অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ক্ৰিকবাজ

ক্ৰিকবাজ হৈছে টাইমছ ইণ্টাৰনেটৰ মালিকানাধীন ৱেবছাইট। ইয়াত ক্ৰিকেট খেলৰ বাতৰি, প্ৰবন্ধ, আৰু পোনপটীয়া সম্প্ৰচাৰ থাকে — য’ত ভিডিঅ’, পাঠ্য, ভাষ্য, খেলুৱৈৰ পৰিসংখ্যা আৰু দলৰ শ্ৰেণীবিভাগ অন্তৰ্ভুক্ত। ইয়াৰ এটা ম'বাইল এপ্লিকেচনো আছে।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৬ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ক্ৰিকবাজ হৈছে টাইমছ ইণ্টাৰনেটৰ মালিকানাধীন ৱেবছাইট। ইয়াত ক্ৰিকেট খেলৰ বাতৰি, প্ৰবন্ধ, আৰু পোনপটীয়া সম্প্ৰচাৰ থাকে — য’ত ভিডিঅ’, পাঠ্য, ভাষ্য, খেলুৱৈৰ পৰিসংখ্যা আৰু দলৰ শ্ৰেণীবিভাগ অন্তৰ্ভুক্ত। ইয়াৰ এটা ম'বাইল এপ্লিকেচনো আছে।১

ক্ৰিকবাজ হৈছে ক্ৰিকেটৰ বাতৰি আৰু স্ক'ৰৰ বাবে আটাইতকৈ জনপ্ৰিয় ম'বাইল এপ্লিকেচনসমূহৰ ভিতৰত এটা।২ ২০১৪ চনত ভাৰতত আটাইতকৈ বেছি বিচৰা ৱেবছাইটৰ ভিতৰত ই সপ্তম স্থানত আছিল।৩ ২০২২ চনৰ ফেব্ৰুৱাৰীলৈকে এই ম'বাইল এপ্লিকেচনটোৰৰ ডাউনলোড ১০ কোটিতকৈ অধিক, আৰু ২০১৫ চনৰ জানুৱাৰীলৈকে ৫০ কোটি ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰি ২.৬ বিলিয়ন পৃষ্ঠাদৰ্শন সৃষ্টি কৰিছিল।৪

ইতিহাস

২০০৪ চনত ক্ৰিকবাজ পংকজ ছাপাৰৱাল, পিয়ুছ আগৰৱাল আৰু প্ৰবীণ হেগডে দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।৫ ২০১০ চনত লাইভ ক্ৰিকেট বাতৰি আৰু স্ক'ৰৰ বাবে ম'বাইল এপ্লিকেচন উন্নয়ন আৰম্ভ কৰে।

নৱেম্বৰ ২০১৪-ত টাইমছ ইণ্টাৰনেটে ক্ৰিকবাজৰ বেছিভাগ অংশৰ অধিকাৰ গ্ৰহণ কৰে। ৱেবছাইটটো মূল প্ৰতিষ্ঠাপকসকলেই চলাই গৈছে।৫৬

জানুৱাৰী ২০১৫-ত টাইমছ ইণ্টাৰনেটৰ মালিকানাধীন গ' ক্ৰিকেট ক্ৰিকবাজত একত্ৰিত কৰা হয়। তাৰ ৱেবছাইট ক্ৰিকবাজলৈ পুনঃনিৰ্দেশ কৰা হয় আৰু মোবাইল এপটোও একত্ৰিত কৰা হয়।৬ ২০১৬ চনৰ ছেপ্তেম্বৰত ক্ৰিকবাজে হৰ্ষ ভোগলেকে 'ভয়েচ অৱ ক্ৰিকেট' হিচাপে নিযুক্ত কৰে আৰু তেতিয়াৰে পৰা ১৫০ৰো অধিক ভিডিঅ’ প্ৰস্তুত কৰিছে।৭

আগষ্ট ২০১৫-ত ক্ৰিকবাজ ভাৰত-শ্ৰীলংকা টেষ্ট শৃংখলাৰ টাইটেল স্পন্সৰ হিচাপে নাম ঘোষণা কৰা হয়।৮৯

২০১৯ চনৰ দ্বিতীয় প্ৰান্তিকত ক্ৰিকবাজক বিশ্বৰ দ্বিতীয় সৰ্বাধিক ডাউনলোড হোৱা বাতৰি এপ হিচাপে গণ্য কৰা হয়।১০

এপ্ৰিল ২০২৪-ত ২০২৪ আইপিএল আৰম্ভ হোৱাৰ আগতে ৱিলো — আমেৰিকা আৰু কানাডাৰ এটা ক্ৰিকেট সম্পৰ্কীয় টিভি চেনেল — ক্ৰিকবাজত একত্ৰিত কৰা হয়। ইয়াৰ দ্বাৰা সেই বজাৰত ক্ৰিকবাজৰ ম'বাইল এপৰে ৱিলোৰ প্ৰিমিয়াম চুবচক্ৰিপচন সামগ্ৰীসমূহ উপলব্ধ কৰে।১১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Cricbuzz. Google Play
  2. ↑ Cricbuzz targets 82 million users. টাইমছ অৱ ইণ্ডিয়া
  3. ↑ Google India's top 10 searches of 2014. টাইমছ অৱ ইণ্ডিয়া
  4. ↑ Cricbuzz targets 75 million users. টাইমছ অৱ ইণ্ডিয়া
  5. ↑ Times Internet acquires Cricbuzz. টাইমছ অৱ ইণ্ডিয়া
  6. ↑ GoCricket mergers into Cricbuzz. medianama
  7. ↑ www.ETBrandEquity.com. Harsha Bhogle's partnership with Cricbuzz hits the 100 million milestone - ET BrandEquity. ETBrandEquity.com
  8. ↑ Cricbuzz named title sponsor. The Hindu
  9. ↑ Cricbuzz is title sponsor for India-Sri Lanka Test Series. bestmediainfo
  10. ↑ Entrackr, Team. (১৯ জুলাই ২০১৯). Cricbuzz emerges as second most downloaded news app in world. Entrackr
  11. ↑ (২০২৪-০৪-১৯). Willow by Cricbuzz launches in US, Canada. Advanced Television

সম্পৰ্কিত শ্ৰেণী

ক্ৰিকেটখেলৱেবছাইটম'বাইল এপ্লিকেচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰিকবাজ” প্ৰবন্ধৰ সংশোধন ৫৭২৭১৫ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।