পৰ্বত হৈছে এক বৃহৎ ভূমিৰূপ যি এক সীমিত স্থানত চাৰিওফালৰ ভূমিৰ পৰা শৃংগৰ ৰূপত ওপৰলৈ উঠে।১ এটা পৰ্বতক সাধাৰণতে পাহাৰতকৈ ওপৰৰ বুলি গণ্য কৰা হয়। পৰ্বতবোৰ টকেণ্টিক শক্তি বা ভূমিকম্পৰ ফলত সৃষ্টি হয়। এই শক্তিবোৰে স্থানীয়ভাৱে পৃথিৱীৰ পৃষ্ঠ বৃদ্ধি কৰিব পাৰে। নদী, জলবায়ু, আৰু গ্লেছিয়াৰৰ প্ৰভাৱত পৰ্বতবোৰ লাহে লাহে ক্ষয় হয়। কিছুমান পৰ্বত পৃথকে অকলশৰীয়াকৈ থাকে যদিও বেছিভাগেই বিশাল পৰ্বতমালাৰ গঠন কৰে।
পৰ্বতৰ ওপৰত উচ্চ উচ্চতাৰ জলবায়ু সমুদ্ৰ স্তৰৰ জলবায়ুতকৈ শীতল। এই শীতল জলবায়ুৱে পৰ্বতৰ পৰিৱেশ শক্তিশালীভাৱে প্ৰভাৱিত কৰে: বিভিন্ন উচ্চতাত বিভিন্ন উদ্ভিদ আৰু প্ৰাণী থাকে। জলবায়ু আৰু দূৰ্গম স্থানৰ পৰিপেক্ষিতত পৰ্বত কৃষিৰ বাবে কম আৰু সম্পদ নিষ্কাশন তথা পৰ্বতাৰোহন, স্কীয়িং আদিৰ বাবে অধিক ব্যৱহাৰ কৰা হয়।
পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ হৈছে এছিয়াৰ হিমালয়ৰ মাউণ্ট এভাৰেষ্ট। ইয়াৰ উচ্চতা হৈছে সাগৰীয় পৃষ্ঠৰ পৰা ৮,৮৫০ মিটাৰ (২৯,০৩৫ ফুট)। সৌৰজগতৰ সতলো গ্ৰহৰ ভিতৰত জ্ঞাত সৰ্বোচ্চ পৰ্বত হৈছে মঙ্গল গ্ৰহত অৱস্থিত “অলিম্পাছ মন্ছ” নামৰ এটা পৰ্বত, ইয়াৰ উচ্চতা ২১,১৭১ মি (৬৯,৪৫৯ ফুট)।
সংজ্ঞা
পৰ্বতৰ কোনো সাৰ্বজনীনভাৱে গ্ৰহণ কৰা সংজ্ঞা নাই। উচ্চতা, আয়তন, সকাহ, অত্যাৱধান, ব্যৱধান আৰু ধাৰাবাহিকতা আদিবোৰক পৰ্বত এটা নিৰ্ধাৰণ কৰাৰ চৰ্ত হিচাপে ব্যৱহাৰ কৰা হৈছে।১ অক্সফৰ্ড ইংৰাজী অভিধানৰ মতে "চাৰিওফালৰ স্তৰৰ পৰা হঠাতে বা কম সময়ত ওপৰলৈ উঠি তুলনামূলকভাৱে তাৰ চাৰিওফালৰ ভূমিতকৈ অধিক উচ্চতা প্ৰাপ্ত কৰা, আকৰ্ষণীয় বা উল্লেখযোগ্য ভূমিৰূপ" বুলি সংজ্ঞাবদ্ধ কৰা হৈছে।১
যিকোনো উচ্চ ভূমিৰূপকেই পৰ্বত বুলি কোৱা হয় নে নহয় সেইটো স্থানীয় ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাউণ্ট স্কোট নামৰ পৰ্বতৰ আধাৰৰ পৰা সৰ্বোচ্চ বিন্দুলৈ উচ্চতা মাত্ৰ ২৫১ মি (৮২৩ ফুট)। Whittow'ৰ Dictionary of Physical Geography (ভৌতিক ভূগোল শব্দকোষ)ৰ মতে "কিছুমান কৰ্তৃপক্ষই ৬০০ মিটাৰতকৈ (২,০০০ ফুট) ওখ ভূমিৰূপক পৰ্বত বোলে, তাতকৈ চাপৰবোৰক পাহাৰ বুলি কোৱা হয়।”২
যুক্তৰাজ্য আৰু আয়াৰলেণ্ড গণৰাজ্যত, এটা পৰ্বতক সাধাৰণতে কমেও ২,০০০ ফুট (৬১০ মিটাৰ) উচ্চ যিকোনো শিখৰ হিচাপে সংজ্ঞায়িত কৰা হয়।৩ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আনুষ্ঠানিক সংজ্ঞা মতেও পৰ্বত হৈছে ২,০০০ ফুট (৬১০ মিটাৰ) বা তাতকৈ অধিক উচ্চতাৰ শিখৰ।৪
তথ্যসূত্ৰ
- ↑ Gerrard, A.J. (1990). Mountain Environments: An Examination of the Physical Geography of Mountains. MIT Press. ISBN 978-0-262-07128-4
- ↑ Whittow, John. (1984). Dictionary of Physical Geography. Penguin. পৃ. 352. ISBN 0-14-051094-X
- ↑ Nuttall, John & Anne. (2008). England. The Mountains of England & Wales. Cicerone. ISBN 978-1-85284-037-2 - Survey turns hill into a mountain. BBC News, A Mountain is a Mountain – isn't it?. www.go4awalk.com, mountain. dictionary.reference.com, Wilson, Peter. (2001). Listing the Irish hills and mountains. Irish Geography. University of Ulster. পৃ. 89
- ↑ What is a "Mountain"? Mynydd Graig Goch and all that... Metric Views
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰ্বত” প্ৰবন্ধৰ সংশোধন ৬৩১১৮৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।