ভাৰতৰ বিশ্ব ঐতিহ্য আংশিক তালিকা
৭ প্ৰবন্ধ
-
দিল্লী
দিল্লী (Delhi, दिल्ली), আধিকাৰীক নাম দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (National Capital Territory of Delhi, NCT), হৈছে ভাৰতৰ এক মহানগৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ভাৰতৰ ৰাজধানী নতুন দিল্লী ইয়াৰ অন্তৰ্গত।
-
শান্তিনিকেতন
শান্তিনিকেতন (Santiniketan, শান্তিনিকেতন) পশ্চিমবংগ ৰাজ্যৰ অন্তৰ্গত বীৰভূম জিলাৰ বোলপুৰ চহৰত অৱস্থিত আশ্ৰম আৰু শিক্ষাকেন্দ্ৰ। ১৮৬৩ চনত ৰবীন্দ্ৰনাথৰ পিতা দেবেন্দ্ৰনাথ ঠাকুৰে ঈশ্বৰচিন্তা আৰু ধৰ্ম আলোচনা কৰাৰ উদ্দেশ্যত বোলপুৰ চহৰৰ উত্তৰ অংশত এই আশ্ৰমখনৰ প্ৰতিষ্ঠা কৰিছিল।
-
অমৃতসৰৰ স্বৰ্ণমন্দিৰ
পঞ্জাবৰ সু্প্ৰাচীন নগৰ অমৃতসৰত আছে শিখসকলৰ মুখ্য গুৰুদ্বাৰ আৰু তীৰ্থ স্বৰ্ণমন্দিৰ৷ স্বৰ্ণমন্দিৰ ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ৷ স্বৰ্ণ মন্দিৰতে আছে শিখ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ হাতে লিখা গ্ৰন্থ চাহিব৷ শিখসকলে গ্ৰন্থখন দেৱ জ্ঞান কৰে৷ স্বৰ্ণ মন্দিৰত পূজাৰ কোনো প্ৰথা নাই৷ গ্ৰন্থ চাহিবৰ অখণ্ড পাঠ চলে মাথোঁ৷ এই…
-
চেলুলাৰ জে'ল
চেলুলাৰ জে'ল (Cellular Jail) ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰত অৱস্থিত এখন প্ৰসিদ্ধ জে'ল। ইয়াৰ নিৰ্মাণ আৰম্ভ হয় ১৮৯৬ চনত৷ ৷ প্ৰায় ৬০০ বন্দীক ছেলুলাৰ জে'ল নিৰ্মাণৰ কামত লগোৱা হৈছিল আৰু ১৯০৬ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল৷ এই কাৰাগাৰ নিৰ্মাণত খৰচ পৰিছিল ৫,১৭,৩৫২ টকা৷…
-
চিল্কা হ্ৰদ
চিল্কা হ্ৰদ উৰিষ্যাৰ চিল্কা হ্ৰদটো ভাৰতৰ অন্যতম বৃহৎ নিমখীয়া পানীৰ হ্ৰদ, ই ৪০ মাইল (৬৫ কিমি) দীঘল, ৫ ৰ পৰা ১৩ মাইল (৮ ৰ পৰা ২০ কিমি) বহল, আৰু প্ৰায় ৬ ফুট (২ মিটাৰ) গভীৰ। এই হ্ৰদটো ভাৰতৰ পূব উপকূলৰ উৰিষ্যা ৰাজ্যৰ পুৰী, খোৰধা আৰু গঞ্জাম জিলাত বিয়পি আছে, দয়া নদীৰ মুখত, বংগোপসাগৰলৈ প্ৰবাহিত হৈছে।
-
ঊনকোটি
ঊনকোটি ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ঊনকোটি জিলাৰ কৈলাসহৰ মহকুমাত অৱস্থিত এক পুৰাতত্ত্বিক আৰু শৈৱ উপাসনাৰ স্থান। বিশাল শিলত কটা মূৰ্তি, সকাহেৰে পৰিপূৰ্ণ ই এক প্ৰাচীন উপাসনাস্থলী আৰু ত্ৰিপুৰা ৰাজ্যৰ অন্যতম মুখ্য পৰ্যটনস্থলী।
-
চাৰমিনাৰ
চাৰমিনাৰ (, Charminar) হৈছে ভাৰতৰ তেলংগানা ৰাজ্যৰ হায়দৰাবাদত অৱস্থিত এটা স্মাৰক। ১৫৯১ চনত নিৰ্মাণ কৰা এই সীমাচিহ্ন বা লেণ্ডমাৰ্কটো হায়দৰাবাদৰ প্ৰতীক চিহ্ন আৰু আনুষ্ঠানিকভাৱে ইয়াক তেলেংগানাৰ প্ৰতীক ৰূপেও অন্তৰ্ভুক্ত কৰা হৈছে।