অসিত ঋষি (সংস্কৃত ভাষা: ऋषि असित)ক এগৰাকী বৈদিক ঋষি আৰু শণ্ডিল্য গোত্ৰৰ এজনা পণ্ডিত। তেওঁক সাধাৰণভাৱে অসিৎ বুলি কোৱা হয়।১২
বিৱৰণ
মৎস্য পুৰাণত অসিতক শণ্ডিল্য গোত্ৰৰ অন্যতম পণ্ডিত হিচাপে উল্লেখ কৰা হৈছে।১ সৌৰপুৰাণৰ মতে কাশ্যপ নামৰ এজন ঋষিৰ তপস্যাৰ ফলস্বৰূপে অসিতৰ জন্ম হৈছিল। পিছত অসিত আৰু তেওঁৰ পত্নী একপৰ্ণাৰ ঘৰত দেৱলৰ জন্ম হয়। ব্ৰহ্মবৈৱৰ্ত পুৰাণত অসিতক শিৱই তেওঁৰ পুত্ৰ দিছিল বুলি উল্লেখ আছে।৩ দেৱলৰ নিজৰ পুত্ৰ শণ্ডিল্যৰো জন্ম একেদৰেই হৈছিল।৪
ভাগৱত ১০.১২-১৩ পদত অৰ্জুনে অসিতক নাৰদ, অসিত, দেৱল আৰু ব্যাস চাৰিজন মহামুনিৰ ভিতৰত অন্যতম বুলি বৰ্ণনা কৰিছে।৫ ঋগবেদত তেওঁক কিছুমান মন্ত্ৰৰ দৰ্শক ঋষি হিচাপে উল্লেখ কৰা হৈছে।৬ মহাভাৰতত ৰজা যুধিষ্ঠিৰৰদ্বাৰা আয়োজিত ৰাজসূয় যজ্ঞত অসিত উপস্থিত আছিল। তেওঁৰ লগত ভৰদ্বাজ, বিশ্বামিত্ৰ, গৌতম, পৰশুৰাম, বশিষ্ঠ আদি ঋষিয়ে একেলগে সমবেদৰ গীত গায়।৭ শ্ৰীমদ্ভগৱতগীতা পুৰাণৰ নৱম অধ্যায়ত অসিতই মৃত্যুমুখত পৰা ভীষ্মক সাক্ষাৎ কৰি কথা-বতৰা পাতিছিল। তেওঁ কৃষ্ণৰ সহযোগীও আছিল: অসিতে কৃষ্ণই আয়োজন কৰা কুৰুক্ষেত্ৰত যজ্ঞৰ পুৰোহিত হিচাপে কাম কৰিছিল, আৰু তেওঁৰ ভক্ত ৰজা বহুলাশ্ব জনক আৰু ব্ৰাহ্মণ শ্ৰুতদেৱক লগ ধৰিবলৈ মিথিল ৰাজ্যলৈ যোৱাৰ সময়ত তেওঁৰ লগত অধিক সংগ দিছিল।
কিংবদন্তি অনুসৰি আসিতই উত্তৰাখণ্ডৰ যমুনোত্ৰীত বাস কৰিছিল।৮ তেওঁ যমুনা নদী আৱিষ্কাৰ কৰা বুলি অনুমান কৰা হৈছে। সেয়ে যমুনা নদীক "অসিতা" বুলিও কোৱা হয়।৯ কাশীৰ মহাসিদ্ধিশ্বৰ মহাদেৱ মন্দিৰত তেওঁ ধ্যান কৰিছিল বুলি বিশ্বাস কৰা হয়।১০
ধাৰণা
ঋষি অসিতই পুনৰ্জন্মৰ ধাৰণা প্ৰচাৰ কৰিছিল। বিষ্ণু পুৰাণৰ ২৪ নং অধ্যায়ত পৃথ্বীয়ে (পৃথিৱী) জগতৰ ৰজাসকলৰ অজ্ঞানতাৰ ৰহস্য পদ্যৰ ৰূপত অসিতৰ আগত বুজাই দিছিল। ব্ৰহ্মাণ্ড পুৰাণৰ এটা দৃষ্টান্তত অসিতে মিথিলাত ৰজা জনকক পুনৰ্জন্মৰ দৰ্শন ব্যাখ্যা কৰিছে।১১ তেওঁ "ৰজাসকলৰ অজ্ঞানতাৰ বাবে হোৱা গোপনীয়তা"ৰ কথা লক্ষ্য কৰি ৰজা জনকক তেনেদৰে ব্যাখ্যা কৰিছিল।১২
ঋগবেদৰ নৱম পুথি বুলি জনাজাত মণ্ডল ৯ত অসিত হৈছে ৫ নং সূক্তৰপৰা ২৪ নং সূক্তলৈকে গীতসমূহৰ দ্ৰষ্টা ঋষি।১৩ ব্ৰহ্মবৈৱৰ্ত পুৰাণত অসিতই শিৱৰ প্ৰতি অসিতাক্ৰুতম শিৱস্তোত্ৰ নামৰ এটা স্তোত্ৰ ৰচনা কৰিছিল।১৪
তথ্যসূত্ৰ
- ↑ Datta, Swati. (1989). Migrant Brāhmaṇas in Northern India: Their Settlement and General Impact C. A.D. 475-1030. Motilal Banarsidass Publ. ISBN 978-81-208-0067-0
- ↑ DADUZEN, Dayal N. Harjani aka. (2018-07-18). Sindhi Roots & Rituals - Part 2. Notion Press. ISBN 978-1-64249-480-8
- ↑ www.wisdomlib.org. (2009-04-11). Asita, Asitā, Ashita, Aśīta, Āśita, Āsita: 33 definitions. www.wisdomlib.org
- ↑ www.wisdomlib.org. (2014-01-30). Shandilya, Śāṇḍilya, Śāṇḍilyā, Shamdilya: 26 definitions. www.wisdomlib.org
- ↑ www.wisdomlib.org. (2020-05-08). Verses 10.12-13 (Bhagavad-gita). www.wisdomlib.org
- ↑ www.wisdomlib.org. (2021-08-27). Rig Veda 9.24.6 (English translation). www.wisdomlib.org
- ↑ Dharma, Krishna. (2020-08-18). Mahabharata: The Greatest Spiritual Epic of All Time. Simon and Schuster. পৃ. 167. ISBN 978-1-68383-920-0
- ↑ जानिए, पावन धाम यमुनोत्री के बारे में सबकुछ - Know Everything About The Holy Dham Yamunotri. Jagran
- ↑ यमुना नदी, यमराज की बहन है -. Jagran
- ↑ Sawan 2024: अनोखा है काशी में भगवान शंकर का ये मंदिर, यहां तप कर ऋषि मुनियों को मिली थी सिद्धियां. Amar Ujala
- ↑ www.wisdomlib.org. (2019-01-28). Story of Asita. www.wisdomlib.org
- ↑ www.wisdomlib.org. (2014-08-30). Dynasty of the kings of the Kali age (Chapter XXIV). www.wisdomlib.org
- ↑ www.wisdomlib.org. (2021-08-27). Book 9 (English translation). www.wisdomlib.org
- ↑ Gita Press Gorakhpur. Shiv Stotra Ratnakar Gita Press Gorakhpur. পৃ. 82-83
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসিত ঋষি” প্ৰবন্ধৰ সংশোধন ৫৩২২৭৯ (১৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।