হিন্দু ধৰ্মগুৰু
১২ প্ৰবন্ধ
-
চৈতন্য মহাপ্ৰভু
চৈতন্য মহাপ্ৰভু (মহাপ্ৰভু শ্ৰীচৈতন্য দেব; चैतन्य महाप्रभु), জন্ম বিশ্বম্ভৰ মিশ্ৰ () (১৮ ফেব্ৰুৱাৰী ১৪৮৬ – ১৪ জুন ১৫৩৪), এগৰাকী ভাৰতীয় হিন্দু সন্ত আছিল। তেওঁ গৌড়ীয় বৈষ্ণৱবাদৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ বংগৰ নদিয়া জিলাৰ অন্তৰ্গত নবদ্বীপৰ বাসিন্দা আছিল।
-
ক্ৰতু
ক্ৰতু হিন্দু ধৰ্মত সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাৰ মানসপুত্ৰৰ অন্যতম। তেওঁ এজন ঋষিও, যি দুটা ভিন্ন যুগত আবিৰ্ভাৱ হৈছিল। ব্ৰহ্মাৰ মনৰ পৰা উৎপত্তি হোৱা বুলি বিশ্বাস কৰা প্ৰথম মনু সপ্তৰ্ষিসকলৰ যুগৰ সাত মহান ঋষিৰ ভিতৰত তেওঁক এজন বুলি গণ্য কৰা হয়।
-
নীম কৰোলী বাবা
নীম কৰোলী বাবা (Neem Karoli Baba) বা নীব কাৰোৰী বাবা (জন্ম: লক্ষ্মণ নাৰায়ণ শৰ্মা; ১৯০০ – ১১ ছেপ্টেম্বৰ ১৯৭৩) হিচাপেও পৰিচিত৷ তেখেতৰ অনুগামীসকলে তেখেতক মহাৰাজ-জী বুলি মাতিছিল৷ তেখেত হনুমানৰ ভক্ত আছিল।
-
লীলানন্দ ঠাকুৰ
লীলানন্দ ঠাকুৰ (পাগল বাবা নামেৰে অধিক পৰিচিত) আছিল বিংশ শতিকাৰ এজন হিন্দু আধ্যাত্মিক সাধক আৰু সমাজসংস্কাৰক। তেওঁ অবিৰত হৰি নাম সংকীৰ্তনৰ মাধ্যমেৰে ধৰ্মীয় ভক্তিৰ লগতে শিক্ষা, স্বাস্থ্যসেৱা আৰু সমাজসেৱাক একেলগে আগবঢ়োৱাৰ বাবে পৰিচিত আছিল।
-
হেৰম্বসুত
হেৰম্বসুত এজন ভাৰতীয় তান্ত্ৰিক যোগী আছিল, যি বামাচাৰ গণপত্য পন্থাৰ অন্তৰ্গত আছিল। দশম শতিকাৰ কোনো আনন্দগিৰিৰ ৰচনা শংকৰবিজয়ত হেৰম্বসুতৰ নেতৃত্বত উচ্ছিষ্ট গণপতিৰ পূজাৰ কথা উল্লেখ কৰিছে। দেৱতাক কৰা অনুষ্ঠানৰ শেষত বাকী থকা খাদ্যৰ “উচ্ছিষ্ট’’ৰ পৰা এই গোটৰ নাম উদ্ভৱ হৈছে।
-
অদ্বৈত আচাৰ্য
অদ্বৈত আচাৰ্য (; ১৪৩৪–১৫৫৯ ) (জন্ম কমলাক্ষ মিশ্ৰ) গৌড়ীয় বৈষ্ণৱ আন্দোলনৰ প্ৰতিষ্ঠাপক, চৈতন্য মহাপ্ৰভুৰ সংগী আৰু হৰিদাস ঠাকুৰৰ গুৰু আছিল। চৈতন্যৰ জন্মৰ প্ৰায় পঞ্চাশ বছৰ আগতে, ১৪৩৪ চনত লাউড়ৰ নবগ্ৰাম গাঁৱত (বৰ্তমানৰ বাংলাদেশৰ সুনামগঞ্জ জিলাত), জন্মগ্ৰহণ কৰিছিল।
-
গদাধৰ পণ্ডিত
গদাধৰ পণ্ডিত (Gadadhar Pandita;; गदाधर पंडित) শ্ৰীমতী ৰাধাৰাণীৰ এক অৱতাৰ আছিল। তেওঁ পণ্ডিত গোস্বামী নামেৰেও পৰিচিত। তেওঁ গৌড়ীয় বৈষ্ণৱবাদৰ প্ৰতিষ্ঠাপক চৈতন্য মহাপ্ৰভুৰ ঘনিষ্ঠ শৈশৱৰ বন্ধু আছিল।
-
গৌৰ গোপাল দাস
গৌৰ গোপাল দাস (Gaura-Gopāla dāsa) এগৰাকী খ্যাতনামা ভাৰতীয় জীৱনশৈলী প্ৰশিক্ষক আৰু প্ৰেৰণাদায়ক বক্তা। তেওঁ পূৰ্বতে এইছ পি(Hewlett Packard- HP)-ত অভিযন্তা হিচাপে কৰ্মৰত আছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ সচেতনতা সমাজ(ইস্কন) (International Society for Krishna Consciousness-ISKCON)ৰ এগৰাকী সদস্য।
-
প্ৰেমানন্দ গোবিন্দ শৰণ
প্ৰেমানন্দ গোবিন্দ শৰণ (জন্ম: অনিৰুদ্ধ কুমাৰ পাণ্ডে, ১৯৬৯), এগৰাকী ভাৰতীয় হিন্দু আধ্যাত্মিক গুৰু, সাধক আৰু দাৰ্শনিক। তেওঁৰ অনুগামীসকলৰ মাজত তেওঁ প্ৰেমানন্দ জী মহাৰাজ নামেৰে জনাজাত। তেওঁ ৰাধাবল্লভ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।
-
লোকনাথ ব্ৰহ্মচাৰী
লোকনাথ ব্ৰহ্মচাৰী (জন্ম: ৩১ আগষ্ট ১৭৩০ - মৃত্যু: ১ জুন ১৮৯০
-
সাধ্বী প্ৰেম বাইছা
সাধ্বী প্ৰেম বাইছা (Sadhvi Prem Baisa; মৃত্যু ২৮ জানুৱাৰী ২০২৬) পশ্চিম ৰাজস্থানৰ এগৰাকী ভাৰতীয় ধৰ্মীয় গল্পকাৰ আৰু সাধ্বী। ভাগৱত কাহিনীৰ অনুষ্ঠান আৰু গ্ৰামাঞ্চলত ভজন গায়ন-বায়নৰ বাবে তেওঁ পৰিচিত আছিল।
-
স্বামী প্ৰণৱানন্দ
স্বামী প্ৰণৱানন্দ (স্বামী প্ৰণবানন্দ; स्वामी प्रणवानन्द; ), (২৪ ফেব্ৰুৱাৰী ১৮৯৬ – ৮ জানুৱাৰী ১৯৪১) এগৰাকী হিন্দু যোগী আৰু সন্ত, যাক যুগাচাৰ্য্য শ্ৰীমৎ স্বামী প্ৰণৱানন্দ জী মহাৰাজ বুলিও জনা যায়। তেওঁ ভাৰত সেৱাশ্ৰম সংঘ নামেৰে জনাজাত এটি অলাভজনক আধ্যাত্মিক সংগঠনৰ প্ৰতিষ্ঠা কৰিছিল।