অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দেৱান উপভাষা

দেৱান, দেহান, বা কাছাৰী উপভাষা হৈছে অসমীয়া ভাষাৰ এটা আঞ্চলিক প্ৰকাৰ, যাক ঘাইকৈ বৰাক উপত্যকা কাছাৰ জিলাত কোৱা হয়। দেৱান উপভাষা কোৱা লোকসকল ঘাইকৈ বৰাক নৈৰ পূব অংশৰ দহখন গাঁৱত পোৱা যায় যিকেইখন হ’ল হৰিনগৰ, জাপিৰবন, লেবুৰবন, গৰৰবন, দেৱান (লাবক) বা দেৱান বস্তি, নাৰায়ণপুৰ, লাৰ্চিংপাৰ, থালিগ্ৰাম,…

হালনাগাদ: ২৮ এপ্ৰিল ২০২৫ ২৮৩ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

দেৱান, দেহান, বা কাছাৰী উপভাষা হৈছে অসমীয়া ভাষাৰ এটা আঞ্চলিক প্ৰকাৰ, যাক ঘাইকৈ বৰাক উপত্যকা কাছাৰ জিলাত কোৱা হয়।১ দেৱান উপভাষা কোৱা লোকসকল ঘাইকৈ বৰাক নৈৰ পূব অংশৰ দহখন গাঁৱত পোৱা যায় যিকেইখন হ’ল হৰিনগৰ, জাপিৰবন, লেবুৰবন, গৰৰবন, দেৱান (লাবক) বা দেৱান বস্তি, নাৰায়ণপুৰ, লাৰ্চিংপাৰ, থালিগ্ৰাম, লখিচৰা আৰু দিগলী। দেৱান উপভাষা কোৱা লোকসকল একেটা জিলাত থাকিলেও তেওঁলোক ভিন ভিন ঠাইত সিঁচৰতি হৈ আছে। দহখন গাঁৱৰ ভিতৰত, জাপিৰবন হৈছে আটাইতকৈ ডাঙৰ আৰু জনবহুল।

অসমীয়া বাহিৰেও দেৱান উপভাষাৰ শব্দ আৰু ভাষিক বৈশিষ্ট্যবোৰ চিলঠীয়া আৰু বিষ্ণুপ্ৰিয়া মণিপুৰীতো কিছু দেখিবলৈ পোৱা যায়, যিটো ওচৰ সম্বন্ধৰ উপৰিও কেইবাশতিকাৰ পৰা সম্পৰ্কত থকাত হৈছে। দেৱান উপভাষা অসমীয়াৰ কামৰূপীয়া আৰু মান্য উপভাষাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।

ইতিহাস

বৰাক উপত্যকাৰ সম্প্ৰদায়সমূহৰ ভিতৰত, দেৱানসকল প্ৰাৰম্ভিক বসতি কৰাসকলৰ ভিতৰত পৰে, কিয়নো তেওঁলোকৰ বসতি ১৬শ শতিকাতেই আৰম্ভ হৈছিল। তেওঁলোক ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা অহা প্ৰব্ৰজনকাৰী। চিলাৰায়ে কাছাৰৰ ভৈয়াম জয় কৰাৰ সময়ত তেওঁলোকে কাছাৰত প্ৰৱেশ কৰিছিল, কিন্তু তেওঁলোকৰ মাজৰ কিছুমানে ব্ৰহ্মপুত্ৰ উপত্যকালৈ ঘূৰি অহা নাছিল আৰু কাছৰক তেওঁলোকৰ স্থায়ী বাসস্থান হিচাপে গঢ়ি তুলিছিল। চিলৰায়ে মাইবং, মণিপুৰ, জয়ন্তীয়া ৰাজ্য, শ্ৰীহট্ট আৰু ত্ৰিপুৰাৰ মাজেৰে অভিযান চলাইছিল আৰু অৱশেষত ১৫৬২ চনত কাছাৰৰ ভৈয়ামখিনি কোচ ৰাজ্যৰ লগত লগ লগাইছিল। পিছলৈ খাছপুৰ আৰু ইয়াৰ আশে-পাশে থকা কোচ শাসিত এলেকা এটা সৰু জমিদাৰীলৈ কমি গৈছিল।

বৰাক উপত্যকাৰ কোচ-ৰাজবংশীসকল দেহান বুলি ঘাইকৈ জনা যায়। প্ৰথমতে তেওঁলোকৰ বসতি আছিল খাছপুৰৰ আশে-পাশে কিন্তু পিছলৈ, বিভিন্ন সামাজিক-ৰাজনৈতিক বাধ্যকতাৰ বাবে, তেওঁলোকে ভিন ভিন গাঁৱলৈ সিঁচৰতি হৈছিল।

ৰূপতত্ত্ব

সৰ্বনাম

+ Personal pronouns২nominativeaccusativegenitive
1st personsingularমইমোকমোৰ
pluralআমিআমাকআমাৰ
2nd personsingularতইতোকতোৰ
pluralতুমিতুমাকতুমাৰ
3rd personsgproxmইইয়াকইয়াৰ
f
distmসিসিয়াকসিয়াৰ
fতাইতাইকতাইৰ
plprox
distসেলোক, সিলোকসেলোকক, সিলোককসেলোকৰ, সিলোকৰ

তথ্য উৎস

  • Bhattacharya, Pramodchandra. (2003). Aspects of North East Indian languages. Anundoram Borooah Institute of Language, Art & Culture, Assam
  • Singha, S. Sulochana. (2017). A DESCRIPTIVE GRAMMAR OF DHIYAN. Assam University
  • Baruah, Binita. (1999). Sibsagar dialect: A socio-linguistic study. Cotton college
  • Goswami, Upendranath. (1970). ভাষা-বিজ্ঞান. Gauhati university
  • Goswami, Dey. (2015). Identity formation through oral narratives: A case study of the Koch-Rajbongshis of Barak valley. Assam university

তথ্যসূত্ৰ

  1. ↑ "the Cachar dialect is closely related to the Kamrupi dialect and the Standard Assamese"
  2. ↑ Singha 2017, পৃ. 270

সম্পৰ্কিত শ্ৰেণী

অসমৰ ভাষা আৰু লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱান উপভাষা” প্ৰবন্ধৰ সংশোধন ৫০৪৫৬১ (২৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।