অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জঁ-পল ছাৰ্ত্ৰ

জঁ-পল শ্বাৰ্ল এমাৰ ছাৰ্ত্ৰ (Jean-Paul Sartre,; ২১ জুন ১৯০৫ – ১৫ এপ্ৰিল ১৯৮০) আছিল এজন ফৰাচী দাৰ্শনিক, নাট্যকাৰ, ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, ৰাজনৈতিক কৰ্মী, জীৱনীকাৰ আৰু সাহিত্য সমালোচক। তেওঁক বিংশ শতিকাৰ ফৰাচী দৰ্শন আৰু মাৰ্ক্সবাদৰ এগৰাকী আগশাৰীৰ ব্যক্তিত্ব হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২১ আগষ্ট ২০২৬ ৯৪৭ শব্দ · ৫ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

ত চিমন দ্য ব'ভোৱাৰ আৰু জঁ-পল ছাৰ্ত্ৰ]]

জঁ-পল শ্বাৰ্ল এমাৰ ছাৰ্ত্ৰ (Jean-Paul Sartre,; ২১ জুন ১৯০৫ – ১৫ এপ্ৰিল ১৯৮০) আছিল এজন ফৰাচী দাৰ্শনিক, নাট্যকাৰ, ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, ৰাজনৈতিক কৰ্মী, জীৱনীকাৰ আৰু সাহিত্য সমালোচক। তেওঁক বিংশ শতিকাৰ ফৰাচী দৰ্শন আৰু মাৰ্ক্সবাদৰ এগৰাকী আগশাৰীৰ ব্যক্তিত্ব হিচাপে গণ্য কৰা হয়। ছাৰ্ত্ৰ অস্তিত্ববাদ (আৰু প্ৰপঞ্চবিজ্ঞান) দৰ্শনৰ অন্যতম মূল ব্যক্তি আছিল আৰু তেওঁ উদাৰতাবাদী মাৰ্ক্সবাদৰ সমৰ্থক আছিল। তেওঁৰ কৰ্মৰাজিয়ে সমাজবিজ্ঞান, সমালোচনামূলক তত্ত্ব, উত্তৰ-উপনিৱেশবাদী তত্ত্ব আৰু সাহিত্য অধ্যয়নক গভীৰভাৱে প্ৰভাৱিত কৰিছে। ১৯৬৪ চনত তেওঁক সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল যদিও তেওঁ সেয়া গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে তেওঁ সদায় চৰকাৰী সন্মান প্ৰত্যাখ্যান কৰে আৰু "এজন লেখকে নিজকে কোনো প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হ’বলৈ দিব নালাগে।"১

ছাৰ্ত্ৰৰ প্ৰখ্যাত নাৰীবাদী আৰু সহ-অস্তিত্ববাদী দাৰ্শনিক ছিমন দ্য ব'ভোৱাৰৰ সৈতে এক উন্মুক্ত সম্পৰ্ক আছিল। ছাৰ্ত্ৰ আৰু দ্য ব'ভোৱাৰে একেলগে তেওঁলোকৰ প্ৰতিপালনৰ সাংস্কৃতিক আৰু সামাজিক ধাৰণাবোৰক প্ৰত্যাহ্বান জনাইছিল, যাক তেওঁলোকে জীৱনশৈলী আৰু চিন্তা উভয় ক্ষেত্ৰতে বুৰ্জোৱা বুলি গণ্য কৰিছিল। দমনকাৰী, আধ্যাত্মিকভাৱে ক্ষতিকাৰক অনুবৰ্তনশীলতা (mauvaise foi, আক্ষৰিক অৰ্থত, 'কু-বিশ্বাস') আৰু "প্ৰকৃত" সত্তাৰ মাজৰ সংঘাত ছাৰ্ত্ৰৰ প্ৰাৰম্ভিক কৰ্মৰাজিৰ প্ৰধান বিষয়বস্তু হৈ পৰিছিল। এই বিষয়বস্তুটো তেওঁৰ প্ৰধান দাৰ্শনিক গ্ৰন্থ লেত্ৰ এ ল্য নেয়ঁ (L'Être et le Néant, ১৯৪৩)-ত প্ৰতিফলিত হৈছে।২ ছাৰ্ত্ৰই তেওঁৰ অস্তিত্ববাদ এক মানৱতাবাদ (L'existentialisme est un humanisme, ১৯৪৬) নামৰ গ্ৰন্থখনত নিজৰ দৰ্শনৰ এক পৰিচয় দাঙি ধৰিছিল, যিখন প্ৰথমতে এটা বক্তৃতা হিচাপে উপস্থাপন কৰা হৈছিল।

পেৰিছত জন্মগ্ৰহণ কৰা ছাৰ্ত্ৰই মাত্ৰ দুবছৰ বয়সতে পিতৃক হেৰুৱাইছিল আৰু মূলতঃ তেওঁৰ মাতৃ আৰু ককাদেউতাকে তেওঁক ডাঙৰ-দীঘল কৰিছিল, যিয়ে তেওঁক সাহিত্যৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিছিল। তেওঁ বিখ্যাত একল নৰ্মেল ছুপেৰিয়ৰত অধ্যয়ন কৰিছিল, য’ত তেওঁ অঁৰী বেৰ্গছন, এডমুণ্ড হুছাৰ্ল আৰু মাৰ্টিন হাইডেগাৰৰ দৰে চিন্তাবিদসকলৰ দ্বাৰা প্ৰভাৱিত হৈ দৰ্শনৰ প্ৰতি গভীৰ আগ্ৰহ গঢ়ি তুলিছিল। ছাৰ্ত্ৰৰ প্ৰাৰম্ভিক শৈক্ষিক জীৱনত কেইবাখনো ফৰাচী লিছে (lycées)-ত শিক্ষাদান কৰা আৰু উচতনিমূলক ধেমালি তথা তৰ্ক-বিতৰ্কত লিপ্ত হোৱা অন্তৰ্ভুক্ত আছিল।

ছাৰ্ত্ৰৰ জীৱন শক্তিশালী ৰাজনৈতিক সক্ৰিয়তাৰে চিহ্নিত আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁক সৈন্যবাহিনীত অন্তৰ্ভুক্ত কৰা হৈছিল, বন্দী কৰা হৈছিল আৰু পিছলৈ মুক্তি দিয়া হৈছিল। ইয়াৰ পিছত তেওঁ ছছিয়ালিস্ম এ লিবেৰ্তে (Socialisme et Liberté) নামৰ প্ৰতিৰোধ গোটটোৰ সহ-প্ৰতিষ্ঠা কৰে। যদিও গোটটো বিলুপ্ত হৈছিল, ছাৰ্ত্ৰ অধিকৃত ফ্ৰান্সত এক প্ৰভাৱশালী কণ্ঠস্বৰ হৈ পৰিছিল। তেওঁ গুপ্ত সাহিত্যত অৱদান আগবঢ়াইছিল আৰু উই ক্ল' (Huis clos)-ৰ দৰে নাটক লিখিছিল। যুদ্ধৰ পিছত তেওঁ লে তঁ মদেৰ্ন (Les Temps modernes) নামৰ পত্ৰিকাখনৰ সহ-প্ৰতিষ্ঠা কৰে আৰু ক্ৰমান্বয়ে ৰাজনৈতিক তথা সামাজিক কাৰণসমূহৰ হকে মাত মাতিবলৈ নিজৰ মঞ্চখন ব্যৱহাৰ কৰে। তেওঁ উপনিৱেশবিৰোধী আন্দোলনসমূহক সমৰ্থন কৰিছিল, আলজেৰিয়াত ফৰাচী নীতিৰ গৰিহণা দিছিল, ভিয়েটনাম যুদ্ধত আমেৰিকাৰ হস্তক্ষেপৰ বিৰোধিতা কৰিছিল আৰু বিভিন্ন সময়ত নিজকে মাৰ্ক্সবাদ আৰু মাৱবাদৰ সৈতে সংলগ্ন কৰিছিল। জীৱনৰ শেষৰ ফালে স্বাস্থ্যৰ অৱনতি ঘটা সত্ত্বেও, ছাৰ্ত্ৰ ১৯৮০ চনত মৃত্যুৰ আগমুহূৰ্তলৈকে সক্ৰিয়তা আৰু বৌদ্ধিক তৰ্কৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আছিল। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত ৫০,০০০ শোকাকুল জনতাই অংশগ্ৰহণ কৰিছিল।

গ্ৰন্থপঞ্জী

উপন্যাস আৰু চুটি গল্পৰ সংকলনঃ

  • বমি / বমি Nausea / La nausée (১৯৩৮)
  • দ্য ৱাল / লে মুৰ– ৫টা চুটিগল্পৰ সংকলন (১৯৩৯) (The Wall / Le mur – collection of 5 short stories) (1939)

The Roads to Freedom

  1. The Age of Reason / L'âge de raison (১৯৪৫)
  2. The Reprieve / Le sursis (১৯৪৫)
  3. Troubled Sleep (London ed. (Hamilton) has title: Iron in the Soul) / La mort dans l'âme (১৯৪৯)
  4. The Last Chance (১৯৪৯ and ১৯৮১) – unfinished

নাটকঃ

  • Bariona / Bariona, ou le fils du tonnerre (১৯৪০)
  • The Flies / Les mouches (১৯৪৩)
  • No Exit / Huis clos (১৯৪৪)
  • The Respectful Prostitute / La putain respectueuse (১৯৪৬)
  • The Victors (Men Without Shadows) / Morts sans sépulture (১৯৪৬)
  • In the Mesh / L'engrénage (১৯৪৮)
  • Dirty Hands (Crime Passionnel, The Assassin, Red Gloves ) / Les mains sales (১৯৪৮)
  • Intimacy (১৯৪৯)
  • The Devil and the Good Lord(Lucifer and the Lord) / Le diable et le bon dieu (১৯৫১)
  • Nekrassov (১৯৫৫)
  • The Condemned of Altona / Les séquestrés d'Altona (১৯৫৯)
  • Hurricane over Cuba, written and printed in 1961 in Brazil, along with Rubem Braga and Fernando Sabino (১৯৬১)
  • The Trojan Women / Les Troyennes (১৯৬৫)

চিত্ৰনাট্যঃ

  • Typhus, wr. ১৯৪৪, প্ৰকাশিত ২০০৭; The Proud and the Beautiful গন্থ আধাৰিত
  • The Chips Are Down / Les jeux sont faits (screenplay, dir. Jean Delannoy; ১৯৪৭)
  • The Crucible (screenplay, ১৯৫৭ dir. Raymond Rouleau)
  • Freud: The Secret Passion (screenplay, ১৯৬২; dir. John Huston; Sartre had his name removed from the film)
  • The Freud Scenario / Le scénario Freud (১৯৮৪)

আত্মজীৱনীমূলকঃ

  • Sartre By Himself / Sartre par lui-mème (১৯৫৯)
  • The Words / Les Mots (১৯৬৪)
  • Witness to My Life & Quiet Moments in a War / Lettres au Castor et à quelques autres (১৯৮৩)
  • War Diaries: Notebooks from a Phony War / Les carnets de la drole de guerre (১৯৮৪)

দাৰ্শনিক ৰচনাঃ

  • The Transcendence of the Ego / La transcendance de l'égo (১৯৩৬)
  • Imagination: A Psychological Critique / L'imagination (১৯৩৬)
  • Sketch for a Theory of the Emotions / Esquisse d'une théorie des émotions (১৯৩৯)
  • The Imaginary / L'imaginaire (১৯৪০)
  • Being and Nothingness / L'être et le néant (১৯৪৩)
  • Existentialism Is a Humanism / L'existentialisme est un humanisme (১৯৪৬)
  • Existentialism and Human Emotions / Existentialisme et émotions humaines (১৯৫৭)
  • Search for a Method / Question de méthode (১৯৫৭)
  • Critique of Dialectical Reason / Critique de la raison dialectique (১৯৬০, ১৯৮৫)
  • Notebooks for an Ethics / Cahiers pour une morale (১৯৮৩)
  • Truth and Existence / Vérité et existence (১৯৮৯)
  • Anti-Semite and Jew / Réflexions sur la question juive (ৰচানা ১৯৪৩, প্ৰকাশঃ ১৯৪৬)
  • Baudelaire (১৯৪৬)
  • Situations I: Literary Critiques / Critiques littéraires (১৯৪৭)
  • Situations II: What Is Literature? / Qu'est-ce que la littérature ? (১৯৪৭)
  • "Black Orpheus" / "Orphée noir" (১৯৪৮)
  • Situations III (১৯৪৯)
  • Saint Genet, Actor and Martyr / S.G., comédien et martyr (১৯৫২)
  • The Henri Martin Affair / L'affaire Henri Martin (১৯৫৩)
  • Situations IV: Portraits (১৯৬৪)
  • Situations V: Colonialism and Neocolonialism (১৯৬৪)
  • Situations VI: Problems of Marxism, Part 1 (১৯৬৬)
  • Situations VII: Problems of Marxism, Part 2 (১৯৬৭)
  • The Family Idiot / L'idiot de la famille (১৯৭১-৭২)
  • Situations VIII: Autour de 1968 (১৯৭২)
  • Situations IX: Mélanges (১৯৭২)
  • Situations X: Life/Situations: Essays Written and Spoken / Politique et Autobiographie (১৯৭৬)

তথ্য সংগ্ৰহ

en.wikipedia.org/wiki/Jean-Paul_Sartre

তথ্যসূত্ৰ

  1. ↑ "Minnen, bara minnen" from year 2000 by Lars Gyllensten. Address by Anders Österling, Member of the Swedish Academy. Retrieved 4 February 2012
  2. ↑ McCloskey, Deirdre N. (2006). The Bourgeois Virtues: Ethics for an Age of Commerce. University of Chicago Press. পৃ. 297. ISBN 978-0-226-55663-5

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জঁ-পল ছাৰ্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৬২৯৭১৭ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।