অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰভু দেৱা

প্ৰভু দেৱা (ಪ್ರಭುದೇವ, பிரபுதேவா, ప్రభుదేవా; জন্ম: ৩ এপ্ৰিল ১৯৭৩) হৈছে তামিল, তেলুগু, বলিউড, মালায়ালাম আৰু কানাড়া চলচ্চিত্ৰ জগতৰ এজন প্ৰভাৱশালী কথাছবি পৰিচালক, নৃত্য ব্যৱস্থাপক আৰু অভিনেতা। তেওঁ প্ৰায় ২৫ বছৰ কাল কথাছবিৰ লগত জড়িত আৰু এই সময়ছোৱাত তেখেতে নৃত্যৰ বহু নতুন শৈলী উদ্ভাৱন কৰিছে।

হালনাগাদ: ১৪ আগষ্ট ২০২১ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

প্ৰভু দেৱা (ಪ್ರಭುದೇವ, பிரபுதேவா, ప్రభుదేవా; জন্ম: ৩ এপ্ৰিল ১৯৭৩) হৈছে তামিল ভাষা, তেলুগু ভাষা, বলিউড, মালায়ালাম আৰু কন্নড় ভাষা চলচ্চিত্ৰ জগতৰ এজন প্ৰভাৱশালী কথাছবি পৰিচালক, নৃত্য ব্যৱস্থাপক আৰু অভিনেতা। তেওঁ প্ৰায় ২৫ বছৰ কাল কথাছবিৰ লগত জড়িত আৰু এই সময়ছোৱাত তেখেতে নৃত্যৰ বহু নতুন শৈলী উদ্ভাৱন কৰিছে। তেখেতে বৰ্তমানলৈকে শ্ৰেষ্ট কৰিঅ'গ্ৰাফৰ বাবে দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে; অনুৰাগীৰ মাজত তেওঁ 'ভাৰতীয় মাইকেল জেকচন' নামেৰে প্ৰসিদ্ধ। ১৯৯০ আৰু ২০০০ চনৰ প্ৰথম ভাগত তেখেতে বহুকেইখন ছবিত অভিনয়েৰে ছবি জগতত প্ৰৱেশ কৰিছিল, পিছত ২০০৫ চনত তেখেতে তেলুগু ভাষা ছবি 'Nuvvostanante Nenoddantana' পৰিচালনা কৰে। তেতিয়াৰ পৰাই তেওঁ তেলুগু, হিন্দী, আৰু তামিল ছবি পৰিচালনা কৰিবলৈ ধৰে। 'শংকৰদাদা জিন্দাবাদ' (২০০৭), 'ৱানটেড' (২০০৯), 'ৰাউড়ি ৰাথোৰ' (২০১২) আৰু 'আৰ... ৰাজকুমাৰ' (২০১৩) আদি হৈছে তেখেতে পৰিচালনা কৰা কিছুমান জনপ্ৰিয় ছবি।

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চলচ্চিত্ৰ পৰিচালককলিউড (তামিল চলচ্চিত্ৰ জগত)তেলুগু ভাষাৰ চলচ্চিত্ৰ পৰিচালকহিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালকশ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰভু দেৱা” প্ৰবন্ধৰ সংশোধন ২৯১১৯৯ (১৪ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।