ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহ
৫ প্ৰবন্ধ
-
তেজপুৰ বিশ্ববিদ্যালয়
১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বৰ্তমান বিশ্ববিদ্যালয়খনত ১৫টা বিভাগেৰে প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে প্ৰফেচৰ শম্ভূনাথ সিঙক নিযুক্তি দিয়া হৈছে।
-
বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়
বিশ্বভাৰতী বিশ্ববিদ্যালয়, ভাৰতৰ পশ্চিম বংগৰ শান্তিনিকেতনত অৱস্থিত এখন ৰাজহুৱা খণ্ডৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে আৰু তেৱেঁই বিশ্ববিদ্যালয়খনক ‘বিশ্বভাৰতী’ বুলি অভিহিত কৰিছিল, যাৰ অৰ্থ হৈছে বিশ্বৰ ভাৰতৰ সৈতে মিলন।
-
আলিগড় মুছলিম বিশ্ববিদ্যালয়
আলিগড় মুছলিম বিশ্ববিদ্যালয় (ইংৰাজী: Aligarh Muslim University, চমুকৈ AMU) আলিগড় মুছলিম বিশ্ববিদ্যালয় ভাৰতৰ উত্তৰ প্ৰদেশৰ আলিগড়ত অৱস্থিত এখন কলেজিয়েট, কেন্দ্ৰীয় আৰু গৱেষণা বিশ্ববিদ্যালয়, যিখন প্ৰথমে ১৮৭৫ চনত ছাৰ চৈয়দ আহমেদ খানে মুহাম্মদান এংলো-অৰিয়েণ্টেল কলেজ হিচাপে প্ৰতিষ্ঠা কৰিছিল।আলিগড়…
-
ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়
ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় (Rajiv Gandhi University) ১৯৮৪ চনত স্থাপিত ভাৰতৰ, অৰুণাচল প্ৰদেশৰ দৈমুখত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনৰ আধাৰশিলা সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্থাপন কৰিছিল।
-
জামছেদপুৰ মহিলা বিশ্ববিদ্যালয়
জমছেদপুৰ মহিলা বিশ্ববিদ্যালয় পূৰ্বতে জমছেদপুৰ মহিলা মহাবিদ্যালয় এখন সাধাৰণ স্নাতক মহিলা মহাবিদ্যালয় আছিল। ১৯৫৩ চনত পেৰিন চি মেহতাই ভাৰতৰ ঝাৰখণ্ড ৰাজ্যত এই অনুষ্ঠানখণ প্ৰতিষ্ঠা কৰিছিল।১৯৬২ চনত দানবীৰ ৰতন টাটায়ে কলেজখনক নিজাকৈ কেম্পাছ নিৰ্মাণ কৰি উপহাৰ দিয়ে।