প্লাত’ন (Πλάτων,; Platōn,; /৪২৩ খ্ৰীঃপূঃ – ৩৪৮/৩৪৭ খ্ৰীঃপূঃ), আফ্লাতুন বা প্লেটো এজন ধ্ৰুপদী গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ জন্ম হৈছিল ৪২৮ বা ৪২৭ খ্ৰীষ্টপূৰ্বত গ্ৰীচৰ এথেন্স চহৰত। তেওঁৰ শিক্ষক আছিল বিখ্যাত দাৰ্শনিক ছক্ৰেটিছ। প্লেটোৰ জীৱনত চক্ৰেটিছৰ প্ৰভাৱ আছিল অনন্য। সেইদৰে প্লেটোৰ জনপ্ৰিয় শিষ্য আছিল এৰিষ্টটল।১ উল্লেখযোগ্য যে প্লেটোৰ প্ৰকৃত নাম আছিল এৰিষ্টক্লচ, চন অৱ এৰিষ্টন, অফ দ্য ডীম কলাইটাছ আৰু প্লেটো নামটো এটা উপনাম হিচাপেহে ব্যৱহাৰ কৰা হৈছিল। প্লেটোৰ শাৰীিৰক শিক্ষাৰ শিক্ষকজনে তেওঁৰ বহল শৰীৰৰ বাবে তেওঁক প্লেটো নামটো প্ৰদান কৰিছিল বুলি জনা যায়। অৱশ্যে এইক্ষেত্ৰত আৰু এটা মতামতো প্ৰণিধানযোগ্য। কিছুসংখ্যক গৱেষকৰ মতে প্লেটোৰ কপালৰ অংশটো যথেষ্ট বহল আছিল আৰু সেইবাবে তেওঁ প্লেটো নামটো পালে। উল্লেখ্য যে গ্ৰীক ভাষাত Platus শব্দটোৱে 'বহল' অৰ্থ বুজায়।২ যি কি নহওক, চক্ৰেটিছৰ মৃত্যুৰ পাছত প্লেটোৱে মনৰ দুখত গ্ৰীচ আৰু ভূমধ্য অঞ্চলত ঘূৰি ফুৰোতে তেওঁক এবাৰ সাগৰীয় ডকাইতৰ দলে অপহৰণ কৰিছিল। প্লেটোক উদ্ধাৰ কৰিবলৈ তেওঁৰ বন্ধুসকলে টকা-পইচা গোটাইছিল যদিও ডকাইতৰ দলটোৱে প্লেটোক তাৰ আগেয়েই মুকলি কৰি দিয়ে। তাৰ পাছত বন্ধুসকলে মিলি প্লেটোক এখন বিদ্যালয় খুলি দিয়ে। প্লেটোৰ এই বিদ্যালয়খনৰ নাম হৈছে একাডেমী।
তথ্যসূত্ৰ
- ↑ webspace.ship.edu/cgboer/athenians.html আহৰণ কৰা হৈছেঃ ২৪-০৭-২০২৩
- ↑ www.plato-dialogues.org/faq/faq005.htm, আহৰণ কৰা হৈছেঃ ২৪-০৭-২০২৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্লেটো” প্ৰবন্ধৰ সংশোধন ৬১৩৪১৬ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।