ভাৰতে ৫ৰ পৰা ২১ আগষ্ট ২০১৬লৈ ব্ৰাজিলৰ ৰিঅ' দ্য জেনেৰিঅ'ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ত অংশগ্ৰহণ কৰিছিল। ১৯০০ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতৰ অংশগ্ৰহণ সম্পৰ্কে আনুষ্ঠানিক বিতাণ্ডা আছে যদিও ১৯২০ চনৰে পৰা অনুষ্ঠিত প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিকতেই ভাৰতে অংশগ্ৰহণ কৰি আহিছে।
ভাৰতীয় অলিম্পিক এছচিয়েছনে ৰিঅ' অলিম্পিকলৈ ৰাষ্ট্ৰখনৰ পৰা সৰ্বমুঠ ১১৮ জন ক্ৰীড়াবিদ (২০১২ চনৰ ৮৩ জনীয়া দলটোতকৈ ৩৫ জন অধিক) প্ৰেৰণ কৰিছিল। উক্ত প্ৰতিযোগিতাত ভাৰতে এটা ৰূপ আৰু এটা ব্ৰঞ্জ, মুঠ দুটা পদক অৰ্জন কৰে। বেডমিণ্টনৰ মহিলাৰ একক শাখাত পি. ভি. সিন্ধুয়ে ৰূপৰ পদক আৰু কুস্তিৰ মহিলাৰ ফ্ৰীষ্টাইল ৬৮ কি.গ্ৰা. শাখাত সাক্ষী মালিকে ব্ৰঞ্জৰ পদক লাভ কৰে।
পদক বিজয়ী
অধিক তথ্য: 2016 Summer Olympics medal table
| পদক | নাম | ক্ৰীড়া | ইভেণ্ট | তাৰিখ |
|---|---|---|---|---|
| বেডমিণ্টন | মহিলাৰ একক | ১৯ আগষ্ট | ||
| কুস্তি | মহিলাৰ ফ্ৰীষ্টাইল ৬৮ কি.গ্ৰা. | ১৭ আগষ্ট |
প্ৰতিযোগীসকল
২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহন কৰা ক্ৰীড়াবিদসকলৰ তালিকা তলত দিয়া হৈছে। মন কৰিবলাগিব যে ফেঞ্চিং, ফিল্ড হকী, ফুটবল, আৰু হেণ্ডবলৰ সংৰক্ষিত খেলুৱৈ সকলক ইয়াত ধৰা হোৱা নাই:
| ক্ৰীড়া | পুৰুষ | মহিলা | মুঠ | ইভেণ্ট |
|---|---|---|---|---|
| আৰ্চাৰী | ১ | ৩ | ৪ | ৩ |
| এথলেটিকছ | ১৭ | ১৭ | ৩৪ | ১৯ |
| বেডমিণ্টন | ৩ | ৪ | ৭ | ৪ |
| বক্সিং | ৩ | ০ | ৩ | ৩ |
| ফিল্ড হকী | ১৬ | ১৬ | ৩২ | ২ |
| গ'ল্ফ | ২ | ১ | ৩ | ২ |
| জিমনাষ্টিক | ০ | ১ | ১ | ৫১ |
| জুডু | ১ | ০ | ১ | ১ |
| ৰ'য়িং | ১ | ০ | ১ | ১ |
| শ্বুটিং | ৯ | ৩ | ১২ | ১১ |
| সাতুৰ | ১ | ১ | ২ | ২ |
| টেবুল টেনিছ | ২ | ২ | ৪ | ২ |
| টেনিছ | ২ | ২ | ৪ | ৩ |
| ভাৰোত্তোলন | ১ | ১ | ২ | ২ |
| কুস্তি | ৫ | ৩ | ৮ | ৮ |
| মুঠ | ৬৪ | ৫৪ | ১১৮ | ৬৮ |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ত ভাৰত” প্ৰবন্ধৰ সংশোধন ৩৮০৭৩২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।