মহাপুৰুষীয়া ধৰ্মৰ অনুগামী
২০ প্ৰবন্ধ
-
অনন্ত কন্দলি
অনন্ত কন্দলি ষোড়শ শতিকাৰ এগৰাকী অসমীয়া বৈষ্ণৱ কবি। তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্য আছিল। অনন্ত কন্দলিয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ আত্মপৰিচয় দিছে। সেই বিৱৰণ অনুসৰি তেওঁৰ ঘৰ হাজোত। দেউতাকৰ নাম ৰত্ন পাঠক। জন্মসূত্ৰে ব্ৰাহ্মণ অনন্ত কন্দলিৰ প্ৰকৃত নাম আছিল হৰিচৰণ।
-
গোপালদেৱ
গোপালদেৱ (১৫৪০-১৬১১) বৈষ্ণৱ যুগৰ এগৰাকী কবি, নাট্যকাৰ আৰু উজনি অসমত ভক্তি আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা আছিল। তেওঁক মাধৱদেৱৰ উত্তৰসুৰী হিচাপে গণ্য কৰা হয়। ভৱানীপুৰৰ হোৱা বাবে তেওঁক ভৱানীপুৰীয়া গোপালদেৱ বোলা হয়। এওঁ মহাপুৰুষীয়া ধৰ্মৰ অন্যতম শাখা ‘কাল-সংহতি’ৰ প্ৰৱৰ্তক৷
-
কালিন্দী আই
কালিন্দী আই বা কালিন্দ্ৰী আই ( Kalindi Aai/Kalindri Aai) (১৪৮৮ - ১৬২৮) শ্ৰীমন্ত শংকৰদেৱৰ দ্বিতীয়া পত্নী আছিল। পিতৃ আছিল ৰাম ভূঞা। ১৫ বছৰ বয়সত শংকৰদেৱৰ লগত বিয়াত সোমায়। শংকৰদেৱৰ মৃত্যুৰ পাছত ধৰ্মৰ গুৰি ধৰিছিল। এখেতৰ কথা মতে মাধৱদেৱে সুন্দৰীদিয়া সত্ৰ স্থাপন কৰে।
-
পদ্ম আতা
পদ্ম আতা বা বদলা পদ্ম আতা বা বদুলা পদ্ম আতা ( Padma Aata) অসমৰ মহাপুৰুষীয়া নৱ-বৈষ্ণৱ ধৰ্মৰ এগৰাকী একনিষ্ঠ সেৱক। শংকৰদেৱৰ প্ৰিয়তম শিষ্য মাধবদেৱৰ সলনি তেওঁ উজনি অসমত শংকৰী ধৰ্ম-কলা-সংস্কৃতি প্ৰচাৰৰ দায়িত্ব লৈছিল বাবে তেওঁৰ মূল নামৰ আগত “বদলা’’ বা লোকমুখত পৰি “বদুলা’’ সংযুক্ত হৈ পৰে।
-
পীতাম্বৰ দেৱ গোস্বামী (আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ)
শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীদেৱে ১৯৯৭ চনত “নিৰ্মালি” গ্ৰহণ কৰি আউনীআটী সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ পদত অধিষ্ঠিত হয়।
-
মথুৰা দাস বুঢ়া আতা
মথুৰাদাস বুঢ়া আতা-ৰ (জ. ১৪১২ শক – মৃ. ১৫৬১ শক) প্ৰকৃত নাম গোপাল তাঁতী। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে তেওঁক বৰপেটা সত্ৰৰ প্ৰথম গৰাকী সত্ৰাধিকাৰ নিযুক্ত কৰিছিল।
-
খেৰসূতী
খেৰসূতী বা খেৰশুতী আই ( Khersuti Aai) শ্ৰীমন্ত শংকৰদেৱৰ আইতাক আছিল। শংকৰদেৱৰ মাতৃ কম বয়সতে ঢুকোৱাত তেওঁক ডাঙৰ-দীঘল কৰাত খেৰশুতীৰ যথেষ্ট অৱদান আছিল৷
-
শ্ৰীৰাম আতা
শ্ৰীৰাম আতা অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ সেৱক আৰু ভবানীপুৰীয়া গোপাল আতাৰ প্ৰধান শিষ্য। গোপাল আতাৰ উত্তৰাধিকাৰী হিচাপে তেওঁ কালঝাৰ সত্ৰৰ দ্বিতীয়জনা সত্ৰাধিকাৰ হৈছিল। তেওঁ কালঝাৰৰ লগতে ভবানীপুৰ,পোৰাভৰাঁল,জোৱাৰা আদি সত্ৰৰো দায়িত্ব বহন কৰিছিল।
-
চন্দৰী আই
চন্দৰী আই ( Chandari Aai) শংকৰদেৱৰ পৰিয়ালৰ এগৰাকী পৰিচাৰিকা বা দাসী আছিল৷ কোনো কোনোৰ মতে, চন্দৰী আই শংকৰদেৱৰ ধাই মাক আছিল৷ পৰিচাৰিকা যদিও তেওঁ সমাজত প্ৰচলিত শাস্ত্ৰজ্ঞানেৰে জ্ঞানী আছিল৷ সেই বাবেই শংকৰদেৱৰ সৃষ্টিতো খুঁত উলিয়াই তাক শুধৰাবলৈ সক্ষম হৈছিল৷ শংকৰদেৱে তেওঁৰ প্ৰথম অংকীয়া নাট চিহ্ন-যাত্ৰা…
-
নাৰায়ণ দাস ঠাকুৰ আতা
নাৰায়ণ দাস ঠাকুৰ আতা ( Narayan Dax Thakur Aata) মহাপুৰুষীয়া নৱ-বৈষ্ণৱ ধৰ্মৰ এগৰাকী একনিষ্ঠ সেৱক আৰু শংকৰদেৱৰ শিষ্য৷ তেওঁ মাধবদেৱৰ প্ৰিয়তম মিত্ৰ হৈ ধৰ্ম প্ৰচাৰত মন-প্ৰাণ সঁপি দিছিল৷ সংসাৰী হৈও ঘোৰ উদাসীন নাৰায়ণ দাস ঠাকুৰ আতাই ৰাজদণ্ড ভোগ কৰিবলগীয়াও হৈছিল৷ তেওঁৰ পূৰ্বৰ নাম আছিল ভবানন্দ৷
-
পদ্মপ্ৰিয়া
পদ্মপ্ৰিয়া বা পদ্মাপ্ৰিয়া আই( Padmapriya Aai) মাধবদেৱৰ শিষ্য ভবাণীপুৰীয়া গোপাল আতাৰ কন্যা আৰু মধ্যযুগৰ অসমৰ এগৰাকী ধৰ্মানুৰাগী নাৰী। তেওঁৰ জন্ম অনুমাণিক ১৫৭৪-৭৫ চন। জন্মস্থান বৰপেটা জিলাৰ ভবাণীপুৰ সত্ৰত। মাকৰ নাম বৃন্দাৱতী। পদ্মাপ্ৰিয়াৰ দুজন ভাতৃৰ নাম ক্ৰমে দামোদৰ আৰু কমল’লোঁচন।
-
পুৰুষোত্তম ঠাকুৰ
পুৰুষোত্তম ঠাকুৰ (ইংৰাজী Purushottam Thakur) শংকৰদেৱৰ পুত্ৰ ৰমানন্দৰ সন্তান আছিল। অনিৰুদ্ধ দাসৰ 'গুৰু-বৰ্ণনা'মতে সাতত্ৰিশ বছৰ বয়সত পুৰুষোত্তম ঠাকুৰ জনিয়ালৈ যায় আৰু তাতে থাকি বাৰজন মহন্ত পাতে। জনিয়াত ছবছৰমান থকাৰ পিছত কোচবিহাৰৰ ভেলাডোৱাৰত সত্ৰঘৰ কৰি থাকেগৈ।
-
ভূৱনেশ্বৰী আই
ভূৱনেশ্বৰী আই বা কমলপ্ৰিয়া( Bhuwaneshari Aai) কোচ সেনাপতি চিলাৰায় বা শুক্লধ্বজৰ পত্নী আৰু শংকৰদেৱৰ ভতিজী আছিল৷ তেওঁৰ মুখত শংকৰদেৱ বিৰচিত বৰগীত শুনিয়েই চিলাৰায়ে শংকৰদেৱৰ ভক্ত হৈ পৰিছিল আৰু শংকৰদেৱক কোচ ৰাজদৰবাৰত গুৰুৰ সন্মান দেখুৱাইছিল৷ আনুমানিক ১৬শ শতিকাত জন্ম হোৱা ভূৱনেশ্বৰীৰ পিতৃৰ নাম আছিল,…
-
বজ্ৰাংগী আই
বজ্ৰাংগী আই( Bajranggi Aai) অসমৰ শংকৰী যুগৰ এগৰাকী স্বাৱলম্বী নাৰী৷ তেওঁৰ স্বামীৰ নাম কামদেৱ বা কামেশ্বৰ৷ এওঁ মহাপুৰুষীয়া নাম-ধৰ্মৰ একনিষ্ঠ সেৱক ভবানীপুৰীয়া গোপাল আতাৰ মাতৃ আছিল৷ স্বামীৰ মৃত্যুৰ পিছত গৰ্ভস্থ সন্তানটোৰে সৈতে আয়ে নানা দুখ-কষ্টৰ মাজেৰে দিন নিয়াই সন্তান জন্ম দি অকলেই ডাঙৰ-দীঘল…
-
বাৰবাসী আই
বাৰবাসী আই ( Barabasi Aai) শংকৰদেৱৰ শিষ্য নাৰায়ণ দাস ঠাকুৰ আতাৰ পত্নী আছিল৷ তেওঁ নিজেও শংকৰদেৱত শৰণ লৈ আইসকলৰ মাজত ধৰ্ম প্ৰচাৰত আগভাগ লৈছিল৷ বাৰটি সজ গুণৰ অধিকাৰী আছিল বাবে তেওঁৰ নাম বাৰবাসী থোৱা হৈছিল৷ শংকৰদেৱত শৰণ লোৱাৰ আগতে ভবানন্দ এগৰাকী ব্যৱসায়ী আছিল৷ নানা ধৰণৰ ব্যৱসায় কৰি কৰি ডিঙ্গানগৰত…
-
সত্যা
সত্যা ( Satya) মাধবদেৱৰ শিষ্য হৰিহৰ আতাৰ পত্নী৷ কম বয়সতে বিয়া হোৱা সত্যাই জীৱনত নানা দুখ-কষ্ট সহিবলগীয়া হৈছিল৷
-
সুমতী আই
সুমতী আই(Sumati Aai) অসমৰ বৈষ্ণৱ যুগৰ এগৰাকী ধৰ্মপ্ৰাণা মহিলা৷ তেওঁৰ পিতৃ বৰপেটা জিলাৰ সৰুপেটাৰ ওচৰৰ কুৰোবাহা গাঁৱৰ বংশী ঠাকুৰীয়া৷ সুমতী আইৰ আন এটা নাম যশোমতী৷ তেওঁৰ পুত্ৰৰ নাম বলাই আছিল বাবে জনসমাজত পিছলৈ তেওঁ ’বলাই মাতৃ’ নামেও জনাজাত হৈছিল৷
-
সূৰ্যৱতী
সূৰ্যৱতী ( Surjabati) বদুলা পদ্ম আতাৰ বিবাহিতা অথচ স্বামী উপেক্ষিতা স্ত্ৰী৷ সূৰ্যৱতীৰ পিতৃ আছিল কায়স্থ কুলৰ সূৰ্য বাঢ়ৈ নামে এজন ব্যক্তি৷ পদ্ম আতাৰ মনৰ পৰা বৈৰাগ্যৰ ভাব আঁতৰাই সংসাৰৰ প্ৰতি ঢাল খুৱাবলৈ ককায়েক শংকৰে তেওঁৰ বিয়া পাতি দিছিল৷ পদ্ম আতাৰ পিতৃৰ নাম তিতা চোমদাৰ৷ তেওঁৰ দুজন পুত্ৰ আৰু এজনী…
-
ৰাধিকা শান্তি
ৰাধিকা শান্তি( Radhika Santi) শংকৰদেৱৰ সময়ৰ এগৰাকী কৈৱৰ্তকূলীয়া সতী নাৰী আছিল৷ তেওঁ টেম্বুৱানী জানৰ পৰা বৰদোৱালৈ পানী সোমোৱা জানটোত ভেটা দি শান্তিকন্যা বুলি জনাজাত হৈছিল৷ পিছত শংকৰদেৱে তেওঁৰ বাসস্থানৰ ওচৰতে ৰাধিকা শান্তিক ঘৰ-দুৱাৰ সজাই থাকিবলৈ দিছিল৷ ৰাধিকা শান্তিৰ জন্ম হৈছিল ১৪৫৬ চনৰ ব’হাগ মাহৰ…
-
ৰামৰায়
ৰামৰায় আছিল দামোদৰদেৱৰ অন্যতম প্ৰধান শিষ্য লোচ সত্ৰৰ প্ৰতিষ্ঠাপক অৰ্জুনদেৱৰ শিষ্য। ৰামৰায়ৰ প্ৰকৃত নাম হৈছে জগতানন্দ। তেওঁ শংকৰদেৱৰ জ্ঞাতিভাই আছিল। ৰামৰায়ৰ কন্যা ভূৱনেশ্বৰী আই বা কমলপ্ৰিয়াক কোঁচ সেনাপতি চিলাৰায় বা শুক্লধ্বজলৈ বিয়া দিয়া হৈছিল।