গোলাঘাট জিলা
১৫ প্ৰবন্ধ
-
গোলাঘাট জিলা
গোলাঘাট জিলা অসম ৰাজ্যৰ এটি গুৰুত্বপূর্ণ জিলা, যাৰ সদৰ ঠাই গোলাঘাট নগৰ। ইতিহাস, জনবসতি আৰু বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি প্ৰাকৃতিক সম্পদৰ বাবে জিলাখন বিশেষ পৰিচিত।
-
গোলাঘাট
গোলাঘাট উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ আৰু গোলাঘাট জিলাৰ সদৰ। ধনশিৰী নৈক কেন্দ্ৰ কৰি গঢ় লোৱা এই নগৰ ঐতিহাসিক নিদৰ্শন, শিক্ষা-সংস্কৃতি আৰু কাজিৰঙা-কেন্দ্ৰিক পৰ্যটন সংযোগৰ বাবে পৰিচিত।
-
দেৰগাঁও
দেৰগাঁও(Dergaon) (IPA: ˈdɜːˌgɑ̃ʊ)উজনি অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন ঐতিহাসিক ঠাই। হেমকোষ প্ৰণেতা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, জ্ঞানপীঠ বঁটাপ্ৰাপ্ত কবি নীলমণি ফুকন, গল্প সম্ৰাট চৈয়দ আব্দুল মালিক, প্ৰফুল্ল চন্দ্ৰ বৰা, নগেন ঠাকুৰ, নৃত্যাচাৰ্য যতীন গোস্বামীকে আদি কৰি অসমীয়া সমাজ-সংস্কৃতিৰ জগতখনত…
-
বোকাখাত
বোকাখাত (Bokakhat)(IPA: ˌbəʊkəˈkɑːt) অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন নগৰ৷
-
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (Shri Shri Athkhelia Namghar), অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত। ই গোলাঘাট জিলাৰ ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা – এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত অৱস্থিত।
-
খুমটাই
গোলাঘাট নগৰৰ পৰা প্ৰায় ১৮ কি মি উত্তৰ পশ্চিমত “খুমটাই” অৱস্থিত। ইয়াৰ পূবে ঢেকিয়াল মৌজা, পশ্চিমত মহুৰা মৌজা, উত্তৰে ৰঙা মাটি মৌজা আৰু দক্ষিণ দিশত মৰঙী মৌজা। খুমটাইৰ মাজেৰেই পাৰ হৈ গৈছে ইতিহাস প্ৰসিদ্ধ ধোদৰ আলি (১ নং ৰাজ্যিক ঘাইপথ)।
-
সৰুপথাৰ
সৰুপথাৰ (Sarupathar) অসমৰ গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ৷
-
নেঘেৰিটিং শিৱদৌল
নেঘেৰিটিং শিৱদৌল অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূৱফালে ছয় কিঃমিঃ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত। নেঘেৰিটিং শিৱদৌলটো দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে।
-
বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়
বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০২০ চনৰ ২ ছেপ্টেম্বৰত গৃহীত কৰা বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়ক, ২০২০ৰ অধীনত স্থাপন কৰিছে।
-
বোকাখাত মহকুমা
বোকাখাত মহকুমা (Bokakhat Sub division) হৈছে গোলাঘাট জিলাৰ তিনিটা মহকুমাৰ ভিতৰত অন্যতম। ১৯৯২ চনত গোলাঘাট মহকুমাৰ পৰা ফালি আনি প্ৰথমতে ৰঙামাটি, মহুৰা, খুমটাই মৌজাৰ একাংশ, বোকাখাত আৰু কাজিৰঙা মৌজাক লৈ এই মহকুমাৰ গঠন কৰা হৈছিল।
-
চাৰহ মিচিং
চাৰহ মিচিং (ইংৰাজী: Charoh Mising) অসমৰ গোলাঘাট জিলাৰ দেৰগাঁওৰ অন্তৰ্গত এখন উল্লেখযোগ্য মিচিং গাঁও। ই ১০৪ নং দেৰগাঁও বিধানসভা সমষ্টি আৰু ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
-
কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান
কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান হৈছে অসমত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ অৰ্কিড উদ্যান। গোলাঘাট জিলাৰ দুৰ্গাপুৰ গাঁৱত প্ৰায় ৬ একৰ এলেকাত বিস্তৃত উদ্যানখনে কাজিৰঙাৰ গৌৰৱ বহুগুণে বৃদ্ধি কৰিছে।
-
গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটি
গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটি (Golaghat Amateur Theatre Society) হ'ল সংগীত, নৃত্যৰ লগতে থিয়েটাৰৰ দৰে পৰিৱেশ্য কলা প্ৰচাৰ; কবিতা, উপন্যাস আৰু চুটি গল্পৰ দৰে সাহিত্য; আৰু চিত্ৰকলা আৰু ফটোগ্ৰাফীৰ নিচিনা দৃষ্টিগ্ৰাহ্য কলা প্ৰচাৰৰ বাবে এক অনুষ্ঠান।
-
দেওপাহাৰ
দেওপাহাৰ ভাৰতৰ অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত পূৰাতাত্ত্বিক স্থান। এই স্থলত এখন সংৰক্ষিত পূৰাতাত্ত্বিক উদ্যান আৰু অসম চৰকাৰৰ পূৰাতাত্ত্বিক বিভাগৰ অন্তৰ্গত এটা যাদুঘৰ আছে। দেওপাহাৰ বা দেওপৰ্বত নামৰ অৰ্থ হৈছে ঈশ্বৰৰ পাহাৰ। ই ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত।
-
বঙ্কোৱাল
বংকোৱাল হৈছে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ উত্তৰত অৱস্থিত এটা অঞ্চল। বোকাখাত ৰাজহচক্ৰৰ অধীনৰ মহুৰা মৌজাৰ বানে গৰকা এটা অঞ্চল বংকোৱাল। মিচিং সকলৰ তামাৰ গোষ্ঠীৰ লোকসকল এই অঞ্চলটোত বাস কৰে। এই লোক সকলক অসমীয়াভাষী মিচিং বুলিও কোৱা শুনা যায়।