কৰ্ণাটক
১৪ প্ৰবন্ধ
-
জ্যোতি নিবাস কলেজ
জ্যোতি নিবাস কলেজ (স্বায়ত্তশাসিত) ভাৰতৰ কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত কেথলিক মহিলা উচ্চ শিক্ষানুষ্ঠান। ১৯৬৬ চনত চিষ্টাৰছ অৱ ছেইণ্ট জোচেফৰদ্বাৰা স্থাপিত এই মহাবিদ্যালয়খনে কলা, বিজ্ঞান, বাণিজ্য আৰু পৰিচালনাৰ ক্ষেত্ৰত স্নাতক, স্নাতকোত্তৰ আৰু বৃত্তিমূলক কাৰ্যসূচী আগবঢ়ায়।
-
নীলগিৰি
নীলগিৰি পৰ্বতমালা (Nilgiri Mountains) দক্ষিণ ভাৰতৰ পূৰ্ব ঘাট আৰু পশ্চিম ঘাট পৰ্বতমালাৰ সংযোগস্থলত অৱস্থিত এক পৰ্বতমালা। ই তামিলনাডু, কৰ্ণাটক আৰু কেৰালা ৰাজ্যলৈকে বিস্তৃত। এই পৰ্বতমালাই এক ৫৬ কিলোমিটাৰ দীঘল আৰু ৩২ কিলোমিটাৰ বহল মালভূমি গঠন কৰিছে।
-
আব্বাক্কা চৌটা
ৰাণী আব্বাক্কা চৌটা (Abbakka Chowta) উল্লালৰ প্ৰথম টুলুভা ৰাণী আছিল। তেওঁ ষোড়শ শতিকাৰ শেষাৰ্ধত পৰ্তুগীজসকলৰ সৈতে যুঁজিছিল। তেওঁ চৌটা ৰাজবংশৰ আছিল আৰু ভাৰতৰ উপকূলীয় কৰ্ণাটক (টুলুনাডু)ৰ কিছু অংশত শাসন কৰিছিল। তেওঁলোকৰ ৰাজধানী আছিল পুট্টিগে।
-
কেলাদি চেন্নাম্মা
কেলাদি চেন্নাম্মা (Keladi Chennamma) কৰ্ণাটকৰ কেলাদি ৰাজ্যৰ ৰাণী আছিল। তেওঁ চিদ্দাপ্পা চেট্টী নামৰ এজন ব্যক্তিৰ ঘৰত জন্ম গ্ৰহণ কৰিছিল। চিদ্দাপ্পা চেট্টী কৰ্ণাটকৰ কুণ্ডাপুৰ অঞ্চলৰ এজন স্থানীয় ব্যৱসায়ী আছিল। তেওঁ লিঙ্গায়ত সম্প্ৰদায়ৰ আছিল।
-
চেন্নাকেশৱ মন্দিৰ, বেলুৰ
চেন্নাকেশৱ মন্দিৰ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ হাছান জিলাত অৱস্থিত দ্বাদশ শতিকাৰ এটা হিন্দু মন্দিৰ। ভগৱান বিষ্ণুৰ প্ৰতি সমৰ্পিত এই মন্দিৰ বেলুৰৰ কেশৱ বা বিজয়নাৰায়ণ মন্দিৰ বুলিও কোৱা হয়। ১১১৭ খ্ৰীষ্টাব্দত হয়চাল সাম্ৰাজ্যৰ প্ৰাচীন ৰাজধানী বেলুৰৰ য়গাচী নদীৰ পাৰত ৰজা বিষ্ণুবৰ্ধনে ইয়াক নিৰ্মাণ কৰাইছিল।
-
ললিতা মহল
ললিতা মহল,( Lalitha Mahal) এতিয়া ললিতা মহল পেলেচ হোটেল নামেৰে জনাজাত এখন বিলাসী হোটেল যিখন পূৰ্বতে ৰাজ বাসগৃহ আছিল। ই দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ মহীশূৰ চহৰৰ মহীশূৰ প্ৰাসাদৰ পিছত দ্বিতীয় বৃহত্তম ৰাজপ্ৰাসাদ। ই চহৰৰ পূব দিশত চামুণ্ডী পাহাৰৰ ওচৰত অৱস্থিত।
-
হয়চালৰ পবিত্ৰ সংহতি
হয়চালৰ পবিত্ৰ সংহতি ভাৰতৰ কৰ্ণাটক ৰাজ্যত অৱস্থিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত দক্ষিণ ভাৰতৰ তিনিটা হয়চাল শৈলীৰ মন্দিৰৰ এটা গোট বা সংহতি। সোমনাথপুৰ, বেলুৰ আৰু হালেবিডুৰ এই মন্দিৰসমূহ হয়চাল সাম্ৰাজ্যৰ অধীনত দ্বাদশ আৰু ত্ৰয়োদশ শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।
-
কাছুটি
কাছুটি (Kasuti) ভাৰতৰ কৰ্ণাটক ৰাজ্যত অনুশীলন কৰা লোক এম্ব্ৰইডাৰীৰ এক পৰম্পৰাগত ৰূপ। কাছুটি এম্ব্ৰইডাৰীৰ কাম অতি জটিল হয়। কেতিয়াবা হাতেৰে ৫,০০০টা লৈকে চিলাই কৰি ইয়াক প্ৰস্তুত কৰা হয়। পৰম্পৰাগতভাৱে ইল্কাল শাৰী, ৰবিকে আৰু আংগী বা কুৰ্তাৰ দৰে পোছাকৰ ওপৰত কাছুটি কৰা হয়।
-
কোল্হাপুৰী চেণ্ডেল
কোল্হাপুৰী চেণ্ডেল (Kolhapuri chappal) ভাৰতৰ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত প্ৰচলিত পৰম্পৰাগত হাতেৰে নিৰ্মাণ কৰা চামৰাৰ চেণ্ডেল। এই হস্তশিল্পত প্ৰাকৃতিক ৰং যেনে পাচলিৰ ৰং ব্যৱহাৰ কৰি স্থানীয়ভাৱে তৈয়াৰ কৰা হয়।
-
কৰ্ণাটক ৰাজোৎসৱ
কৰ্ণাটক ৰাজোৎসৱ বা কন্নড়া ৰাজোৎসৱা (ಕನ್ನಡ ರಾಜ್ಯೋತ್ಸವ; Karnataka Rajyotsava) প্ৰতি বছৰে ১ নৱেম্বৰত পালন কৰা হয়। ইয়াক কৰ্ণাটক গঠন দিৱস বা কৰ্ণাটক দিৱস বুলিও কোৱা হয়। ১৯৫৬ চনৰ এই দিনটোতে দক্ষিণ ভাৰতৰ সকলো কন্নড় ভাষা কথিত অঞ্চলসমূথ একত্ৰিত কৰি কৰ্ণাটক ৰাজ্য গঠন কৰা হৈছিল।
-
গান্ধী ভৱন, বেংগালুৰু
গান্ধী ভৱন (Gandhi Bhavan) হʼল কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত মহাত্মা গান্ধীৰ প্ৰতি উৎসৰ্গিত এটি সংগ্ৰহালয়৷ ১৯৬৫ চনত, ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনে ইয়াৰ উদ্বোধন কৰিছিল৷ এই সংগ্ৰহালয়টোত মহাত্মা গান্ধীৰ বিৰল ফটো আৰু তেওঁৰ দ্বাৰা লিখিত চিঠিসমূহৰ এটি গেলেৰী, এটা পুথিভঁৰাল আৰু এটা…
-
গৰুড়ী গোম্বে
গৰুড়ী গোম্বে হৈছে ভাৰতৰ কৰ্ণাটক ৰাজ্যত প্ৰচলিত এক লোকনৃত্য। নৃত্যশিল্পীসকলে বাঁহৰ লাঠিৰে নিৰ্মিত বৃহৎ পুতলা চিত্ৰিত সাজ-পোছাক পৰিধান কৰে। গৰুডি-গোম্বে শব্দৰ অৰ্থ স্থানীয় ভাষা কানাড়াত যাদুকৰী পুতলা। মহীশূৰ দশহৰা উদ্যাপনৰ সময়ত প্ৰধান উৎসৱৰ সময়ত আৰু শোভাযাত্ৰাত এই নৃত্য পৰিৱেশন কৰা হয়।
-
ডল্লু কুনিথা
ডল্লু কুনিথা ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এক পৰম্পৰাগত নৃত্য। ইয়াক কৰ্ণাটকৰ ঢোল নৃত্য বুলিও জনা যায়। কৰ্ণাটকৰ এই জনপ্ৰিয় লোকনৃত্য শ্ৰী বিৰালিংগেশ্বৰৰ পূজাৰ লগত জড়িত, যিজনক ভগৱান শিৱৰ ৰূপ বুলি গণ্য কৰা হয়। এই নৃত্যটো মূলতঃ উত্তৰ কৰ্ণাটকৰ কুৰুবা গৌড়া সম্প্ৰদায়ৰ আচাৰ-ব্যৱহাৰৰ এটা অংশ।
-
ৰংগনায়কি অম্মাল
ৰংগনায়কি অম্মাল (২৮ মে' ১৯১০ – ১৫ আগষ্ট ১৯৯৮) এগৰাকী ভাৰতীয় মৃদংগ বাদক আছিল। এইক্ষেত্ৰত তেওঁ লিংগভিত্তিক বাধা অতিক্ৰম কৰা প্ৰথম ভাৰতীয় মহিলা আছিল।