ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল
৯ প্ৰবন্ধ
-
দিল্লী
দিল্লী (Delhi, दिल्ली), আধিকাৰীক নাম দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (National Capital Territory of Delhi, NCT), হৈছে ভাৰতৰ এক মহানগৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ভাৰতৰ ৰাজধানী নতুন দিল্লী ইয়াৰ অন্তৰ্গত।
-
চণ্ডীগড়
চণ্ডীগড় (Chandigarh) উত্তৰ ভাৰতত অৱস্থিত এখন চহৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ই চুবুৰীয়া ৰাজ্য পঞ্জাব আৰু হাৰিয়ানাৰ ৰাজধানী। এই চহৰ দুয়োখন ৰাজ্যৰে অংশ নহয় আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ শাসন চলায়। চণ্ডীগড়ৰ উত্তৰ, পশ্চিম আৰু দক্ষিণ দিশত পঞ্জাব আৰু পূব দিশত হাৰিয়ানা অৱস্থিত।
-
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈছে বংগোপসাগৰ আৰু আন্দামান সাগৰৰ সন্ধিস্থলৰ এলানি দ্বীপ মালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। অঞ্চলটি ইণ্ডোনেছিয়াৰ আচেহ অঞ্চলৰ উত্তৰত অৱস্থিত, আন্দামান সাগৰে ইয়াক থাইলেণ্ড আৰু ম্যানমাৰৰ পৰা পৃথক কৰি ৰাখিছে।
-
লাডাখ
লাডাখ উত্তৰ ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল। লাডাখ এলেকা কাৰাকোৰাম ৰেঞ্জৰ চিয়াচেনৰ পৰা দক্ষিণত হিমালয়লৈকে। লাডাখবাসী মূলতঃ ভাৰতীয়-আৰ্য আৰু তিব্বতী মূলৰ। লাডাখৰ জনঘনত্ব ভাৰতৰ প্ৰেক্ষাপটত অতিকৈ কম আৰু এই অঞ্চলৰ সংস্কৃতিও তিব্বতী সংস্কৃতিৰ সৈতে মিলে।
-
পুডুছেৰী
পুডুছেৰী (புதுச்சேரி, অৰ্থ: নতুন চহৰ) বা পণ্ডিচেৰী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। পূৰ্বৰ ফ্ৰান্সৰ অধিকৃত চাৰি অঞ্চল পণ্ডিচেৰী, কাৰিকল, মাহে আৰু য়ানাম একত্ৰিত কৰি পুডুছেৰী গঠন কৰা হৈছিল। ইয়াৰ নাম বৃহত্তম জিলা পুডুছেৰীৰ নামেৰে নামকৰণ কৰা হৈছে।
-
লাক্ষাদ্বীপ
লাক্ষাদ্বীপ বা লক্ষদ্বীপ যি পৃৰ্বতে লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদীৱি দ্বীপপুঞ্জ নামৰে পৰিচিত আছিল, হৈছে ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলৰ পৰা ২০০-ৰ পৰা ৪৪০ কিলোমিটাৰ দূৰত্বত আৰৱ সাগৰত অৱস্থিত দ্বীপপুঞ্জৰ সমূহ। দ্বীপপুঞ্জটো ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল।
-
দমন আৰু দিউ
দমন আৰু দিউ পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ১১২ বৰ্গ কিলোমিটাৰ মাটিকালিৰে ই ভাৰতৰ ক্ষুদ্ৰতম প্ৰশাসনিক অঞ্চল। এই অঞ্চল ভৌগোলিক ভাবে খামবৎ উপসাগৰে পৃথক কৰা দুখন জিলা দমন আৰু দিউৰে গঠিত। ইয়াৰ সীমাত গুজৰাট আৰু আৰৱ সাগৰ অৱস্থিত। ১৫ শতিকাৰ পৰায়ে এই অঞ্চল পৰ্তুগীজ সকলৰ অধীন আছিল।
-
দাদৰা আৰু নগৰ হাভেলী
দাদৰা আৰু নগৰ হাভেলী পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ই দুটা পৃথক ভৌগোলিক অঞ্চলৰে গঠিত। সেই দুই অঞ্চল হৈছে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজত অৱস্থিত নগৰ হাভেলী আৰু তাৰ পৰা ১৮ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত সম্পূৰ্ণৰূপে গুজৰাটে আৱৰা দাদৰা অঞ্চল।
-
দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ
দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। এই কেন্দ্ৰীয় শাসিত অঞ্চল পূৰ্বৰ দুই কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ একত্ৰিতকৰণ দ্বাৰা সৃষ্টি কৰা হৈছে।