অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অসমৰ স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদসমূহৰ তালিকা

প্ৰশাসনৰ সুবিধাৰ বাবে ভাৰতত স্বায়ত্বশাসনৰ ব্যৱস্থা আছে। চৰকাৰত স্থানীয় জনজাতীয় লোকৰ প্ৰত্যক্ষ যোগদানৰ বাবে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰণত কিছুমান স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হয়। ভাৰতত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা স্বায়ত্বশাসিত অঞ্চল সমূহ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত ক্ষমতা লাভ কৰে।

হালনাগাদ: ৩০ মে’ ২০২৫ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

প্ৰশাসনৰ সুবিধাৰ বাবে ভাৰতত স্বায়ত্বশাসনৰ ব্যৱস্থা আছে। চৰকাৰত স্থানীয় জনজাতীয় লোকৰ প্ৰত্যক্ষ যোগদানৰ বাবে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰণত কিছুমান স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হয়। ভাৰতত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা স্বায়ত্বশাসিত অঞ্চল সমূহ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত ক্ষমতা লাভ কৰে। সেইদৰে ৰাজ্যচৰকাৰেও জনজাতীয় লোক সকলৰ বাবে স্বায়ত্বশাসিত পৰিষদৰ গঠন কৰে। জনজাতীয় লোকসকলৰ সামাজিক, আৰ্থিক, শৈক্ষিক, নৃগোষ্ঠীয় আৰু সাংস্কৃতিক উন্নয়নৰ বাবে এই পৰিষদ সমূহ গঠন কৰা হয়।১

স্বায়ত্বশাসিত পৰিষদ

সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি অসমত মুঠ তিনিখন স্বায়ত্বশাসিত পৰিষদ আছে। সেইকেইখন হল,

  1. বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ
  2. উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ, আৰু
  3. কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ

ইয়াৰোপৰি অসম চৰকাৰে জনজাতীয় লোকৰ উন্নয়নৰ বাবে মুঠ ছয়খন স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰিছে। সেইকেইখন হ'ল,

  1. ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ
  2. মিচিং স্বায়ত্বশাসিত পৰিষদ
  3. তিৱা স্বায়ত্বশাসিত পৰিষদ
  4. দেউৰী স্বায়ত্বশাসিত পৰিষদ
  5. ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদ
  6. সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদ২

উন্নয়ন পৰিষদjonmonisarania

অসম চৰকাৰে অসমৰ পিছপৰা সম্প্ৰদায়ৰ সকলৰ বাবে কিছুমান উন্নয়ন পৰিষদ গঠন কৰিছে। পিছপৰা সম্প্ৰদায়ৰ আৰ্থসমাজিক উন্নয়ন এই পৰিষদ সমূহৰ মূল লক্ষ্য। ক্ষমতা আৰু দায়িতৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে এই পৰিষদ সমূহৰ উন্নয়নৰ সুবিধা কৰি দিয়া হয়। বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহ নিজ নিজ পৰিষদত সুচাৰুভাৱে ৰূপায়ণ কৰা এই পৰিষদ সমূহৰ অন্যতম উদ্দেশ্য। প্ৰতিখন উন্নয়ন পৰিষদত ১৫ জনৰ পৰা ২৫ জন সদস্য আৰু এজন অধ্যক্ষ থাকে। অসমত বৰ্তমান ৩৩ খন৩ উন্নয়ন পৰিষদ আছে। সেইকেইখন হ'ল,

  1. মৰাণ উন্নয়ন পৰিষদ
  2. মটক উন্নয়ন পৰিষদ
  3. মাইমল উন্নয়ন পৰিষদ
  4. মৰিয়া উন্নয়ন পৰিষদ
  5. গোৰ্খা উন্নয়ন পৰিষদ
  6. চুতীয়া উন্নয়ন পৰিষদ
  7. আদিবাসী উন্নয়ন পৰিষদ
  8. নাথ যোগী উন্নয়ন পৰিষদ
  9. কোঁচ ৰাজবংশী উন্নয়ন পৰিষদ
  10. বিষ্ণুপুৰীয়া মণিপুৰী উন্নয়ন পৰিষদ
  11. টাই আহোম উন্নয়ন পৰিষদ
  12. মেছ কছাৰী উন্নয়ন পৰিষদ
  13. মণিপুৰী উন্নয়ন পৰিষদ
  14. সাধাৰণ জাতি উন্নয়ন পৰিষদ
  15. চিংফৌ (মান টাই) উন্নয়ন পৰিষদ
  16. আমৃ কাৰ্বি উন্নয়ন পৰিষদ
  17. শৰণীয়া কছাৰী উন্নয়ন পৰিষদ
  18. বৰাক উপত্যকা পাৰ্বত্য জনজাতি উন্নয়ন পৰিষদ
  19. চাহ জনজাতি উন্নয়ন পৰিষদ
  20. অনুসূচীত জাতি উন্নয়ন পৰিষদ
  21. চাউদাং উন্নয়ন পৰিষদ
  22. মদাহী উন্নয়ন পৰিষদ
  23. কুমাৰ উন্নয়ন পৰিষদ
  24. হাজং উন্নয়ন পৰিষদ
  25. চুট উন্নয়ন পৰিষদ
  26. গৰীয়া উন্নয়ন পৰিষদ
  27. বৰ্মন কছাৰী উন্নয়ন পৰিষদ
  28. কাৰ্বি আংলঙৰ বাহিৰে আন ঠাইত বাস কৰা কাৰ্বি মানুহৰ বাবে উন্নয়ন পৰিষদ
  29. হিন্দীভাষী উন্নয়ন পৰিষদ
  30. বাংলাভাষী উন্নয়ন পৰিষদ
  31. জ্বলহা উন্নয়ন পৰিষদ
  32. ব্ৰাহ্মণ উন্নয়ন পৰিষদ
  33. কলিতা উন্নয়ন পৰিষদ৪

তথ্যসূত্ৰ

  1. ↑ (Articles 244(2) and 275(1)) . Constitution of India
  2. ↑ আৰ্কাইভ কপি
  3. ↑ আৰ্কাইভ কপি
  4. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ প্ৰশাসন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫১৩৭৮৩ (৩০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।