চীনা ৰন্ধনপ্ৰণালী
১৫ প্ৰবন্ধ
-
আনফু হেম
আনফু হেম হৈছে চীনৰ জিয়াংক্সি প্ৰদেশৰ আনফু চহৰত উৎপত্তি হোৱা একপ্ৰকাৰৰ নিমখ দি শুকুৱাই সংৰক্ষিত কৰা হেম (গাহৰিৰ পিছফালৰ মঙহ)। ইয়াৰ ৰং হালধীয়া আভাযুক্ত ৰঙা হয়। এই হেমৰ চালখন পাতল, কিন্তু ইয়াৰ মঙহখিনি ডাঠ। মঙহখিনিত নিমখ দি আৰু ধোঁৱাত শুকুৱাই ইয়াৰ বিশেষ সোৱাদ তৈয়াৰ কৰা হয়।
-
ইউয়ানশিয়াও
ইউয়ানশিয়াও হৈছে বৰা চাউলৰ আটাৰে তৈয়াৰী একপ্ৰকাৰৰ ডাম্পলিং বা লাড়ু চানেকীয়া পিঠা। ইয়াৰ ভিতৰত তিল বা বাদামৰ গুড়ি আৰু চেনি, অথবা মিঠা ৰঙা বীনৰ পেষ্ট পূৰ্ণ কৰি দিয়া হয়। চীনা নৱবৰ্ষৰ পঞ্চদশ দিন অৰ্থাৎ লণ্ঠন উৎসৱৰ সময়ত ইয়াক এক বিশেষ চুপ বা ৰসৰ সৈতে খোৱা হয়।
-
এবেকাছ ছীডছ
এবেকাছ ছীডছ বা এবেকাছ বিডছ হৈছে এক পৰম্পৰাগত হাক্কা চীনা ব্যঞ্জন। ই এবিধ বিশেষ ধৰণৰ থালৰ দৰে ঘূৰণীয়া আৰু মাজভাগ দ-হোৱা ডাম্পলিং, যি কচু আৰু শিমলু আলুৰ আটাৰে তৈয়াৰ কৰা হয়।
-
গাহৰিৰ তেজৰ দৈ
গাহৰিৰ তেজৰ দৈ (চীনা: 豬紅), যাক "ব্লাড টফু" (blood tofu) বা "ব্লাড পুডিং" (blood pudding) (চীনা: 血豆腐) বুলিও জনা যায়, হৈছে চীনৰপৰা উৎপত্তি হোৱা এক জনপ্ৰিয় সুস্বাদু খাদ্য। ইয়াক সাধাৰণতে কাৰ্ব'হাইড্ৰেটযুক্ত খাদ্য যেনে নূডলছ বা জাউৰ সৈতে পৰিৱেশন কৰা হয়।
-
চাংঝৌ তিলৰ কেক
চাংঝৌ তিলৰ কেক বা চাংঝৌ ডামাগাও (; ইংৰাজী: Changzhou sesame cake) হৈছে চীনৰ জিয়াংছু প্ৰদেশৰ চাংঝৌ চহৰত উৎপত্তি হোৱা এবিধ উপবৃত্তাকাৰ, সেকা কেক বা পিঠা। ধাৰণা কৰা হয় যে ইয়াৰ ইতিহাস প্ৰায় ১৫০ বছৰতকৈও পুৰণি।
-
চীনা আঠালেতীয়া ভাত
চীনা আঠালতীয়া ভাত (ইংৰাজী: Chinese sticky rice বা নুওমি ফান (চীনা: 糯米飯) হৈছে চীন আৰু টাইৱানৰ এক জনপ্ৰিয় ভাতৰ ব্যঞ্জন। ই সাধাৰণতে এবিধ বিশেষ আঠালতীয়া চাউল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়, য’ত চয়া চছ, অইষ্টাৰ চছ, পিয়াজ পাত, ধনিয়া পাত আৰু অন্যান্য উপাদান অন্তৰ্ভুক্ত কৰিব পাৰি।
-
চীনা ছ'চেজ
চীনা ছ'চেজ ( Chinese Sausage) হৈছে চীন, চীনৰ সাংস্কৃতিক পৰিমণ্ডল বা চীনা প্ৰব্ৰজনকাৰী সমাজৰ সৈতে সম্পৰ্ক থকা বিভিন্নপ্ৰকাৰৰ ছ'চেজ।
-
ছিৱাৱা
ছিৱাৱা (; অৰ্থাৎ "কাপোৰেৰে মেৰিয়াই থোৱা কেঁচুৱা", যাক "গুইয়াং স্প্ৰিং ৰোল" বা "চিল্ক ডল" বুলিও জনা যায়) হৈছে চীনৰ গুইঝৌ প্ৰদেশৰ এবিধ পৰম্পৰাগত স্থানীয় বিখ্যাত খাদ্য পদ। এই খাদ্যবিধ প্ৰস্তুত কৰিবলৈ হাতৰ তলুৱাত সহজে খাপ খাই পৰা কাগজৰ দৰে পাতল বৰা চাউলৰ এখন ঘূৰণীয়া পিঠা বা পেনকেক ব্যৱহাৰ কৰা হয়।
-
ডৌপি
ডৌপি, যাক "ত্ৰিমুখী সুস্বাদু ডৌপি" (三鲜豆皮, sānxiān dòupí) বুলিও কোৱা হয়, হৈছে চীনৰ হুবেই প্ৰদেশৰ উহান চহৰৰ এবিধ পৰম্পৰাগত ৰাতিপুৱাৰ আহাৰ (ব্ৰেকফাষ্ট)। ইয়াক প্ৰায়ে পথৰ খাদ্য (ষ্ট্ৰীট ফুড) হিচাপে বিক্ৰী কৰা হয়।
-
নানপিয়ে
নানমি বা নানপিয়ে (; তাই নুয়া: TaiLe / ᥢᥣᥢᥙᥥ) হৈছে বিভিন্ন সতেজ উপাদান, বনৌষধি আৰু মচলাৰে প্ৰস্তুত কৰা দাই জনগোষ্ঠীৰ এবিধ পৰম্পৰাগত চাটনি সদৃশ আনুষংগিক খাদ্য পদ।
-
বাবি হং
বাবী হং (ইংৰাজী: Babi hong) হৈছে এক ইণ্ডোনেচিয়ান চীনা খাদ্য পদ। ই মূলত হাক্কা খাদ্যশৈলীৰ সৈতে জড়িত বুলি ধাৰণা কৰা হয়। ইয়াৰ মুখ্য উপাদান হৈছে গাহৰিৰ পেটৰ চৰ্বীযুক্ত মাংস (যাক স্থানীয় ভাষাত চামচান বুলি কোৱা হয়)।
-
মাও টোফু
মাও টোফু বা নোমাল টোফু (hairy tofu) হৈছে চীনৰ এবিধ কিণ্বিত টোফু। এই খাদ্যবিধ চীনত কেইবাশ বছৰ ধৰি ব্যৱহাৰ হৈ আহিছে।
-
মেনমা
মেনমা হৈছে চুনচিৰ জাপানী নাম, যি আচলতে চীনৰ লেক্ট’-কিণ্বিত বাঁহৰ গাজ। কিণ্বন বা ফাৰমেণ্টেশ্যন প্ৰক্ৰিয়াৰ পূৰ্বে বাঁহৰ গাজসমূহ ৰ’দত বা অন্য উপায়েৰে শুকুৱাই লোৱা হয়। মেনমা হৈছে নুডলচ বা নুডল চুপ, বিশেষকৈ ৰামেনৰ ওপৰত দিয়া এবিধ অতি সুলভ উপাদান।
-
সাপৰ চুৰুহা
সাপৰ চুৰুহা বা সাপৰ চূপ হংকঙৰ একজনপ্ৰিয় সুস্বাদু খাদ্য আৰু স্বাস্থ্য পৰিপূৰক, য'ত অন্ততঃ দুবিধ সাপৰ মাংস মূল উপাদান হিচাপে থাকে। ক্ৰিইচেন্থিমাম পাত আৰু মছলা মিহলোৱাৰ বাবে এই চুৰুহা সোৱাদ অলপ মিঠা হয় যদিও সাপৰ মাংস কুকুৰাৰ মাংসৰ সোৱাদৰ সৈতে মিল থকা বুলি কোৱা হয়।
-
হাঁহৰ তেজ আৰু ভাৰ্মিকেলি চুপ
হাঁহৰ তেজ আৰু ভাৰ্মিকেলি চুপ (চীনা: 鸭血粉丝汤) হৈছে জাংছু প্ৰদেশৰ ৰাজধানী নানজিঙৰ এক পৰম্পৰাগত সুস্বাদু খাদ্য, আৰু ইয়াক চীনৰ অন্যান্য প্ৰান্ততো খোৱা হয়। পোলেণ্ড, বেলাৰুছ আৰু লিথুৱানিয়াতো ইয়াৰ সৈতে মিল থকা এটা ব্যঞ্জন খোৱা হয়, য’ত ইয়াক জাৰনিনা বুলি কোৱা হয়।