অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰ কে লক্ষ্মণ

ৰাচিপুৰম কৃষ্ণস্বামী লক্ষ্মণ (২৪ অক্টোবৰ ১৯২১ - ২৬ জানুৱাৰী ২০১৫) এজন ভাৰতীয় কাৰ্টুনিষ্ট, চিত্ৰকৰ আৰু ব্যংগ লেখক। দ্য টাইম্‌ছ অৱ ইণ্ডিয়া কাকতত ১৯৫১ চনৰপৰা প্ৰকাশিত তেওঁৰ "ইউ ছেইড ইট" (You Said It) শীৰ্ষক কাৰ্টুন শিতানৰ "দ্য কমন মেন" চৰিত্ৰৰ বাবে তেওঁ বিখ্যাত।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৪ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰাচিপুৰম কৃষ্ণস্বামী লক্ষ্মণ১ (২৪ অক্টোবৰ ১৯২১ - ২৬ জানুৱাৰী ২০১৫) এজন ভাৰতীয় কাৰ্টুনিষ্ট, চিত্ৰকৰ আৰু ব্যংগ লেখক।২ দ্য টাইম্‌ছ অৱ ইণ্ডিয়া কাকতত ১৯৫১ চনৰপৰা প্ৰকাশিত তেওঁৰ "ইউ ছেইড ইট" (You Said It) শীৰ্ষক কাৰ্টুন শিতানৰ "দ্য কমন মেন" চৰিত্ৰৰ বাবে তেওঁ বিখ্যাত।৩

লক্ষ্মণে স্থানীয় বাতৰি কাকত আৰু আলোচনীত অংশকালীন কাৰ্টুনিষ্ট হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। মহাবিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁ দ্য হিন্দু কাকতত ককায়েক আৰ কে নাৰায়ণৰ গল্পসমূহ ছবিৰে বৰ্ণনা কৰিছিল। মুম্বাইত দ্য ফ্ৰী প্ৰেছ জাৰ্ণেলত ৰাজনৈতিক কাৰ্টুনিষ্ট হিচাপে তেওঁ প্ৰথম পূৰ্ণকালীন চাকৰিত সোমায়। পাছলৈ তেওঁ "দ্য টাইম্‌ছ অৱ ইণ্ডিয়া"ত যোগদান কৰে আৰু "দ্য কমন মেন"ৰ বাবে প্ৰখ্যাত হয়।

প্ৰাৰম্ভিক জীৱন

১৯২১ চনত মহীশূৰত লক্ষ্মণৰ জন্ম হৈছিল।৪ তেওঁৰ দেউতাক এজন প্ৰধান শিক্ষক আছিল আৰু দেউতাকৰ ৬জন ল'ৰাৰ ভিতৰত লক্ষ্মণ আটাইতকৈ সৰু আছিল। তেওঁৰ এগৰাকী ভগ্নীও আছিল।৫৬ তেওঁৰ ককায়েক আৰ কে নাৰায়ণ এজন বিখ্যাত ঔপন্যাসিক। লক্ষ্মণ "Pied Piper of Delhi" নামেৰে জনাজাত আছিল।৭

সৰুৰেপৰাই তেওঁৰ ছবি অঁকাৰ প্ৰতি আগ্ৰহ আছিল। হাইস্কুলৰ পাছত তেওঁ এই আগ্ৰহক আগবঢ়াই নিবৰ বাবে জে জে স্কুল অৱ আৰ্ট, মুম্বাইত নামভৰ্তিৰ বাবে আবেদন কৰিছিল, কিন্তু তেওঁৰ চিত্ৰ উচ্চমানৰ নহয় বুলি তেওঁৰ আবেদন নাকচ কৰা হৈছিল।৮ তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ৰপৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। এইখিনি সময়ত তেওঁ নিজৰ স্বতন্ত্ৰ (freelance) কলাসুলভ কামসমূহ আগবঢ়াই নিছিল আৰু "স্বৰাজ্য" আলোচনীলৈ আৰু নাৰদ মুনিৰ ওপৰত নিৰ্মিত এখন এনিমেচন চলচ্চিত্ৰলৈ নিজৰ কাৰ্টুন আগবঢ়াইছিল।৯

তথ্যসূত্ৰ

  1. ↑ Ranga Rao. (1 January 2006). R.K. Narayan. Sahitya Akademi. পৃ. 11. ISBN 978-81-260-1971-7 Pg.11 in the source says that Laxman & his brother Narayan were Tamil Iyer Brahmins.
  2. ↑ Laxman's-eye view Frontline Magazine – 18–31 July 1998
  3. ↑ (26 January 2015). Times of India cartoonist RK Laxman dies after illness. BBC
  4. ↑ The Common Man is still at work. The Hindu
  5. ↑ RIP RK Laxman: Common Man just lost its first citizen. Rediff.com
  6. ↑ Laxman 1998, পৃ. 4
  7. ↑ RK Laxman passes away. The Times of India
  8. ↑ Laxman 1998, পৃ. 57–60
  9. ↑ Laxman 1998, পৃ. 66–72

সম্পৰ্কিত শ্ৰেণী

কাৰ্টুনিষ্টপদ্মবিভূষণ বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীৰমন মেগছেছে বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ কে লক্ষ্মণ” প্ৰবন্ধৰ সংশোধন ৪০৩৫৬১ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।