অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

নীলগিৰি পাৰ্বত্য ৰে’লৱে

নীলগিৰি পাৰ্বত্য ৰে’লৱে’ ১৯০৮ চনতে ব্ৰিটিছ চৰকাৰে প্ৰতিষ্ঠা কৰা ভাৰতৰ তামিলনাডু ৰাজ্যৰ এক মিটাৰগজ ৰেলসেৱা। আৰম্ভণিতে মাদ্ৰাজ ৰে’লৱে’ই এই ৰেলসেৱা পৰিচালনা কৰিছিল। এতিয়াও ইয়াত ভাপ ইঞ্জিনে সেৱা আগবঢ়াই আছে। নীলগিৰি পাৰ্বত্য ৰে’লৱে’ বৰ্তমান দক্ষিণ ৰে’লৱে’ জ'নৰ নব-গঠিত চালেম ডিভিজনৰ অন্তৰ্গত।

হালনাগাদ: ৭ মে’ ২০২৬ ৩৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

নীলগিৰি পাৰ্বত্য ৰে’লৱে’ ১৯০৮ চনতে ব্ৰিটিছ চৰকাৰে প্ৰতিষ্ঠা কৰা ভাৰতৰ তামিলনাডু ৰাজ্যৰ এক মিটাৰগজ ৰেলসেৱা।১ আৰম্ভণিতে মাদ্ৰাজ ৰে’লৱে’ই এই ৰেলসেৱা পৰিচালনা কৰিছিল। এতিয়াও ইয়াত ভাপ ইঞ্জিনে সেৱা আগবঢ়াই আছে।২ নীলগিৰি পাৰ্বত্য ৰে’লৱে’ বৰ্তমান দক্ষিণ ৰে’লৱে’ জ'নৰ নব-গঠিত চালেম ডিভিজনৰ অন্তৰ্গত। ২০০৫ চনত ইউনেস্কোই এই ৰে’লৱে’ক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্য্যদা দিয়ে আৰু ১৯৯৯ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্য্যদা পোৱা দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ৰ সৈতে একেলগে ভাৰতৰ পাৰ্বত্য ৰেলপথ নামৰ এটা নতুন শ্ৰেণীত অন্তৰ্ভুক্ত কৰে। "৩ 'দিল চে' নামৰ হিন্দী ছবিৰ চাহৰুখ খানে অভিনয় কৰা বিখ্যাত 'চেইয়া চেইয়া' গীতটো নীলগিৰি পাৰ্বত্য ৰেলত চিত্ৰায়ন কৰিছিল।

ইতিহাস

১৮৫৪ চনতে মেট্টুপালায়ামৰ পৰা নীলগিৰি পৰ্বতলৈ ৰেলপথ সজাৰ পৰিকল্পনা কৰা হৈছিল যদিও ৪৫ বছৰ পিছতহে ইয়াৰ নিৰ্মাণ সমাপ্ত হয়। ১৮৯৯ চনৰ জুন মাহত ৰেল চলাচলৰ বাবে ৰেলপথটো মুকলি কৰি দিয়া হয়। চৰকাৰৰ সৈতে হোৱা এখন চুক্তিৰ যোগে মাদ্ৰাছ ৰে’লৱে’ই প্ৰথমে এই নীলগিৰি পাৰ্বত্য ৰেল পৰিচালনা কৰাৰ দায়িত্ব লয়। চাউথ ইণ্ডিয়ান ৰেলেৱে কোম্পানীয়ে ইয়াক কিনি লোৱালৈকে দীৰ্ঘদিন ধৰি মাদ্ৰাছ ৰে’লৱে’ কোম্পানীয়ে চৰকাৰৰ হৈ পৰিচালনাৰ কাম কৰি গৈছিল। প্ৰথমাৱস্থাত কুনুৰেই আছিল শেষ ষ্টেশ্যন। ২৪,৪০,০০০.০০ টকা খৰচ কৰি ১৯০৮ৰ চেপ্তেম্বৰত ইয়াক ফাৰ্ণহিললৈ সম্প্ৰসাৰণ কৰা হয়।

ক্ৰিয়া-প্ৰণালী

ৰেলৰ চিৰি দুডালৰ মাজত ৰেক দেখা গৈছে
ৰেলৰ চিৰি দুডালৰ মাজত ৰেক দেখা গৈছেছবি: Premnath Kudva · CC BY-SA 3.0

নীলগিৰি পাৰ্বত্য ৰে’লৱে’ ১ মিটাৰ বহল এটা মিটাৰগজ ৰেলপথ। মেট্টুপালায়াম আৰু কুনুৰ ষ্টেশ্যনৰ মাজৰ পথচোৱাত ওপৰলৈ বগাবলৈ Abt ৰেক আৰু পিনিয়ন পদ্ধতি ব্যৱহাৰ কৰা হৈছে। নীলগিৰি পাৰ্বত্য ৰেলৰ এই ৰেক আৰু পিনিয়ন অংশত 'এক্স' শ্ৰেণীৰ ভাপ ৰেক ইঞ্জিন ব্যৱহাৰ কৰা হয়।

ৰেলপথ

|} নীলগিৰি পাৰ্বত্য ৰেলে ২৬ মাইলৰ (৪১.৮ কি:মি:) যাত্ৰাত ২০৮টা ভাঁজ, ১৬টা সুৰঙ্গ, ২৫০খন দলং পায়। ২৯০ মিনিট পাহাৰ বগায়, ২১৫ মিনিট নামনিলৈ গতি কৰে। এই ৰেলপথৰ আটাইতকৈ ওখ ঢালটো ৮.৩৩%ৰ আৰু ই এচিয়াৰ ভিতৰতে সৰ্বোচ্চ।২

ষ্টেশ্যন

  • মেট্টুপালায়াম ষ্টেশ্যন: সমুদ্ৰপৃষ্টৰ পৰা ১০৬৯ ফুট উচ্চতাত। তামিলনাডুৰ এক প্ৰধান ষ্টেশ্যন কইম্বাটুৰৰ পৰা ইয়ালৈ ব্ৰডগেজ ৰেলৰ সংযোদ আছে। দূৰচ্ব ৩৬ কি:মি:। নীলগিৰি পাৰ্বত্য মিটাৰগেজ ৰেলৰ পহিলা ষ্টেশ্যন।
  • কাল্লাৰ ষ্টেশ্যন: যাত্ৰীৰ বাবে এই ষ্টেশ্যন বন্ধ কৰি দিয়া হৈছে। ইয়াৰে পৰা ৰেকযুক্ত ৰেলপথ আৰম্ভ হৈছে। ষ্টেশ্যন এৰাৰ পিছতে ৰেলে ৮.৩৩%ৰ উচ্চঢাল বগাবলৈ আৰম্ভ কৰে।
  • আডেৰ্লি ষ্টেশ্যন: যাত্ৰীৰ বাবে বন্ধ কৰি দিয়া হৈছে যদিও ভাপ ইঞ্জিনত পানী ভৰাবলৈ ৰেল ইয়াত ৰয়।
  • হিলগ্ৰোভ ষ্টেশ্যন: পানী ভৰোৱা হয়; লগতে যাত্ৰীসকলে জা-জলপান গ্ৰহণ কৰে।
  • ৰুণিমেডে ষ্টেশ্যন: ইঞ্জিনত পানী ভৰোৱা হয়; কিন্তু যাত্ৰীৰ বাবে ষ্টেশ্যন বন্ধ কৰি দিয়া হৈছে।
  • কাটেৰি ৰ'ড ষ্টেশ্যন: বন্ধ কৰি দিয়া হৈছে।
  • কুনুৰ ষ্টেশ্যন: ৰেলপথচোৱাৰ মুখ্য মধ্যৱৰ্তী ষ্টেশ্যন। ইঞ্জিন মেৰামতি কাৰখানা আছে। ইয়াতে ৰেক-ৰেলৰ সমাপ্তি হয় আৰু ভাপ ইঞ্জিন আঁতৰাই উটিলৈ ডি়জেল ইঞ্জিন সংযোগ কৰা হয়।
  • ৱেলিংটনছ:
  • আৰুৱানকাডু ষ্টেশ্যন
  • কেট্টি ষ্টেশ্যন
  • লভডেল ষ্টেশ্যন:
  • উধাগামণ্ডলম (উটি) ষ্টেশ্যন

ভাৰতৰ অন্য পৰ্যটন ৰেল

চলচ্চিত্ৰ আৰু তথ্যচিত্ৰ

ভাৰতৰ পাৰ্বত্য ৰেলক বিষয়-বস্তু কৰি বিবিচিয়ে ২০১০ চনত তিনিটা খণ্ডৰ এখন তথ্যচিত্ৰ চিৰি়জ নিৰ্মাণ কৰিছিল।৪ ইয়াৰে দ্বিতীয় খণ্ডত নীলগিৰি পাৰ্বত্য ৰেলক সামৰি লোৱা হৈছিল। প্ৰথম খণ্ডটো দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ক লৈ আৰু শেহৰ খণ্ডটো আছিল কালকা-চিমলা ৰে’লৱে’ক লৈ। তৰুণ ভাৰ্টিয়া, হিউগো স্মিথ আৰু নিক মেটিংলি ছবিখনৰ পৰিচালক আছিল। প্ৰযোজনা কৰিছিল গেৰী ট্ৰ'য়নাই। তথ্যচিত্ৰৰ চিৰিজটোৱে ১০১০ চনৰ ইউ.কে. ৰয়েল টেলিভিচন ছোচাইটি বঁটা লাভ কৰিছিল।৫

ডেভিদ লীনৰ এ পেচেজ টু ইণ্ডিয়া ছবিত কুনুৰ ষ্টেশ্যনক এটা লোকেচন হিচাপে ব্যৱহাৰ কৰিছিল। মালায়ালাম ছবি "চামাৰ ইন বেথেলহাম"ত কেটি ষ্টেশ্যনত দৃশ্যগ্ৰহণ কৰা হৈছিল।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mountain Railways of India. UNESCO
  2. ↑ (21 February 2010). Indian Hill Railways: The Nilgiri Mountain Railway. BBC
  3. ↑ NMR added as a World Heritage Site
  4. ↑ Indian Hill Railways. BBC
  5. ↑ Documentary on Hill railways of India bags UK award. Express India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰভাৰতৰ ৰেল পৰিবহণভাৰতৰ পাৰ্বত্য ৰেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলগিৰি পাৰ্বত্য ৰে’লৱে” প্ৰবন্ধৰ সংশোধন ৬০৫১৮৭ (৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।