অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তৰণ আদৰ্শ

তৰণ আদৰ্শ ( तरण आदर्श; জন্ম ১৩ জুন ১৯৬৫) এজন ভাৰতীয় চলচ্চিত্ৰ সমালোচক, সাংবাদিক, সম্পাদক আৰু চলচ্চিত্ৰ বাণিজ্য বিশ্লেষক। তেওঁ বি কে আদৰ্শৰ পুত্ৰ। তেওঁ টুইটাৰত চিনেমা সম্পৰ্কীয় খবৰ আৰু বক্স অফিচৰ শেহতীয়া তথ্য প্ৰদানৰ বাবে সুপৰিচিত।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

তৰণ আদৰ্শ ( तरण आदर्श; জন্ম ১৩ জুন ১৯৬৫) এজন ভাৰতীয় চলচ্চিত্ৰ সমালোচক, সাংবাদিক, সম্পাদক আৰু চলচ্চিত্ৰ বাণিজ্য বিশ্লেষক।১২ তেওঁ বি কে আদৰ্শৰ পুত্ৰ। তেওঁ টুইটাৰত চিনেমা সম্পৰ্কীয় খবৰ আৰু বক্স অফিচৰ শেহতীয়া তথ্য প্ৰদানৰ বাবে সুপৰিচিত।৩

কৰ্মজীৱন

১৫ বছৰ বয়সত ট্ৰেড গাইডৰ সম্পাদক হিচাপে তৰণ আদৰ্শে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।১ ১৯৯৪ চনত তৰণ আদৰ্শে শ্বেহজাদ খান আৰু কাশ্মীৰা শ্বাহ অভিনীত বলীউড ছবিৰ আধাৰত নিৰ্মিত টিভি ধাৰাবাহিক হেলো বলীউড প্ৰযোজনা কৰে। তেতিয়াও তেওঁ ট্ৰেড গাইডৰ সৈতে জড়িত আছিল। বৰ্তমান তেওঁ বলীউড সম্পৰ্কীয় ৱেবছাইট বলীউড হাংগামাৰ সৈতে জড়িত।৪

চলচ্চিত্ৰ

  • হেল্ল' বলীউড (১৯৯৪) - পৰিচালক, প্ৰযোজক আৰু লেখক।

তথ্যসূত্ৰ

  1. ↑ Sen, Meheli. (1 March 2017). Haunting Bollywood: Gender, Genre, and the Supernatural in Hindi Commercial Cinema. University of Texas Press. পৃ. 216. ISBN 978-1-4773-1160-8
  2. ↑ Devasundaram, Ashvin Immanuel. (25 October 2018). Indian Cinema Beyond Bollywood: The New Independent Cinema Revolution. Routledge. ISBN 978-1-351-25424-3
  3. ↑ Rai, Amit S. (27 May 2009). Untimely Bollywood: Globalization and India's New Media Assemblage. Duke University Press. পৃ. 128. ISBN 978-0-8223-9233-0
  4. ↑ Ghosh, Pratik. (14 March 2008). Films: interview with Taran Adarsh. হিন্দুস্তান টাইমছ

সম্পৰ্কিত শ্ৰেণী

ব্যক্তিচলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰণ আদৰ্শ” প্ৰবন্ধৰ সংশোধন ৪৫৪২৩৭ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।