শ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী
৪ প্ৰবন্ধ
-
প্ৰভু দেৱা
প্ৰভু দেৱা (ಪ್ರಭುದೇವ, பிரபுதேவா, ప్రభుదేవా; জন্ম: ৩ এপ্ৰিল ১৯৭৩) হৈছে তামিল, তেলুগু, বলিউড, মালায়ালাম আৰু কানাড়া চলচ্চিত্ৰ জগতৰ এজন প্ৰভাৱশালী কথাছবি পৰিচালক, নৃত্য ব্যৱস্থাপক আৰু অভিনেতা। তেওঁ প্ৰায় ২৫ বছৰ কাল কথাছবিৰ লগত জড়িত আৰু এই সময়ছোৱাত তেখেতে নৃত্যৰ বহু নতুন শৈলী উদ্ভাৱন কৰিছে।
-
ফাৰাহ খান
ফাৰাহ কুন্দৰ (Farah Kunder; জন্ম: ৯ জানুৱাৰী, ১৯৬৫), অথবা ফাৰাহ খান হৈছে এগৰাকী ভাৰতীয় ছবি নিৰ্মাতা, ছবি প্ৰযোজক, অভিনেত্ৰী, নৃত্যশিল্পী, আৰু নৃত্য-পৰিচালক। বলিউডৰ অনেক ছবিত নৃত্য-পৰিচালনা কৰি খ্যাতিৰ আসনত অধিষ্ঠিত হোৱা ফাৰাহ খানে ৮০খনতকৈও অধিক হিন্দী ছবিত শতাধিক গীতৰ নৃত্য পৰিচালনা কৰিছে।
-
সৰোজ খান
নিৰ্মলা নাগপাল, জনপ্ৰিয়ভাৱে সৰোজ খান (২২ নৱেম্বৰ ১৯৪৮ - ৩ জুলাই ২০২০) ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰখ্যাত নৃত্য পৰিচালক। প্ৰায় ৪০ বছৰ কাল নৃত্য নিৰ্দেশনা কৰা সৰোজ খানে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে।
-
ইলেনা চিতাৰিস্তী
ইলেনা চিতাৰিস্তী (Ileana Citaristi) হৈছে এগৰাকী ইটালীয়ান বংশৰ ওড়িছী নৃত্য আৰু ছাও নৃত্যশিল্পী আৰু ভাৰতৰ ভুৱনেশ্বৰত অৱস্থিত নৃত্য প্ৰশিক্ষক। ১৯৯৫ চনত তেওঁ যুগন্তৰ বাবে শ্ৰেষ্ঠ ক'ৰিয়'গ্ৰাফীৰ বাবে ৪৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে ভূষিত হয় আৰু ২০০৬ চনত ওড়িশাৰ অৱদানৰ বাবে বিদেশী বংশৰ প্ৰথম…