অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চাংঝৌ তিলৰ কেক

চাংঝৌ তিলৰ কেক বা চাংঝৌ ডামাগাও (; ইংৰাজী: Changzhou sesame cake) হৈছে চীনৰ জিয়াংছু প্ৰদেশৰ চাংঝৌ চহৰত উৎপত্তি হোৱা এবিধ উপবৃত্তাকাৰ, সেকা কেক বা পিঠা। ধাৰণা কৰা হয় যে ইয়াৰ ইতিহাস প্ৰায় ১৫০ বছৰতকৈও পুৰণি।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ২৭৭ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

চাংঝৌ তিলৰ কেক বা চাংঝৌ ডামাগাও (; ইংৰাজী ভাষা: Changzhou sesame cake)১ হৈছে চীনৰ জিয়াংছু প্ৰদেশৰ চাংঝৌ চহৰত উৎপত্তি হোৱা এবিধ উপবৃত্তাকাৰ, সেকা কেক বা পিঠা। ধাৰণা কৰা হয় যে ইয়াৰ ইতিহাস প্ৰায় ১৫০ বছৰতকৈও পুৰণি। গাহৰিৰ চৰ্বি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ইষ্ট-হালধীয়া আটাৰ কেইবাটাও তৰপ চেপেটা কৰি, ভিতৰত ফূৰণ (stuffing) ভৰাই আৰু ওপৰত তিলৰ প্ৰলেপ দি এই কেক সেকা হয়। পৰম্পৰাগতভাৱে ইয়াক ৰাতিপুৱাৰ আহাৰ হিচাপে জাউ (congee)ৰ সৈতে বা পথৰ কাষৰ লঘু আহাৰ হিচাপে খোৱা হয়। বৰ্তমান সময়ত ইয়াক প্ৰায়ে আগতীয়াকৈ পেকেট কৰি উপহাৰ হিচাপেও দিয়া দেখা যায়।

২০০৯ চনৰ ছেপ্টেম্বৰ মাহত চাংঝৌ তিলৰ কেক প্ৰস্তুত কৰাৰ এই পৰম্পৰাগত পদ্ধতিক আনুষ্ঠানিকভাৱে জিয়াংছু প্ৰদেশৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ দ্বিতীয়টো দলৰ অংশ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।২৩

প্ৰস্তুত প্ৰণালী

পানী, তেল আৰু ঘেঁহুৰ আটা একেলগে মিহলাই এটা মণ্ড তৈয়াৰ কৰাৰ পিছত ইয়াত ইষ্ট যোগ কৰা হয় আৰু ইয়াৰ কিণ্বন (ফাৰমেণ্টেশ্যন) হ’বলৈ দিয়া হয়। আটাৰ মণ্ডটোৰ ঘনতা আৰু আঠালতীয়া গুণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। ইয়াৰ পিছত, আটাখিনি সৰু সৰুকৈ কাটি, ভিতৰত গাহৰিৰ চৰ্বিৰ পুৰ দিয়া হয়, চেপেটা কৰা হয় আৰু এটা টান ঘূৰণীয়া কুণ্ডলী বা স্পাইৰেলৰ দৰে পকোৱা হয় যাতে চৰ্বি আৰু আটাৰ কেইবাটাও তৰপ একেলগ হৈ পৰে। ইয়াৰ ফলতেই কেকবিধৰ বিশেষ তৰপযুক্ত কুৰকুৰীয়া ভাব আহে। এই কুণ্ডলীবোৰৰ ভিতৰত সোৱাদ অনুসৰি পুনৰ পুৰ দি, ঘূৰণীয়া কৰি লৈ পিছত বৰ্ধিত ডিম্বাকৃতিৰ ৰূপত চেপেটা কৰা হয়। চাংঝৌ তিলৰ কেক মিঠা আৰু নিমখীয়া— এই দুয়োটা সোৱাদতে পোৱা যায়; মিঠা কেকৰ ভিতৰত চেনি ব্যৱহাৰ কৰা হয় আৰু নিমখীয়া কেকৰ ভিতৰত গাহৰিৰ চৰ্বি আৰু পিঁয়াজ পাত দিয়া হয়। ইয়াৰ পিছত কেকবোৰ বগা (আৰু কেতিয়াবা ক’লা) তিলেৰে আবৃত কৰি সেকা হয়। প্ৰস্তুত হোৱা কেকবোৰ প্ৰায় একোখন হাতৰ তলুৱাৰ সমান ডাঙৰ হয়। এইবোৰ দেখিবলৈ পাতল সোণালী ৰঙৰ হ’ব লাগে, খাবলৈ মচমচীয়া হয় আৰু ইয়াক গৰমে গৰমে পৰিৱেশন কৰা হয়।৪৫

তথ্যসূত্ৰ

  1. ↑ Archived copy
  2. ↑ 陈建共,周晓东主编. (2016). 常州宝语. 凤凰出版社. পৃ. 362–363. ISBN 978-7-5506-2546-4
  3. ↑ 江苏省人民政府 第十三期 省政府关于公布第二批省级非物质文化遗产名录和第一批省级非物质文化遗产扩展项目名录的通知. www.js.gov.cn
  4. ↑ 李廷芝主编. (2019). 中国烹饪辞典 新版. 太原:山西科学技术出版社. পৃ. 366. ISBN 978-7-5377-5847-5
  5. ↑ 张哲永等主编. (1993). 饮食文化辞典. 长沙:湖南出版社. পৃ. 254. ISBN 7-5438-0665-7

সম্পৰ্কিত শ্ৰেণী

চীনা ৰন্ধনপ্ৰণালীচীনৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাংঝৌ তিলৰ কেক” প্ৰবন্ধৰ সংশোধন ৬৩৫৯১৭ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।