জন ফ্ৰেদাৰিক হাৰ্বাট (ইংৰাজীঃ Johann Friedrich Herbart) (জন্মঃ ৪ মে, ১৭৭৬ - মৃত্যুঃ ১৪ আগষ্ট, ১৮৪১) আছিল এজন জাৰ্মান দাৰ্শনিক, মনোবিজ্ঞানী আৰু শিক্ষাবিজ্ঞানক শৈক্ষিক শাখা হিচাপে প্ৰতিষ্ঠা কৰা দাৰ্শনিক। জন হাৰ্বাৰ্টক উত্তৰ কান্টিয়ান দাৰ্শনিকসকলৰ মাজৰ এজন বুলি মনত ৰখা হয় যি নান্দনিকতাৰ সম্পৰ্কত হেগেলৰ সম্পূৰ্ণ বিপৰীতমূখী বক্তব্য ৰাখিছিল। তেওঁৰ শৈক্ষিক দৰ্শনক হাৰ্বাৰ্টিয়ানবাদ বুলি জনা যায়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন ফ্ৰেদাৰিক হাৰ্বাট” প্ৰবন্ধৰ সংশোধন ৪৪৪৫৬১ (১৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।