দ্বীপ
২১ প্ৰবন্ধ
-
জাভা দ্বীপ
জাভা দ্বীপ বা জাভা (Java) ভাৰত মহাসাগৰৰ এটা দ্বীপ। ই ইণ্ডোনেছিয়াৰ এটা অংশ। ইয়াৰ দক্ষিণে ভাৰত মহাসাগৰ আৰু উত্তৰে জাভা সাগৰৰ সীমা। ১৫৩.৮ নিযুত লোকৰ জনসংখ্যাৰ সৈতে, জাভা হৈছে বিশ্বৰ আটাইতকৈ জনবহুল দ্বীপ, যি ইণ্ডোনেছিয়াৰ জনসংখ্যাৰ প্ৰায় ৫৪% লোকৰ বাসস্থান।
-
উইলিংডন দ্বীপ
উইলিংডন দ্বীপ (Willingdon Island) ভাৰতৰ সৰ্ববৃহৎ কৃত্ৰিম দ্বীপ। এই দ্বীপটো কেৰালাৰ কোচি চহৰৰ অন্তৰ্গত। বৰ্তমানৰ উইলিংডন দ্বীপৰ অধিকাংশ অংশ ভেম্বানাদ হ্ৰদৰপৰা মাটি উদ্ধাৰ কৰি সৃষ্টি কৰা হৈছিল।
-
নিকোবৰ দ্বীপপুঞ্জ
নিকোবৰ দ্বীপপুঞ্জ পূব ভাৰত মহাসাগৰৰ এটা দ্বীপপুঞ্জৰ শৃংখল। দক্ষিণ-পূব এছিয়াত সুমাত্ৰাত আচেহৰ পৰা ১৫০ কিলোমিটাৰ (৯৩ মাইল) উত্তৰ-পশ্চিমে অৱস্থিত আৰু থাইলেণ্ডৰ পৰা পূবে আন্দামান সাগৰৰ দ্বাৰা পৃথক।
-
লম্বক
লম্বক ইণ্ডোনেছিয়াৰ পশ্চিম নুছা টেংগাৰা প্ৰদেশৰ এটা দ্বীপ। ই লেছাৰ চুণ্ডা দ্বীপপুঞ্জৰ শৃংখলৰ অংশ, পশ্চিমে বালিৰপৰা লম্বক জলদ্বীপ আৰু পূবে ইয়াৰ আৰু চুম্বাৱাৰ মাজত আলাছ জলদ্বীপক পৃথক কৰে।
-
লেছাৰ চুণ্ডা দ্বীপপুঞ্জ
লেছাৰ চুণ্ডা দ্বীপপুঞ্জ, বৰ্তমান নুছা টেংগাৰা দ্বীপপুঞ্জ (ইণ্ডোনেছিয়ান: কেপুলাউয়ান নুছা টেংগাৰা, বা "দক্ষিণ-পূব দ্বীপপুঞ্জ")নামেৰে জনাজাত, ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জসমূহৰ এটা দ্বীপপুঞ্জ।
-
কেপেল দ্বীপ, ছিংগাপুৰ
কেপেল দ্বীপ (Keppel Island) হৈছে ছিংগাপুৰৰ বুকিট মেৰাহৰ হাৰ্বাৰফ্ৰণ্টৰ প্ৰেচিণ্টত অৱস্থিত এটি সৰু ব্যক্তিগত দ্বীপ। এই দ্বীপটো বহুলাংশে সমতল, কেপেল উপসাগৰৰ উত্তৰ অংশত, ছিংগাপুৰৰ মূল দ্বীপ আৰু চেণ্টোছা দ্বীপৰ মাজত অৱস্থিত।
-
চুলাৱেছি
চুলাৱেছি (Sulawesi), চেলেবেছ নামেৰেও জনাজাত, ইণ্ডোনেছিয়াৰ এটা দ্বীপ। চাৰিটা বৃহত্তৰ চুণ্ডা দ্বীপৰ ভিতৰত অন্যতম আৰু বিশ্বৰ ১১ নং বৃহত্তম দ্বীপটো বৰ্নিওৰ পূবে, মালুকু দ্বীপপুঞ্জৰ পশ্চিমে আৰু মিন্দানাও আৰু চুলু দ্বীপপুঞ্জৰ দক্ষিণে অৱস্থিত।
-
প্ৰাচীৰ দ্বীপ
প্ৰাচীৰ দ্বীপ (Barrier islands) এক বিশেষপ্ৰকাৰৰ উপকূলীয় অবয়ৱ। ই মূলতঃ একপ্ৰকাৰৰ বালিয়া পাহাৰ বা বালিয়াড়ী প্ৰণালী আৰু বালিৰ দ্বীপ। তৰংগ বা ঢৌ আৰু জোৱাৰ-ভাটাৰ ক্ৰিয়াৰ ফলত উপকূলৰ ওচৰৰ বালি জমা হৈ মূল ভূ-খণ্ডৰ সমান্তৰালভাৱে এই দ্বীপসমূহ গঠিত হয়।
-
ভাইপিন
ভাইপিন (Vypin,, কোচিন পৰ্তুগীজ: ইছলা ছান্তা) ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ অন্তৰ্ভুক্ত এক দ্বীপপুঞ্জ। ভাইপিন এটা প্ৰাচীৰ দ্বীপ হিচাপে অৱস্থিত। ইয়াৰ পশ্চিম দিশত আৰৱ সাগৰ আৰু পূব দিশত পেৰিয়াৰ নদীৰ বিভিন্ন শাখা নদীৰদ্বাৰা গঠিত কেৰালাৰ কায়াল (কোচিন কায়াল) আছে।
-
আন্দামান আৰু নিকোবৰ দীপপুঞ্জৰ ইতিহাস
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ মুঠ ৫৭২টা দ্বীপৰ এটা দ্বীপপুঞ্জ, যাৰ ভিতৰৰ ৩৭টা দ্বীপত মানুহৰ বসবাস আছে। ই ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল।
-
কোমোডো দ্বীপ
কোমোডো দ্বীপ ইণ্ডোনেছিয়া ৰিপাব্লিকক সামৰি লোৱা ১৭,৫০৮টা দ্বীপৰ ভিতৰত অন্যতম। এই দ্বীপটোৰ নামেৰে নামাকৰণ কৰা পৃথিৱীৰ আটাইতকৈ ডাঙৰ জেঠী কোমোডো ড্ৰেগনৰ বাসস্থান হিচাপে ই বিশেষভাৱে উল্লেখযোগ্য। কোমোডো দ্বীপৰ পৃষ্ঠভাগ ২৯১ বৰ্গ কিলোমিটাৰ, আৰু ২০২০ চনত ইয়াৰ মানৱ জনসংখ্যা প্ৰায় ১৮০০ আছিল।
-
খোৰ্টিচিয়া
খোৰ্টিচিয়া ( Khortytsia, ) ডিনিপাৰ নদীৰ আটাইতকৈ ডাঙৰ দ্বীপ। ইয়াৰ দৈৰ্ঘ্য 12.5 কি.মি. আৰু সৰ্বাধিক প্ৰস্থ 2.5 কি.মি.। এই দ্বীপটো খোৰ্টিচিয়া ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চলৰ অংশ। দ্বীপটোৱে ইউক্ৰেইনৰ ইতিহাসত, বিশেষকৈ জাপৰিঝিয়ান কোছাকসকলৰ ইতিহাসত, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
-
জিণ্ডো (দ্বীপ)
জিণ্ডো (কোৰিয়ান: 진도) দক্ষিণ কোৰিয়াৰ তৃতীয় বৃহত্তম দ্বীপ। বহুত সৰু সৰু দ্বীপৰ এটা গোটৰ সৈতে মিলি ই জিণ্ডো কাউণ্টি গঠন কৰিছে। কোৰিয়া উপদ্বীপৰ দক্ষিণ-পশ্চিম কোণৰ ঠিক ওচৰতে দক্ষিণ জেওলা প্ৰদেশত এই দ্বীপটো অৱস্থিত।
-
ডিউ দ্বীপ
ডিউ দ্বীপ বা দিউ দ্বীপ হৈছে গুজৰাটৰ কাঠিয়াৱাৰ উপদ্বীপৰ দক্ষিণ উপকূলত থকা এটা দ্বীপ, যিটো মূল ভূখণ্ডৰ পৰা জোৱাৰ-ভাটাৰ খালৰ দ্বাৰা পৃথক। ইয়াৰ আয়তন ৩৮ কিলোমিটাৰ বৰ্গফুট, আৰু জনসংখ্যা ৪৪,১১০ (২০০১ চনৰ লোকপিয়ল)।
-
পাদাৰ দ্বীপ
পাদাৰ, বা পাদা হৈছে ইণ্ডোনেছিয়াৰ ইষ্ট নুছা টেঙ্গগাৰাৰ ৱেষ্ট মাংগাৰাই ৰিজেঞ্চীৰ অংশভুক্ত কমোডো দ্বীপপুঞ্জৰ অন্তৰ্গত কমোডো আৰু ৰিঞ্চা দ্বীপৰ মাজত অৱস্থিত এটা সৰু দ্বীপ। এইটো কমোডো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত তৃতীয় বৃহৎ দ্বীপ। কমোডো দ্বীপপুঞ্জ কমোডো ড্ৰেগনৰ বাবে বিখ্যাত।
-
পিৰাম দ্বীপ
পিৰাম দ্বীপ বা পিৰাম বেট আৰব সাগৰৰ কেম্বে উপসাগৰৰ এটা দ্বীপ যি ভাৰতৰ গুজৰাট ৰাজ্যৰ ভৱনগৰ জিলাৰ অন্তৰ্গত। লাইটহাউচৰ কেম্পাছৰ বাহিৰেও এই দ্বীপটো ব্যক্তিগত মালিকানাধীন।
-
বল্লৰপাড়ম
বল্লৰপাড়ম ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ এটা দ্বীপ। এই দ্বীপটো ভেম্বনাদ হ্ৰদত অৱস্থিত। স্থানীয়ভাৱে ইয়াক কোচি হ্ৰদ বুলি কোৱা হয়। দ্বীপটোত ১০,০০০ তকৈও অধিক লোক থাকে। কোচি বন্দৰক কেন্দ্ৰ কৰি দুটা ঘাই দ্বীপ আছে। তাৰ ভিতৰত বল্লৰপাড়ম অন্যতম দ্বীপ। আনটো দ্বীপ হৈছে উইলিংডন দ্বীপ।
-
ভূতনী দ্বীপ
ভূতনী দ্বীপ ভাৰতৰ পশ্চিম বংগৰ মালদা জিলাৰ এটা দ্বীপ। এই দ্বীপটো মাণিকচাক সম্প্ৰদায় উন্নয়ন খণ্ডৰ অংশ আৰু ইয়াৰ চাৰিওফালে গংগা নদী আৰু ফুলহাৰ নদীয়ে আগুৰি আছে।
-
লাজাৰাচ দ্বীপ
লাজাৰাচ দ্বীপ, যাক পুলাউ চেকিজাং পেলেপাহ বুলিও কোৱা হয়, ছিংগাপুৰৰ দক্ষিণ দ্বীপসমূহৰ ভিতৰত অন্যতম। ই ছিংগাপুৰৰ মূল দ্বীপৰ দক্ষিণে, ছিংগাপুৰ জলদ্বীপৰ ওচৰত আৰু ইয়াত জনবসতি নাই। ইয়াক এটা সৰু স্থলপথেৰে চেণ্ট জনছ দ্বীপৰ সৈতে সংযোগ কৰা হৈছে, য’লৈ ফেৰীৰে যাব পাৰি।
-
হোপ দ্বীপ
হোপ দ্বীপ ভাৰতৰ কাকিনাডাৰ উপকূলৰ ওচৰত বংগোপসাগৰত অৱস্থিত এটা সৰু টেডপল আকৃতিৰ দ্বীপ।
-
হৰমুজ দ্বীপ
হৰমুজ দ্বীপ বা হৰমোজ অথবা অৰমোজ এটা পাৰ্চী উপসাগৰীয় ইৰাণী দ্বীপ।