অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিতুপৰ্ণ ৰাজবংশী

নিতুপৰ্ণ ৰাজবংশী (Nituparna Rajbongshi) অসমৰ এজন কাৰ্টুনিষ্ট আৰু সাংবাদিক ৷

হালনাগাদ: ২৫ জানুৱাৰী ২০২৬ ২৭৫ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

নিতুপৰ্ণ ৰাজবংশী (Nituparna Rajbongshi) অসমৰ এজন কাৰ্টুনিষ্ট আৰু সাংবাদিক ৷

জন্ম

বৰপেটাৰ সৰভোগত জন্ম লাভ কৰা নিতুপৰ্ণৰ দেউতাকৰ নাম আছিল খগেন চন্দ্ৰ ৰাজবংশী আৰু মাকৰ নাম আছিল বিনাপানী ৰাজবংশী৷১

কৰ্মজীৱন

তেওঁৰ প্ৰথম কাৰ্টুন ১৯৯৭ চনত মাত্ৰ ১৫ বছৰ বয়সত “অবিকল” নামৰ এখন অসমীয়া ভাষাৰ হাস্য-ব্যংগ আলোচনীত প্ৰকাশ পাইছিল।২৩ চিচিংফাঁক, পদক্ষেপ, দুণ্ডুভী, অসমীয়া জনমত, দৈনিক জনমভূমি, অসম বাণী, দৈনিক অসম, আজিৰ অসম, সংবাদ লাহৰী, অসমীয়া খবৰ, অন্য দেশ(বাংলা আলোচনী) জি এন আৰ চি স্বাস্থ্য, ছেণ্টিনেল (হিন্দী), দূৰদৰ্শন (উত্তৰ পূূূব), সাদিন, গণশক্তি, ৰাইজমেল, voiceofassam, indigenousherald, epochtimes, seoltimes, নিউজ ব্লেজ, countercurrents, righthealth আদিত তেওঁৰ কাৰ্টুন প্ৰকাশ পাইছে৷৪৫৬৭৮

২০০৭ চনত বিশিষ্ট সাহিত্যিক মামণি ৰয়ছম গোস্বামীয়ে উদ্বোধন কৰা অসমৰ গুৱাহাটীৰ ষ্টেট আৰ্ট গেলেৰীত তেওঁৰ প্ৰথম একক কাৰ্টুন প্ৰদৰ্শনী অনুষ্ঠিত হয়।৯ এগৰাকী সামাজিকভাৱে উৎসৰ্গিত কাৰ্টুনকাৰ হিচাপে নিতুপৰ্ণই ২০০৭-২০০৮ চনত অসম আৰু উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণ কাৰ্টুন প্ৰদৰ্শনীও আৰম্ভ কৰিছিল। ইয়াত আৰণ্যক আৰু অন্যান্য গোটৰ তত্বাৱধানত পৰিবেশজনিত সমস্যাক সামৰি লোৱা হৈছিল। বঙাইগাঁও, পাগলাদিয়া কলা বিথিকা, (নলবাৰী); বোকাখাত, (গোলাঘাট), কটন বিশ্ববিদ্যালয়(গুৱাহাটী)১০, টিহু মহাবিদ্যালয় (নলবাৰী) আদিতো তেওঁৰ কাৰ্টুনৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল৷ ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যিক আৰ্ট গেলেৰী, ৰবীন্দ্ৰ ভৱন, অসমত অনুষ্ঠিত হোৱা তেওঁৰ “NEOTHANI” শীৰ্ষক কাৰ্টুন প্ৰদৰ্শনীত সমসাময়িক বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰায় ৫০ টা নিৰ্বাচিত কাৰ্টুন প্ৰদৰ্শন কৰা হৈছিল ৷১১ নিতুপৰ্ণৰ প্ৰথম কাৰ্টুন সংকলন AARCHI (The Mirror) ২০১০ চনত জ্যোতি প্ৰকাশন,গুৱাহাটীয়ে প্ৰকাশ কৰিছিল। তদুপৰি নিতুপৰ্ণই তেওঁৰ কাৰ্টুনৰ আধাৰত অসমৰ ছয়জন বিশিষ্ট কবিৰ এটি কবিতা সংকলনো প্ৰকাশ কৰিছিল। নিতুপৰ্ণ ৰাজবংশীৰ “ৰেখাৰে কথাৰে” নামৰ এখন সংকলন ৰেখা প্ৰকাশনৰ দ্বাৰা প্ৰকাশ পায় আৰু ডিচেম্বৰ, ২০১২ত গুৱাহাটীত শুভ উদ্ধোধন কৰা হয়।১২

লগতে এজন সক্ৰিয় সাংবাদিক নিতুপৰ্ণ ৰাজবংশীক ২০১২ চনৰ বাবে জিএনআৰচি মিডিয়া ফেল’শ্বিপৰ বাবে নিৰ্বাচিত কৰা হৈছিল।১৩ তেওঁৰ নিৰ্বাচিত বিষয় আছিল উত্তৰ-পূবৰ দুখীয়া লোকসকলৰ স্বাস্থ্যসেৱা। তদুপৰি ২০১৩ চনত যুগশংখ বাতৰিকাকত গ্ৰুপে তেওঁক যুগশংখ সাংবাদিক বঁটা(ৰাজনৈতিক শ্ৰেণী)ৰে সন্মানিত কৰিছিল।১৪১

তথ্যসূত্ৰ

  1. ↑ The Boy Who Wanted To Punch…
  2. ↑ (2019-01-10). Assam cartoonist faces backlash for anti-Citizenship Bill cartoons. The Indian Express
  3. ↑ Deb, Sreya. (2019-02-28). Slaying with satire. The Patriot
  4. ↑ Nituparna Rajbongshi
  5. ↑ CARTOON by Nituparna Rajbongshi. www.nezine.com. Retrieved on 24 june 2022
  6. ↑ Cartoon Menace . indigenousherald.com. Retrieved on 24 june 2022
  7. ↑ Group Clashes Shock Northeast India | Group Clashes Shock Northeast India. Newsblaze.com (October 19, 2008). Retrieved on 24 june 2022
  8. ↑ what-a-hoot. thehoot.org. Retrieved on 24 June 2022
  9. ↑ Laughter's the best pill, when taken seriously - Cartoonists to brainstorm on the art form and its social responsibility at conclave today. www.telegraphindia.com
  10. ↑ Cartoons win students’ hearts - Sketches send political & social messages. www.telegraphindia.com
  11. ↑ Feb 18, TNN /; 2014; Ist, 04:01. Rhino deaths, UPA-II feature in unique cartoon exhibition · Guwahati News - Times of India. The Times of India
  12. ↑ আৰ্কাইভ কপি
  13. ↑ (2012-03-29). GNRC Media Fellows name declared. Assam Times
  14. ↑ Cartoonist Mr.Nituparna Rajbongshi from Assam, India

সম্পৰ্কিত শ্ৰেণী

কাৰ্টুনিষ্টঅসমৰ সাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিতুপৰ্ণ ৰাজবংশী” প্ৰবন্ধৰ সংশোধন ৫৭১৩৫২ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।