনাছ ফ্লাইট্ৰেপ বা ব্লাডাৰৱৰ্টৰ দৰে উদ্ভিদত পতংগ বা অন্য জীৱৰ সংস্পৰ্শত সৃষ্টি হোৱা বৈদ্যুতিক বিভৱৰ বাবেও সঞ্চালন কাৰ্য সম্পন্ন হয়।৩ লাজুকী লতাৰ পাত জাপখোৱাৰ দৰে মন্থৰ সঞ্চালন উদ্ভিদ কোষত সংঘটিত হোৱা পূৰ্বৱত হ’ব পৰা, কিন্তু পানীৰ চাপৰ তীব্ৰ বা অসম পৰিবৰ্তনৰ বাবে হ’ব পাৰে।৪ কোষৰ বাহিৰ আৰু ভিতৰত থকা আয়নৰ অস্থিৰতা আৰু আয়ন অভিবাহ (স্ৰোত, সোঁত) পানীৰ প্ৰতি প্ৰদৰ্শন কৰা ৰসাকৰ্ষণৰ সঁহাৰিয়ে এই প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে।৫
১৮৮০ চনত মৃত্যুৰ আগতে চাৰ্লছ ডাৰউইনে উদ্ভিদৰ চলন সম্পৰ্কত দ্য পাৱাৰ অৱ ম’ভমেণ্ট ইন প্লেণ্ট নামৰ এখন কিতাপ প্ৰকাশ কৰি গৈছিল।
চিকাৰ ধৰা উদ্ভিদ
- ভেনাছ ফ্লাইট্ৰেপ (ডায়’নিয়া মাছিপুলা)
- ৱাটাৰহুইল প্লেণ্ট (এল্ড্ৰভাণ্ডা ভেছিকিউল’ছা)
- ব্লাডাৰৱৰ্ট (ইউট্ৰিকুলেৰিয়া)
- চানডিউৰ কিছুমান প্ৰকাৰ (ড্ৰছেৰা)
পাত আৰু উপ-পত্ৰ সঞ্চালন কৰা উদ্ভিদ
কিছুমান উদ্ভিদৰ পাত অথবা উপ-পত্ৰ স্পৰ্শৰ দৰে যান্ত্ৰিক উদ্দীপনাৰ বাবে সঞ্চালিত হয়:

- এছকাইন’টমেনি:
- ষ্টাৰফ্ৰুইট (এভেৰোৱা কাৰাম্বলা)৮
- বায়ফাইটাম:
- চেমিক্ৰিষ্টা:
- পাৰ্টৰিজ মটৰ (চেমিক্ৰিষ্টা ফেচিকুলেটা)
- সংবেদী পাৰ্টৰিজ মটৰ (চেমিক্ৰিষ্টা নিক্টিটেন্স)
- চেমিক্ৰিষ্টা মিম’ছাইডেছ L.১৩
- মিম’ছা (লাজুকী লতা পৰিয়াল):
- বৃহৎ ভূৱা সংবেদী উদ্ভিদ (মিম’ছা ডাইপ্ল’ট্ৰিকা)
- কেটক্লেউ ব্ৰিয়াৰ (মিম’ছা নাট্টালী)
- বৃহৎ সংবেদী উদ্ভিদ (মিম’ছা পিগ্ৰা)
- মিম’ছা পলিয়েন্থা
- মিম’ছা পলিকাৰপা অন্য নাম. স্পেগেজিনী
- সংবেদী উদ্ভিদ (মিম’ছা পুডিকা)
- ৰোমাৰ ছেনছিটিভ ব্ৰিয়াৰ (মিম’ছা ৰোমেৰিয়ানা)
- ইষ্টাৰ্ণ ছেনছিটিভ প্লেণ্ট, ছেনছিটিভ ব্ৰিয়াৰ (মিম’ছা ৰুপাৰছিয়ানা)
- মিম’ছা উৰুগুৱেনছিছ
- নেপছুনিয়া:
- সালধীয়া নেপছুনিয়া (নেপছুনিয়া লিউছিয়া)
- সংবেদী নেপছুনিয়া (নেপছুনিয়া অলেৰেছিয়া)
- নেপছুনিয়া প্লেনা
- নেপছুনিয়া গ্ৰেচিলি
- ছীন্না আলাটা১৩
পাত বা উপ-পত্ৰৰ তীব্ৰ সঞ্চালন খালী চকুৰে ধৰিব পৰা উদ্ভিদ:
- টেলিগ্ৰাফ প্লেণ্ট (ক’ডাৰিঅ’কেলিক্স মটৰিয়াছ)
তীব্ৰ সঞ্চালনৰ দ্বাৰা ৰেণু সঞ্চাৰিত কৰা উদ্ভিদ
- স্কুইৰ্টিং কুকুমবাৰ (একবেলিয়াম আগ্ৰেষ্টি)
- কাৰ্ডামাইন হিৰছুটা আৰু অন্যান্য কাৰ্ডামাইন প্ৰজাতিসমূহৰ বীজ ধানীসমূহ স্পৰ্শ কৰিলে বিস্ফুৰিত হয়।
- ইম্পেছিয়েন্স (Impatiens)
- ছেন্দবক্স ট্ৰি
- ট্ৰিগাৰ প্লেণ্ট (ষ্টাইলিডিয়ামৰ সকলো প্ৰজাতি)
- কানাডিয়ান ডৰ্ফ কৰ্ণেল (আকা ডগউড ব্ৰাঞ্চবেৰী, কৰ্ণাছ কানাডেনছিছ)
- বগা নুনী (ম’ৰাছ আল্বা)২
- অৰ্কিড (কেটাছেটামৰ সকলো জাতি)
- ডাৰ্ফ মিছলেট (আৰ্চেউথ’বিয়াম)
- ৱিটছ-হাজেল (হেমেলিছ)
- কিছুমান ফেবেছিয়াৰ চিৰাবোৰ শুকালে পাক খায় ফাটি যায়, ফলত তাৰ গুটিবোৰ হঠাৎ চাৰিওফালে বহু দূৰলৈকে তীব্ৰ গতিত সিঁচৰতি হৈ পৰে।১৪১৫
- মাৰাণ্টেছিয়া১৬
- মিন্নিৰুট (ৰিউলিয়া টিউবাৰোজা)
- পেয়টি (ল’ফ’ফ’ৰা উইলিয়ামছি) স্পৰ্শৰ প্ৰতি সঁহাৰি জনায় ইয়াৰ পূংকেশৰ সঞ্চালিত হয়।১৭
তথ্যসূত্ৰ
- ↑ Forterre, Y., J.M. Skotheim, J. Dumais & L. Mahadevan 2005. How the Venus flytrap snaps. (318 KB) Nature'433': 421–425
- ↑ Taylor, P.E., G. Card, J. House, M. H. Dickinson & R.C. Flagan 2006. High-speed pollen release in the white mulberry tree, Morus alba L.. Sexual Plant Reproduction'19'(1): 19–24
- ↑ Poppinga, Simon; Weisskopf, Carmen; Westermeier, Anna Sophia. (2016-01-01). Fastest predators in the plant kingdom: functional morphology and biomechanics of suction traps found in the largest genus of carnivorous plants. AoB PLANTS
- ↑ Martone, Patrick T.; Boller, Michael; Burgert, Ingo. (2010-11-01). Mechanics without Muscle: Biomechanical Inspiration from the Plant World. Integrative and Comparative Biology. পৃ. 888–907
- ↑ Forterre, Yoël. (2013-11-01). Slow, fast and furious: understanding the physics of plant movements. Journal of Experimental Botany. পৃ. 4745–4760
- ↑ JSTOR Global Plants Compilation:Aeschynomene americana
- ↑ JSTOR Global Plants Compilation: Aeschynomene deightonii
- ↑ Missouri Botanical Garden: Averrhoa carambola
- ↑ JSTOR Global Plants Compilation: Biophytum abyssinicum
- ↑ JSTOR Global Plants Compilation: Biophytum helenae
- ↑ JSTOR Global Plants: Biophytum petersianum
- ↑ JSTOR Global Plants Compilation: Biophytum reinwardtii
- ↑ The Gardens' Bulletin Singapore 49 (1) (1997)
- ↑ Tony D. Auld. (1996). Ecology of the Fabaceae in the Sydney region: fire, ants and the soil seedbank. Cunninghamia. পৃ. 531–551
- ↑ Matt Lavin. (2001). Fabaceae. Macmillan Reference USA
- ↑ Marantaceae in Flora of North America @. Efloras.org
- ↑ Lophophora blog: Thigmotropic stamens
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উদ্ভিদৰ তীব্ৰ সঞ্চালন” প্ৰবন্ধৰ সংশোধন ৩৮০১৮৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।